অসমীয়া কথাছবিলৈ নটসূৰ্য ফণী শৰ্মাৰ বৰঙনি

       ফণী শৰ্মা অসমৰ সাংস্কৃতিক জগতত এক আলোড়ন সৃষ্টিকাৰী নাম। ‘নটসূৰ্য’ উপাধিৰে বিভূষিত শৰ্মা ডাঙৰীয়াই অসমৰ মঞ্চ আৰু কথাছবি জগতৈ বিশিষ্ট বৰঙনি আগবঢ়াই থৈ গৈছে। ১৯৪৮ চনত তেওঁ বিঞ্চু ৰাভাৰ সৈতে যুটীয়াভাৱে লক্ষীধৰ শৰ্মাৰ বিখ্যাত গল্প ‘চিৰাজ’ৰ কথাছবি ৰূপ দিয়ে। এইখন কথাছবিয়ে জাতীয় সংহতিৰ ক্ষেত্ৰত এক শক্তিশালী ভূমিকা গ্ৰহণ কৰিছিল।  অসমীয়া কথাছবিৰ ক্ষেত্ৰত সুকাহিনী সু অভিনয়, সুপৰিচালনাৰ নিদৰ্শনৰূপে আজিও ‘চিৰাজ’ৰ এক উল্লেখযোগ্য তথা সন্মানজনক স্থান আছে। ফণী শৰ্মাই ‘চিৰাজ’ৰ নাম ভূমিকাত অভিনয় কৰি উচ্চমানৰ অভিনেতা হিচাপে স্বীকৃতি লাভ কৰে। বিঞ্চুৰাভা, ভূপেন হাজৰিকা আৰু প্ৰথমবাৰলৈ অনুপমা ভট্টাচাৰ্যকো শৰ্মাদেৱে এইখন কথাছবিত অভিনয় কৰোৱাইছিল।

       ১৯৫৫ চনত তেজপুৰৰ ৰূপজ্যোতি প্ৰতিষ্ঠানে নিৰ্মাণ কৰা অবিস্মৰণীয় কথাছবি ‘পিয়লি ফুকন’ৰ পৰিচালনা আৰু গোমধৰ কোঁৱৰৰ চৰিত্ৰটোত অভিনয় কৰি ফণী শৰ্মাই অসমীয়া কথাছবিত নিজকে অমৰ কৰি তুলিলে।

Leave a Comment