ভাৰত চৰকাৰৰ গৃহ পৰিক্রমা দপ্তৰৰ অধীনত পৰিচালিত সশস্ত্র সীমা বল(Sashastra Seema Bal) অর্থাৎ এছ এছ বিত মুকলি হৈছে চাকৰি লাভৰ সুযোগ৷ অর্হতাসম্পন্ন পুৰুষ–মহিলা উভয় শ্রেণীৰ প্রার্থীৰ পৰা আবেদন পত্ৰ বিচৰা হৈছে।
Head Constable-Ministerial পদসমূহ Group-‘C’ NON-GAZETTED পর্যায়ৰ Head Constable-Ministerialৰ পদ ১১৫টাৰ ভিতৰত অসংৰক্ষিত ৪৭টা, আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীৰ বাবে ১১টা, অ’ বি চিৰ ২৬টা, এছ চিৰ ২১টা আৰু এছ টি শ্রেণীৰ প্রার্থীৰ বাবে ১০টা পদ সংৰক্ষিত থাকিব৷ আবেদনকাৰীৰ বয়স ১৮–২৫ বছৰৰ ভিতৰত হ’ব লাগিব৷ প্রার্থীৰ বয়সৰ সিমা এছ টিৰ ৫ বছৰ, অ বি চিৰ ৩, প্রাক্তন কর্মচাৰীৰ ৩ আদি, ইয়াৰ বিষয়ে বিতংগকৈ জানিবলৈ হলে তলত বিজ্ঞাপন জাননিৰ লিক্কত কৰি চাই লব পাৰে।প্রার্থী চৰকাৰী স্বীকৃতিপ্রাপ্ত ব’ড/বিশ্ববিদ্যালয়ৰ পৰা Intermediate/Senior Secondary উত্তীর্ণ হোৱা হ’ব লাগিব৷
কম্পিউটাৰত প্রতি মিনিটত ৩৫টা ইংৰাজী শব্দ টাইপিং কৰিব পৰা বা প্ৰতি মিনিটত ৩০টা হিন্দী শব্দ টাইপিং কৰিব পৰা হ’ব লাগিব৷ দৰমহাৰ নিৰিখ মাহে ২৫,৫০০–৮১,১০০ টকা আবেদন মাচুল হিচাপে ১০০ টকা অসংৰক্ষিত, অ’ বি চি, এম অ’ বি চি আৰু আর্থিকভাৱে পিছপৰা শ্রেণীৰ প্রার্থীয়ে নেট বেংকিং/ক্রেডিট কার্ড/ডেভিট কার্ডৰ মাধ্যমেৰে এছ এছ বিৰ কাৰণে পৰিশোধ কৰিব লাগিব৷
অৱশ্যে এই মাচুল এছ টি, এছ চি, প্রাক্তন কর্মচাৰী আৰু মহিলা প্রার্থীয়ে পৰিশোধ কৰিব নালাগে৷ আগ্রহীসকলে বিজ্ঞাপন বিষয়ক সবিশেষ তথ্যৰ লগতে পদৰ বাবে থাকিবলগীয়া অন্যান্য চর্তাৱলীকে ধৰি অনলাইনযোগে আবেদন দাখিল কৰিবলৈ এছ এছ বিৰ ৱেবছাইট http://www.ssbrectt.gov.in/ বা https://applyssb.com/hcmin2021/applicationIndex লগ–ইন কৰিব পাৰে৷ বিজ্ঞাপনসমূহ সম্পূৰ্ণভাবে জানিবলৈ পি ডিএফ ফাইলত ক্লি্ক কৰক। যিসকলে নতুনকৈ কৰিব তেওঁলোকে নিজৰ নাম পঞ্জীয়ন কৰিব লাগিব। অনলাইনযোগে আবেদন দাখিলৰ অন্তিম তাৰিখ ২৮ আগষ্ট, ২০২১৷