‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযান । কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি)

কেন্দ্ৰীয় চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত ‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযানৰ অধীনত সকলো কৃষকলৈ কিষাণ ক্ৰেডিট কাৰ্ড (কে চি চি) প্ৰদানৰ ব্যাপক অভিযান ২৪ এপ্ৰিলৰ পৰা ১ মে’, ২০২২ লৈকে থাকিব। সবিশেষ জানিবলৈ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।

  • কেন্দ্ৰীয় চৰকাৰৰ ‘কিষাণ ভাগীদাৰী প্ৰাথমিক্‌তা হামাৰী’ অভিযানৰ জৰিয়তে কিষাণ ক্ৰেডিট কাৰ্ড লাভ নকৰা কৃষকসকলক কাৰ্ড প্ৰদানৰ ব্যৱস্থা।
  • ২৪ এপ্ৰিল ২০২২ৰ পৰা বেংকসমূহৰ উদ্যোগত আৰু জিলা প্ৰশাসন, সংশ্লিষ্ট বিভাগ, নাবাৰ্ড আৰু স্থানীয় পঞ্চায়তৰ সহযোগত যোগ্য হিতাধিকাৰীলৈ কে চি চি প্ৰদানৰ বাবে সপ্তাহজোৰা ব্যাপক অভিযান।
  • পঞ্চায়তীৰাজ বিভাগৰ দ্বাৰা দেশৰ সকলো গাঁও পঞ্চায়তক সামৰি ২৮ এপ্ৰিল ২০২২ তাৰিখে অনুষ্ঠিত হ’বলগীয়া বিশেষকৈ সকলো পি এম কিষাণ হিতাধিকাৰীক কে চি চিৰ জৰিয়তে সামৰি লোৱাৰ বাবে বিশেষ উদ্যোগ।
  • কে চি চিয়ে সামৰি লোৱা সকলোধৰণৰ ক্ষেত্ৰ যেনে – কৃষি, পশুপালন, দুগ্ধ খণ্ড আৰু মৎস্যপালনৰ সৈতে জড়িত সৰ্বাধিক সংখ্যক কৃষক/পি এম কিষাণ হিতাধিকাৰীক কে চি চি প্ৰদানৰ ব্যৱস্থা।
  • প্ৰধানমন্ত্ৰী জন ধন যোজনাৰ বিভিন্ন সামজিক সুৰক্ষামূলক আঁচনি যেনে- প্ৰাধানমন্ত্ৰী বীমা যোজনা/প্ৰধানমন্ত্ৰী জীৱন জ্যোতি বীমা যোজনা/অটল পেন্সন যোজনাই সামৰি লোৱা সকলো যোগ্য কৃষকক কে চি চি জৰিয়তে সামৰি লোৱাৰ ব্যৱস্থা।

Leave a Comment