ৰূপকোঁকৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া কথাছবিৰ জনক। ভাৰতত সবাক কথাছবি নিৰ্মাণৰ পাঁচ বছৰৰ ভিতৰতে অসমৰ দৰে পিছপৰা অঞ্চলত আগৰৱালাদেৱে ছবি নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্য সঁচাকৈয়ে বিস্ময়কৰ। প্ৰয়োজনীয় সা-সুবিধা থকা ষ্টুডিঅ’ৰ অভাৱ থকা সত্ত্বেও আগৰৱালাদেৱে অতি সাহসিকতাৰে অসমতেই অসমীয়া ছবি নিৰ্মাণৰ কাম হাতত লয়। এই উদ্দেশ্য তেওঁ তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত বাঁহ-কাঠ, কলগছেৰে ষ্টুডিঅ’ নিৰ্মাণ কৰে আৰু লক্ষ্মীনাথ বেজবৰুৱা ‘জয়মতী’ নাটকৰ কাহিনী লৈ ‘জয়মতী’ কথাছবিৰ চিত্ৰগ্ৰহণ আৰম্ভ কৰে। সেইবাবে ১৯৩৪ চনটো কথাছবিৰ জগতৰ বাবে এটি গৌৰৱময় বছৰ। বিভিন্ন অভাৱক জ্যোতি প্ৰসাদে ধৈৰ্যসহকাৰে খণ্ড কৰি ১৯৩৫ চনৰ মাহৰ ১০ তাৰিখে কলিকতাত প্ৰথমখন অসমীয়া কথাছবি ‘জয়মতী’য়ে মুক্তি লাভ কৰে আৰু সেই বছৰৰ ২০ মাৰ্চত গুৱাহাটীত ৰাইজে ছবিখন চোৱাৰ সুবিধা পায়। এনেদৰে অসমীয়া কথাছবিৰ শুভাৰম্ভ হয়।
১৯৩৯ চনত জ্যোতিপ্ৰসাদে কলিকতাৰ ষ্টুডিঅ’ত মাত্ৰ দুদিন দৃশ্য গ্ৰহণ কৰি ‘ইন্দ্ৰ মালতী’ নামে দ্বিতীয় কথাছবিখন নিৰ্মাণ কৰে। এইখন প্ৰথম অসমীয়া সামাজিক ছবি।
১৯৪১ চনত তৃতীয়খন অসমীয়া কথাছবিৰ ‘মনোমতী’ নিৰ্মাণ হয়। জ্যোতিপ্ৰসাদেৰ সমসাময়িক ফনী শৰ্মা আৰু বিঞ্চুৰাভা এই দুয়োগৰাকী ব্যক্তিয়ে অসমৰ কথাছবি জগতত যথেষ্ট অৰিহণা আগবঢ়াই গৈছে। ১৯৪৮ চনত এই দুয়োগৰাকী ব্যক্তিয়ে যুটীয়াভাৱে লক্ষীধৰ ‘ছিৰাজ’ গল্পৰ কাহিনীক অসমীয়া কথাছবিৰ ক্ষেত্ৰত সু-কাহিনী, সু-পৰিচালনা, সু-অভিনয়ৰ নিদৰ্শনৰূপে আজিও কথাছবিপ্ৰেমীয়ে ‘ছিৰাজ’ৰ নাম লয়।
তেজপুৰৰ ৰূপজ্যোতি প্ৰতিষ্ঠানে ১৯৫৫ চনত নিৰ্মাণ কৰা ‘পিয়লি ফুকন’ অবিস্মৰণীয় কথাছবি। ছবিখনৰ পৰিচালক আছিল বিশিষ্ট অভিনেতা ফণী শৰ্মা। সংগীত পৰিচালক ৰূপে ড৹ ভূপেন হাজৰিকাই এই কথাছবিখনতেই প্ৰতিষ্ঠা লাভ কৰে।
‘মনোমতী’ৰ যোগেদি সংগীত পৰিচালকৰূপে আত্মপ্ৰকাশ কৰা কমল নাৰায়ণ চৌধুৰী প্ৰথম অসমীয়া ৰঙীন ছবি ‘ভাইটী’ৰ পৰিচালক।
১৯৫৫ চনত বৰুৱা আৰ্ট প্ৰডাকচনৰ বেনাৰত নিপ বৰুৱাই ‘স্মৃতিৰ পৰশ’ ছবি নিৰ্মাণৰ যোগেদি পশ্চিমবংগৰ চলচ্চিত্ৰ জগতৰ সামাজিক, ৰোমাণ্টিকধৰ্মী বিষয়বস্তু আৰু সহধৰ্মী নিবেদন শৈলীৰ বাট দেখুৱায়। দুবছৰ পিছত এই প্ৰতিষ্ঠানেৰে দ্বিতীয় কথাছবিৰ ‘মাক আৰু মৰম’এ ৰাষ্ট্ৰপতিৰ প্ৰশংসা পত্ৰ লাভ কৰে। ৰাষ্ট্ৰপতিৰ প্ৰশংসা পত্ৰ লাভ কৰা এইখনেই প্ৰথম অসমীয়া কথাছবি। বৰুৱাৰ দ্বাৰা পৰিচালিত ‘ৰঙা পুলিচ’ আৰু ‘সোণতৰা’ কথাছবি দুখনে অভূতপূৰ্বভাৱে দৰ্শকৰ জনপ্ৰিয়তা লাভ কৰাৰ লগতে ব্যৱসায়িক দিশেৰেও সফলতা লাভ কৰে।
