এই বিলিও ভোগালী বিহু
পুহমহীয়া শীতেৰে শীতল সময়ৰ বোকোচাত উঠি আকৌ আহিছে অসমবাসীৰ হেঁপাহৰ মাঘ বিহু, ভোগৰ বিহু ভোগালী। লগে ভাগে হেঁপাহৰ এসাঁজ খোৱাৰ দিন। মহামাৰী কোৰোনাৰ বিভীষিকা, লকডাউনে সৃষ্টি কৰা প্ৰতিকূল পৰিস্হিতিৰ পৰা কিছু সকাহ পোৱাৰ পৰৱৰ্তী পৰ্যায়ত অসমবাসীয়ে মুকলি মনেৰে পালন কৰিবলৈ আগবাঢ়িছে ভোগালী বিহু। কোৰোনা লকডাউনে বিধ্বস্ত কৰি যোৱা অৰ্থনীতিৰ মাজত বাপতি সাহোন মাঘ বিহু পালন কৰিবলৈ গৈ উজুতি খাইছে ৰাইজে। সেয়ে ক’ভিডভীতি কমিছে যদিও বিহুৰ উচাহ তুলনামূলকভাৱে কম হোৱা দেখা গৈছে।অত্যাৱশ্যকীয় সামগ্ৰী, ভোগালীৰ ভোগ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিয়ে পেপুৱা লগাইছে হেঁপাহৰ ভোগালী বিহুক আদৰিবলৈ প্ৰস্তুত হোৱা জনগণক। তথাপি পৰম্পৰাগত ৰীতি–নীতিক সাৰোগত কৰিছে ভোগালী বিহু উদযাপন কৰিবলৈ সাজু হৈছে অসমবাসী ৰাইজ।
বিভিন্ন আৰ্হিত এইবোৰো ঠায়ে ঠায়ে আটকধুনীয়াকৈ সজা হৈছে ভেলাঘৰ। ৰংঘৰ, নামঘৰ, তাজমহল, হেলিকপ্টাৰৰ আৰ্হিত এইবাৰ কোৰোনা ভাইৰাছৰ প্ৰতীকেও স্হান পাইছে। অৱশ্যে ৰাজ্যত প্ৰান্তে প্ৰান্তে ম’হ যুঁজ, কুকুৰা যুঁজ, বুলবুলি যুঁজ, কণী যুঁজ, শেন যুঁজ আদি খেলসমূহ মানুহৰ মাজত পাৰভগা উলাহ। ইপিনে ভোগালী বিহুৰ চিৰা, সান্দহগুড়ি, পিঠাগুড়ি খুন্দাৰ বাবে ঢেঁকীশালত ব্যস্ত হৈ পৰিছে গাওঁৰ জীয়ৰী–বোৱাৰীসকল। এক কথাত ঢেঁকীৰ শব্দত প্ৰাণ পায় উঠিছে বহু গাওঁ। ইয়াৰ বিপৰীতে নগৰ–চহৰ কিন্তু নাই ঢেঁকীৰ শব্দ, নাই ভোগালী আয়োজনৰ এনে প্ৰাণময় পৰিৱেশ। নগৰীয়া লোকসকলক চিৰা–পিঠা, দৈ–মাখন, গুড় আদি ভোগালীৰ ভোগৰ যোগান ধৰিবলৈ বজাৰে–হাটে, অলিয়ে–গলিয়ে বহিছে অসংখ্য অস্হায়ী পোহাৰ। অৱশ্যে অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ পৰিপ্ৰেক্ষিতত এতিয়ালৈ বজাৰ অথবা এনে ভোগালী মেলাত জনগণৰ ভিৰ পৰিলক্ষিত হোৱা নাই। ছাগলী মাংস, কুকুৰা মাংস, হাঁহ মাংস, মাছ আদি মাংসবোৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বাবে বজাৰত জুই ছাই দাম হোৱা দেখা গৈছে। এই দাম পিছলৈ অত্যধিক হাৰত বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।