ভাৰত আমাৰ মাতৃভূমি। ই পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰ। ইয়াৰ আয়তন ৩,২৮৭,২৬৩ বৰ্গ কিলোমিটাৰ, বৰফেৰে আবৃত হিমালয়ৰ উচ্চতাৰ পৰা দক্ষিণৰ গ্রীষ্মমণ্ডলীয় বৰ্ষাৰণ্যলৈকে বিস্তৃত৷ ই বিশ্বৰ সপ্তম বৃহত্তম দেশ। প্ৰায়ে কোৱা হয় যে ভাৰত এখন দেশ নহয় এখন উপ মহাদেশ।
পূবে বংগউপসাগৰ আৰু পশ্চিমে আৰব সাগৰ আৰু দক্ষিণে ভাৰত মহাসাগৰ।
উত্তৰ
দিশত আমাৰ পাহাৰৰ শৃংখল – হিমালয়। উত্তৰ পশ্চিমত আমাৰ থাৰ মৰুভূমি বা মহান ভাৰতীয় মৰুভূমি। পশ্চিম
আৰু পূব উপকূলৰ কাষে কাষে সমভূমি। হিমালয়ৰ তলৰ উত্তৰ দিশত ভাৰত-গংগা সমভূমি আছে।
দক্ষিণে
ডেকান মালভূমি। ডেকান মালভূমিক গ্ৰেট পেনিনচুলাৰ মালভূমি বুলিও কোৱা হয়। দক্ষিণে
পূৱ ঘাট আৰু পশ্চিম ঘাট।
মেঘালয়ৰ
চেৰাপুঞ্জীৰ পৰা ১৬ কিলোমিটাৰ দূৰত্বত অৱস্থিত মাউচিনৰাম বিশ্বৰ ভিতৰতে সৰ্বাধিক
বৰষুণ হোৱা আটাইতকৈ ভিজা ঠাই।
ভাৰতৰ
বিষয়ে অধিক জানি লওক
‘ভাৰত’ নামটো সিন্ধু নদীৰ পৰাই উদ্ভৱ
হৈছে, যাৰ চাৰিওফালে
উপত্যকাবোৰ আদিম বসতিপ্ৰধান লোকসকলৰ বাসস্থান আছিল।
ভাৰতৰ্ষতে সংখ্যা
ব্যৱস্থা উদ্ভাৱন কৰিছিল। শূন্য সংখ্যা আৱিষ্কাৰ কৰা বিজ্ঞানীজনেই আছিল
আৰ্যভট্ট।
ভাৰতত
খ্ৰীষ্টপূৰ্ব ১০০ চনত ‘স্থান মূল্য ব্যৱস্থা’ আৰু ‘দশমিক ব্যৱস্থা’ৰ বিকাশ ঘটিছিল।
সংস্কৃতক
বহু ভাষাৰ মাতৃ হিচাপে গণ্য কৰা হয়। কাৰণ ই আটাইতকৈ নিখুঁত, আৰু সেয়েহে কম্পিউটাৰ চফট্ ৱেৰৰ
বাবে উপযুক্ত ভাষা।
খ্ৰীষ্টপূৰ্ব ৭০০ চনত তক্ষিলাত বিশ্বৰ প্ৰথমখন বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা হৈছিল।
আয়ুৰ্বেদ হৈছে মানৱ জাতিৰ জনাজাত চিকিৎসা বিজ্ঞানৰ আদিম বিদ্যালয়। চিকিৎসা বিজ্ঞানৰ পিতৃ চৰকে প্ৰায় ২৫০০ বছৰ আগতে আয়ুৰ্বেদক একত্ৰিত কৰিছিল।
সুশ্ৰুতাক
অস্ত্ৰোপচাৰৰ পিতৃ হিচাপে গণ্য কৰা হয়। ২৬০০ বছৰতকৈও অধিক পূৰ্বে সুশ্ৰুতা আৰু
তেওঁৰ দলটোৱে চকুৰ ছানি পৰা, কৃত্ৰিম অংগ, চিজাৰিয়ান, ভাঙন, প্ৰস্ৰাৱৰ পাথৰ
আদি জটিল অস্ত্ৰোপচাৰ আৰু লগতে প্লাষ্টিক চাৰ্জাৰী আৰু মগজুৰ অস্ত্ৰোপচাৰ কৰিছিল।
বিশ্বৰ
প্ৰথমটো গ্ৰেনাইট মন্দিৰ হৈছে টেইলনাডুৰ তাঞ্জাৱুৰত থকা বৃহদীশ্বৰ মন্দিৰ।
সাপ আৰু
জখলাৰ খেলখন ত্ৰয়োদশ শতিকাৰ কবি সন্ত জ্ঞানদেৱে সৃষ্টি কৰিছিল। প্ৰথমে ইয়াৰ নাম
আছিল ‘মোক্ষপাট।’ খেলখনত জখলাবোৰে গুণক
প্ৰতিনিধিত্ব কৰে আৰু সাপে কু-অভ্যাসৰ ইংগিত দিয়ে।