১৯৫৯ চনত নিৰ্মিত ‘পূবেৰুণ’এ অসমীয়া সামাজিক কথাছবি জগতত নতুন প্ৰভাতৰ সূচনা কৰে। কথাকলি চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মিত ছবিখন পৰিচালনা কৰে বঙালী পৰিচালক প্ৰভাত মূখাৰ্জীয়ে। ছবিখন আন্তৰ্জাতিক বোলছবি মহোৎসৱত যোগ দিবলৈ বাৰ্লিনলৈ পঠিওৱা হৈছিল। বিদেশলৈ পঠিওৱাৰ যোগ্যতা প্ৰদান কৰা এইখনেই প্ৰথম অসমীয়া কথাছবি। এই ছবিখনত লণ্ডন ড্ৰেমটিক স্কুলৰ স্নাতক মাৰ্গাৰেট এণ্ডাৰছনেও অভিনয় কৰিছিল।
১৯৬৩ চনত প্ৰথম অসমীয়া হাস্য-ব্যংগ ৰসাত্মক কথাছবি ‘ইটো সিটো বহুতো’ নিৰ্মাণ কৰে ব্ৰজেন বৰুৱাই। ১৯৬৯ চনত ৰংঘৰ চিনে প্ৰডাকচনৰ বেনাৰত নিৰ্মাণ কৰা ‘ডা৹ বেজবৰুৱা’ ব্ৰজেন বৰুৱাৰ প্ৰথম ৰহস্যমূলক কথাছবি। চলচ্চিত্ৰ জগতত এইখনে বক্স অফিচৰ দিশেৰে চাঞ্চল্যৰ সৃষ্টি কৰে। ১৯৭০ চনত সমানে জনপ্ৰিয় আৰু অৰ্থকৰী কথাছবি ‘মুকুতা’ নিৰ্মাণ কৰি বৰুৱাই এই দিশত শ্ৰেষ্ঠত্ব অৰ্জন কৰে।
১৯৭০ চনৰ পৰা পৰীক্ষামূলক কথাছবি নিৰ্মাণৰ ধাৰা এটিৰ সূচনা হয়। গতানুগতিক কাহিনী এটিক কথাছবিৰ ব্যাকৰণৰ পৰিধিৰ মাজত ৰাখি ফণী তালুকদাৰ, অতুল বৰদলৈ, গৈৰী বৰ্মন আৰু মুনীন বায়নে যুটীয়াভাৱে ‘অপৰাজেয়’ নামৰ কথাছবিখন নিৰ্মাণ কৰে। ছবিখনত মুম্বাইৰ বিশিষ্ট অভিনেত্ৰী ৰাখিয়ে নায়িকাৰ ভাও লৈছিল। কথাছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্ব আছিল বিখ্যাত সংগীত পৰিচালক সলিল চৌধুৰী।
একেধৰণৰ নিবেদনশৈলীৰ দ্বিতীয়খন কথাছবি ‘গঙ্গা চিলনীৰ পাখি’ পৰিচালনা কৰে পদুম বৰুৱাই। ১৯৭৫ চনত চৰকাৰী সাহায্যৰ ছবিখন নিৰ্মাণ হয়।
ওপৰত উল্লেখ কৰা কথাছবিসমূহৰ উপৰি বিভিন্ন কথাছবি যেনে— ‘লখিমী’, ‘ৰঙা পুলিচ’, ‘চাকনৈয়া’, ‘উপৰ মহলা’, ‘কেচাসোন’, ‘শকুন্তলা’, ‘প্ৰতিধ্বনি’, ‘মমতা’, ‘মানৱ আৰু দানৱ’, ‘মৰীচিকা’, ‘উপগ্ৰহ’, ‘অভিযান’, ‘অভিমান’, ‘অৰণ্য’, ‘বৃষ্টি’, ‘খোজ’ আদি আকৰ্ষণীয় উচ্চমানৰ কথাছবি নিৰ্মিত হৈছে। অসমৰ কথাছবিৰ গতি মন্থৰ যদিও বৰ্তমানেও সি অব্যাহত আছে। গুণগত দৃষ্টিৰে অসমীয়া কথাছবিয়ে ভাৰতৰ ছবিজগতত উচ্চস্থান লাভ কৰাৰ সম্ভাৱনা নথকা নহয়।