কৈশোৰ কালত মাধ্যমিক শিক্ষাৰ গুৰুত্ব সম্পর্কে

মাধ্যমিক স্তৰৰ শিক্ষাই প্রাথমিক স্তৰৰ শিক্ষাৰ বিকাশ ঘটাই
উচ্চস্তৰৰ শিক্ষাত প্ৰৱেশৰ

অধিকাৰ
সাব্যস্ত কৰাৰ লগতে ইয়াক স্বয়ংসম্পূৰ্ণ কৰি তোলে। এই স্তৰতে শিক্ষাৰ্থীয়ে নিজৰ
যোগ্যতা
, অভিৰুচি
আৰু প্ৰয়োজন অনুসৰি জীৱনৰ বাবে প্ৰয়োজনীয় পথত অগ্ৰসৰ হ
ব পাৰে। সুপৰিকল্পিতভাৱে গঢ় দিয়া মাধ্যমিক শিক্ষাইহে
কৈশোৰৰ ভিন্নমুখী চাহিদাসমূহ পূৰণ কৰি ভৱিষ্যত জীৱনৰ লক্ষ্যত উপনীত
 হোৱাত অৰিহনা যোগায়। ভাষা, শিক্ষণ, গণিত, বিজ্ঞান আৰু সমাজ বিজ্ঞান আদিৰ
দৰে বিষয়সমূহে
 কৈশোৰ কালত মাধ্যমিক শিক্ষাৰ ক্ষেত্ৰত গুৰুত্ব প্ৰদান কৰে।
কাৰিকৰী বিদ্যা
, স্বাস্থ্য আৰু শাৰীৰিক শিক্ষাপৰিৱেশ বিজ্ঞানৰ শিক্ষা, যৌন শিক্ষা আৰু জন শিক্ষা, মানৱ অধিকাৰ আৰু শান্তিৰ শিক্ষা, মূল্যবোধৰ শিক্ষা ইত্যাদি বিষয়ৰ অন্তৰ্ভুক্তকৰণে
মাধ্যমিক স্তৰত শিক্ষাক স্বয়ংসম্পূৰ্ণ কৰি তুলিছে। ইয়াৰ ফলত কিশোৰ-কিশোৰী দৈহিক
, মানসিক, সামাজিক সম্পর্কীয় চাহিদাসমূহ
পূৰণ হ
ব বুলি
ভবা হৈছে।



Leave a Comment