কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৬২)
যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্ৰ কৃষ্ণকান্ত সন্দিকৈয়ে ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেস পৰীক্ষা পাছ কৰি কটন কলেজত আই.এ.লৈকে পঢ়ে। কলকাতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. পাছ কৰে। ১৯১৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ এম.এ. পাছ কৰে। বিলাতত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও পাছত গৈ বুৰঞ্জী বিষয়ত সন্মানসহ এম.এ. ডিগ্ৰী লাভ কৰে। তেওঁ প্ৰথমে জে.বি. কলেজৰ প্ৰতিষ্ঠাপক অবৈতনিক অধ্যক্ষ আছিল আৰু পৰৱৰ্তী পৰ্যায়ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য ৰূপে নিযুক্ত হয়।
সংস্কৃত সাহিত্যত অগাধ পাণ্ডিত্য থকা সন্দিকৈ ডাঙৰীয়াই কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰি গৈছে। তদুপৰি ‘বাহী’, ‘মিলন’, ‘আৱাহন’ আৰু ‘চেতনা’ আদি আলোচনীত অনেক মূল্যৱান প্ৰৱন্ধ লিখি অসমীয়া ভাষা সাহিত্যৰ ভঁৰাললৈ আগবঢ়াই গৈছে অমূল্য বৰঙণি।
তেওঁৰ পাণ্ডিত্য আৰু শৈক্ষিক জগতলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতি ৰূপে চৰকাৰে তেওঁক ‘পদ্মশ্ৰী’ আৰু ‘পদ্মভূষণ’ সন্মানেৰে বিভূষিত কৰে।
FQA
১. অসমত কোন চনত প্ৰথম ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠান কৰা হয়?
১৮৩৫ চনত প্ৰতিষ্ঠিত অসমৰ প্ৰথম ইংৰাজী মাধ্যমৰ বিদ্যালয়।
২. অসমত কোন চনত দ্বিতীয়খন ইংৰাজী বিদ্যালয় প্ৰতিষ্ঠান কৰা হয়?
দ্বিতীয়খন ১৮৪১ চনত শিৱসাগৰত স্থাপিত হয়।
৩. ভাৰতীয় প্ৰথম আই.চি.এছ কোন হৈছিল?
প্ৰথম ভাৰতীয় আই.চি.এছ. হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰ জ্যেষ্ঠ ভাতৃ সত্যেন্দ্ৰনাথ ঠাকুৰ।
৪. আগতে কেনেকৈ আই.চি.এছ. কেনেকৈ হৈছে?
ই এক প্ৰশাসনৰ বাবে প্ৰতিযোগিতামূলক পৰীক্ষা। ইয়াৰ জৰিয়তে ব্ৰিটিছ চৰকাৰে প্ৰশাসনৰ পৰিচালনাৰ বাবে সুদক্ষ প্ৰশাসক নিৰ্বাচন কৰিছিল। এই পৰীক্ষা দুটি পৰ্যায়ৰ আছিল। প্ৰথম পৰ্যায়টো মুক্ত প্ৰতিযোগিতা। ইয়াত উত্তীৰ্ণ হোৱা সকলে দ্বিতীয় পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিছিল। আনন্দৰাম বৰুৱাই ১৮৭০ চনত আই.চি.এছ.ৰ মুক্ত পৰীক্ষাত ৩৮ তম স্থান লাভ কৰিছিল আৰু ১৮৭২ চনত দ্বিতীয়টি পৰীক্ষাত সপ্তম স্থান পাইছিল।