বিশ্বৰ
আটাইতকৈ ডাঙৰ নিয়োগকৰ্তা হৈছে ভাৰতীয় ৰে’ল ব্যৱস্থা, ইয়াত ১৫ লাখতকৈ অধিক লোকে কৰ্মসংস্থাপন লাভ
কৰিছে।
আমাৰ
চুবুৰীয়া দেশসমূহ
ভাৰতৰ
প্ৰতিবেশী হিচাপে আঠখন দেশ আছে। সেইবোৰ হ’ল পাকিস্তান, আফগানিস্তান, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, ভূটান, নেপাল আৰু চীন।
১) ভাৰতৰ
উত্তৰ পশ্চিমে পাকিস্তান। ১৯৪৭ চনত তেতিয়াৰ ইংৰাজ শাসিত ভাৰত আৰু পাকিস্তানত
বিভক্ত হয়। ইয়াৰ সীমা ভাৰতীয় ৰাজ্য জম্মু আৰু কাশ্মীৰ, পঞ্জাব, ৰাজস্থান, আৰু গুজৰাটৰ সৈতে। ইয়াৰ আয়তন ৭,৯৬,০৯৫ বৰ্গ কিলোমিটাৰ আৰু ইয়াৰ জনসংখ্যা প্ৰায়
১৮ কোটি। ইছলামবাদ পাকিস্তানৰ ৰাজধানী। পাকিস্তানৰ চৰকাৰী ভাষা উৰ্দু।
২) ভাৰতৰ
উত্তৰ দিশত চীন। ভাৰতৰ সৈতে ইয়াৰ দীঘলীয়া সীমা আছে। চীনৰ আয়তন ৯৫,৭১,৩০০ বৰ্গ কিলোমিটাৰ। আৰু ১৯৪০ কোটিৰো অধিক
জনসংখ্যা। ইয়াৰ জনসংখ্যা বিশ্বৰ ভিতৰতে সৰ্বাধিক। বেইজিং চীনৰ ৰাজধানী। চীনৰ
চৰকাৰী ভাষা হৈছে মেণ্ডেৰিন চাইনিজ।
৩)
আফগানিস্তান ভাৰতৰ পশ্চিমে অৱস্থিত আৰু ইয়াৰ বেছিভাগ অংশ পাকিস্তানে পৃথক কৰিছে।
ইয়াৰ সীমা ভাৰতীয় ৰাজ্য জম্মু-কাশ্মীৰৰ সৈতে। ইয়াৰ আয়তন ৬৪৭,৫০০ বৰ্গ কিলোমিটাৰ। আৰু প্ৰায়
৩০ কোটি লোকৰ জনসংখ্যা। কাবুল আফগানিস্তানৰ ৰাজধানী। দাৰী(পেৰিছান) আৰু পাষ্টো
আফগানিস্তানৰ চৰকাৰী ভাষা।
৪) ভাৰতৰ
উত্তৰত নেপাল। ইয়াৰ আয়তন ১.৪৭,১৮১ বৰ্গ কিলোমিটাৰ, আৰু জনসংখ্যা প্ৰায় ৩ কোটি। কাঠমাণ্ডু নেপালৰ ৰাজধানী। নেপালৰ চৰকাৰী ভাষা
নেপালী।
৫) ভাৰতৰ
দক্ষিণ-পূব দিশত শ্ৰীলংকা এটা সৰু দ্বীপ। ইয়াৰ আয়তন ৬৫,৬১০ বৰ্গ কিলোমিটাৰ। আৰু জনসংখ্যা প্ৰায় ২
কোটি ১০ লাখ। কলম্বো শ্ৰীলংকাৰ ৰাজধানী। শ্ৰীলংকাৰ চৰকাৰী ভাষা সিংহল আৰু তামিল।
৬)
বাংলাদেশ ভাৰতীয় ভূখণ্ডেৰে আগুৰি আছে। ইয়াৰ আয়তন ১,৪৭,৫৭০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ১৫.৬ কোটি। ঢাকা বাংলাদেশৰ
ৰাজধানী। বাংলাদেশৰ চৰকাৰী ভাষা বাংলা।
৭) ভাৰতৰ
উত্তৰ দিশত ভূটান। ইয়াৰ আয়তন প্ৰায় ৪৭,০০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ২৩ লাখ।
থিম্ফু ভূটানৰ ৰাজধানী। ভূটানৰ চৰকাৰী ভাষা হৈছে ডোংখা।
৮) ভাৰতৰ
পূব দিশত ম্যানমাৰ। ইয়াৰ আয়তন প্ৰায় ৬,৭৮,৫০০ বৰ্গ কিলোমিটাৰ আৰু জনসংখ্যা প্ৰায় ৫.৫ কোটি। নয়পিডাউ ম্যানমাৰৰ
ৰাজধানী। ম্যানমাৰৰ চৰকাৰী ভাষা বাৰ্মিজ।