কিশোৰ-কিশোৰীৰ আৱেগিক দিশৰ বিকাশ পূৰ্ণতম বুলি ক‘ব পাৰি। আবেগ-অনুভূতিৰ
অত্যধিক
প্ৰৱণতাৰ ফলত কেতিয়াবা কিশোৰ-কিশোৰীৰ জীৱন সম্পূৰ্ণভাৱে আৱেগে পৰিচালিত কৰে। সমাজৰ চৰম বিকাশৰ ফলত তেওঁলোকৰ
অন্তৰত আলোড়নৰ সৃষ্টি হয়। ইয়াৰ ফলতে তেওঁলোকৰ মন কেতিয়াবা অতি আশাবাদী হৈ পৰে
আৰু কেতিয়াবা ইয়াৰ বিপৰীত হৈ পৰে৷ আশা-নিৰাশাৰ দোমোজাত পৰি কেতিয়াবা আনৰ লগত লগ
হোৱাটোৱে সমস্যাৰ সৃষ্টি কৰে। সুস্থভাৱে মনক পৰিচালনা কৰিব নোৱৰাৰ ফলত বহুতো ক্ষেত্ৰত
কিশোৰ-কিশোৰী বিদ্রোহী হৈ উঠা দেখা যায়। পৰিয়ালৰ আৰু সমাজৰ প্ৰতি নেতিবাচক মনোভাৱ পোষণ কৰা
এনে কিশোৰ-কিশোৰীক সময়মতে সু-শিক্ষা দিব নোৱাৰিলে অপৰাধ প্ৰৱণতাৰ সৃষ্টি হোৱা
দেখা যায়।