অসমৰ মিচিং জনগোষ্ঠীৰ এক বসন্ত উৎসৱ আলি আঃয়ে লৃগাং (Ali-Ai-ligang)। প্ৰতি বছৰে মিচিংসকলে ফাগুন মাহৰ প্ৰথম বুধবাৰটোত শস্য বা কঠীয়া সিঁচাৰ আৰম্ভণি এই উৎসৱ উৎসৱ বুলি পালন কৰা হয়। আগতে ফাগুন, চ‘ত বা ব‘হাগ মাহৰ কোনো এটা দিনত এই উৎসৱ পালন কৰিছিল যদিও ১৯৫৬ চনত মিচিংসকলৰ বৃহত্তম আৰ্থ-সামাজিক অনুষ্ঠান বানে কেবাঙে (সেই সময়ৰ নাম আছিল নানে কেবাং) আলি আঃয়ে লৃগাং উৎসৱ ফাগুন মাহৰ প্ৰথম বুধবাৰে পালন কৰিবৰ বাবে প্ৰস্তাৱ আগবঢ়ায় আৰু তেতিয়াৰ পৰাই ফাগুন মাহৰ প্ৰথম বুধবাৰে এই উৎসৱ পালন কৰা হয়। আলি আঃয়ে লৃগাং মানে হৈছে শস্য সিঁচাৰ প্ৰথম দিন, মিচিং ভাষাত ইয়াক “আলি” মানে শস্যৰ বীজ, “আঃয়ে” মানে ফল আৰু “লৃগাং”। এই উৎসৱত মিচিং জনগোষ্ঠীসকলে শস্য সিঁচাৰ লগতে বুঢ়া-বুঢ়ী, ডেকা-গাভৰু সকলোৱে মিলা প্ৰীতিৰে ভোজভাত খাই নানান নৃত্য-গীত কৰে। এই আলি আঃয়ে লৃগাং শুভেচ্ছা কেনেকৈ মানুহক শুভেচ্ছা জনাব পাৰি তাৰে কেইবাটামান আলি আঃয়ে লৃগাংৰ শুভেচ্ছা তলত দিয়া হৈছেঃ-
- আলি আঃয়ে লৃগাংৰ শুভ ক্ষণত মিছিং সম্প্ৰদায়ৰ বয়োজ্যেষ্ঠ, যুৱক-যুৱতী আৰু মোৰ সমনীয়া সকললৈ মোৰ আন্তৰিক শুভেচ্ছা। এই উল্লাসৰ উৎসৱে কৃষক জনগণ আৰু ৰাজ্যবাসীৰ বাবে আনন্দ আৰু আনন্দৰ বতৰৰ সূচনা কৰক।
- মিছিং জনজাতিৰ ভাই-ভনীসকললৈ আমাৰ উষ্ম শুভেচ্ছা। শুভ আলি আঃয়ে লৃগাং
- আলি আঃয়ে লৃগাংৰ উৎসৱৰ বিশেষকৈ সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোকে শস্য, সমৃদ্ধি আৰু সুখৰ বাবে আশীৰ্বাদৰ বৰষুণ দিবলৈ সৰ্বশক্তিমানক প্ৰাৰ্থনা জনাইছো।
- আলি আঃয়ে লৃগাং মহোৎসৱৰ শুভক্ষণত সমূহ মিছিং ভাইলৈ মোৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ঐশ্বৰিক উৎসৱে সকলোৰে বাবে সুখ, সমৃদ্ধি আৰু এটা ভাল শস্য কঢ়িয়াই আনক।
- মিছিং জনগোষ্ঠীৰ বসন্ত উৎসৱ আলি আঃয়ে লৃগাং উপলক্ষে শুভেচ্ছা জনাইছো। এই উৎসৱে সকলোৰে মাজত শান্তি, ঐক্য আৰু ভাতৃত্ববোধ কঢ়িয়াই আনক।
- আলি আঃয়ে লৃগাং মহোৎসৱ উপলক্ষে সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। এই ঐশ্বৰিক উৎসৱে সকলোকে শান্তি, ভাল শস্য আৰু সুস্বাস্থ্যৰে উজ্জ্বল কৰক।
- আলি আঃয়ে লৃগাং উৎসৱে আমাৰ সমাজত ঐক্যৰ বান্ধোন আৰু অধিক শক্তিশালী কৰক আৰু সকলোৰে জীৱন শান্তি, সমৃদ্ধি আৰু সুখেৰে ভৰাই তোলক।