চেতাৰ(Sitar) এবিধ তাঁৰযুক্ত বাদ্যযন্ত্ৰ। ভাৰতত বিশেষভাৱে প্ৰচলিত চেতাৰক সাধাৰণতে তানপুৰা আৰু তবলাৰ লগত একক বাদ্য হিচাপে বজোৱা হয়। অৱশ্য দলীয় বাদ্য হিচাপেও চেতাৰৰ ব্যৱহাৰ আছে।
ভাৰতীয় শাস্ত্ৰীয় সংগীতত চেতাৰ এবিধ প্ৰভাৱশালী বাদ্য। মধ্যযুগত, মুছলমান ৰজাসকলৰ ৰাজত্বৰ সময়ত সম্ভৱতঃ ইয়াক টানবুৰ (মধ্যপ্ৰাচ্যত প্ৰচলিত বীণাৰ দৰে, দীঘলীয়া বাদ্যযন্ত্ৰ) আৰু বীণাৰ সমন্বয়ত তৈয়াৰ কৰা হৈছিল। টানবুৰৰ দৰে ইয়াৰো গভীৰ, ডাঙৰ নাচপতিৰ দৰে আকাৰৰ এটা অংগ আছে। দীঘল অংগ এটাও ইয়াৰ লগত সংযুক্ত। ধাতৱ তাঁবোৰ তাৰ ওপৰত সংলগ্ন হৈ থাকে। সমুখত আৰু কাষত ‘টিউনিং পেগ’বোৰ থাকে। পৰম্পৰাগত চেতাৰবোৰৰ নিৰ্মাণত শুকান ৰঙালাওৰ খোলা আৰু কাঠ ব্যৱহাৰ কৰা হৈছিল।
চেতাৰত সাধাৰণতে পাঁচডাল মূল সুৰ সৃষ্টিকাৰী তাঁৰ থাকে। তদুপৰি তলফালে আৰু পাঁচ বা ছডাল গভীৰ সুৰ কম্পন সৃষ্টিকাৰী তাঁৰ থাকে। এই তাঁৰকেইডাল তাল ৰাখিবৰ বাবেও ব্যৱহাৰ কৰা হয়। উত্তল অংশটোৰ তলত ৯-ৰপৰা ১৩ডাল ‘হিমপেথেটিক’ (Sympathetic) তাৰ থাকে। প্গ-বক্সটোৰ ফালে শব্দৰ অনুনাদ সৃষ্টিৰ বাবে বীণাৰ দৰে এটা অংশ থাকে। তিনিডাল তাঁৰ থকা চেতাৰক ‘ত্ৰিতন্ত্ৰী বীণা’ বুলিও কোৱা হয়। সোঁহাতৰ তৰ্জনী আঙুলিত পিন্ধি লোৱা এবিধ তাঁৰৰ অংশৰদ্বাৰা (‘মিজৰাব’) ইয়াক বজোৱা হয়। চেতাৰ বহি বজোৱা বাদ্য।
ষাঠি আৰু সত্তৰৰ দশকত পশ্চিমৰ দুটা সংগীত দল বিটলছ আৰু ষ্টিভ মিলাৰ বেণ্ডে ব্যৱহাৰ কৰাৰ পাছত চেতাৰ পশ্চিমীয়া সংগীততো জনপ্ৰিয় হৈ উঠে।
ভাৰতৰ বিখ্যাত চেতাৰবাদকসকলৰ ভিতৰত বিলায়েৎ খান আৰু পণ্ডিত ৰবি শংকৰৰ নাম বিশেষভাৱে উল্লেখযোগ্য। চেতাৰৰ সমগোত্ৰীয় এবিধ বাদ্য হ’ল সুৰবাহাৰ। ডাঠ তাঁৰযুক্ত আৰু নিম্ন স্বৰত বন্ধা সুৰবাহাৰ হিন্দুস্তানী সংগীতৰ ধ্ৰুপদ গায়নত বজোৱা হয়।