ছাত্ৰ আৰু ৰাজনীতি

       ৰাজনীতি শব্দটোৰ অৰ্থ হৈছে ৰজাৰ ৰাজ্যশাসনৰ যি নীতি সেয়াই ৰাজনীতি। একেদৰে বৰ্তমান গণতান্ত্ৰিক সমাজ ব্যৱস্থাত এনে ধৰণৰ ৰজাৰ শাসন ব্যৱস্থা নাই যদিও ঠিক একে ধৰণৰ শাসন তথা ৰাষ্ট্ৰ পৰিচালনাৰ নীতি প্ৰচলন আছে। এক নিৰ্দিষ্ট শাসন নীতিৰ জৰিয়তে ৰাষ্ট্ৰ এখন পৰিচালনা হয়। বৰ্তমান সময়ত এই ৰাজনীতি শব্দটোৰ পৰিসৰ অতি ব্যাপক হৈ পৰিছে। বিভিন্ন সংগঠনসমূহে ৰাষ্ট্ৰ পৰিচালনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত নোহোৱাকৈয়ে ৰাষ্ট্ৰ সম্পৰ্কীয় যিবোৰ চিন্তা-চৰ্চা কৰে তাকো ৰাজনীতি বুলিয়েই ধৰা হয়। আজিকালি এই ৰাজনীতি তথা ৰাষ্ট্ৰৰ নীতিৰ যি বহিঃপ্ৰকাশ সি হৈ পৰিছে এক লোভ, ক্ৰুৰতাৰে ভৰপূৰ এক পদ্ধতি। একে সময়তে ক’বলৈ গ’লে দেশ এখনৰ ছাত্ৰসকল একোখন ভৱিষ্যত সমাজৰ প্ৰতীকস্বৰূপ। যিদৰে এই ছাত্ৰসকলৰ দ্বাৰাই একোখন সুস্থিৰ ভৱিষ্যত সমাজ গঢ়ি উঠিব পাৰে। এই ছাত্ৰসকলৰ মাজতে লুকাই থাকে একো একোটা সুপ্ত প্ৰতিভাৰ। যাৰ সহায়ত ছাত্ৰ আৰু ৰাজনীতিৰ সম্পৰ্কৰ দিশটোৱে ভৱিষ্যত দিশে আগুৱাই নিয়াত সহায় কৰে।

image source: thehimalayantimes

       ৰাজনীতি আৰু ছাত্ৰ সমাজৰ সুসম্পৰ্কতে দেশ এখনৰ সকলো কথা চালি-জাৰি চোৱা যায়। সময়ৰ পৰিৱৰ্তিত প্ৰেক্ষাপটত কেৱল অধ্যয়নক লৈ ছাত্ৰসকলে ব্যস্ত থাকি সামাজিক-সাংস্কৃতিক দিশত চকু মুদা কুলি হৈ থাকিলে নহ’ব। তেওঁলোক হ’ব লাগিব এক নতুন চেতনাৰ বাহক, যি হ’ব দেশ, কাল, স্বদেশ, স্বজাতিৰ প্ৰতি দায়বদ্ধতাৰ অন্যতম প্ৰেৰণাৰ উৎস।

       প্ৰতিখন বিদ্যালয়, প্ৰতিখন মহাবিদ্যালয়তে একোখন ছাত্ৰ একতা সভাই গুৰুত্বতা লাভ কৰি আহিছে। এই ক্ষেত্ৰত ছাত্ৰ সমাজৰ সমস্যা, অভাৱ-অভিযোগ নিৰ্মূলকৰণৰ বাবে এনে ছাত্ৰ একতা সভা তথা ছাত্ৰগোটৰ একান্ত প্ৰয়োজন বুলি ভবা যায়। কেতিয়াবা কেতিয়াবা আকৌ এই ছাত্ৰগোটৰ লগত পৰোক্ষভাৱে ভূমিকা গ্ৰহণ কৰি ছাত্ৰ সমাজক বিপথে পৰিচালিত কৰাও পৰিলক্ষিত হয়। আচল কথাত ক’বলৈ গ’লে ছাত্ৰ আৰু ৰাজনীতিৰ সুসম্পৰ্ক থাকিলেও যিমানদূৰ সম্ভৱ পাৰি এই ধৰণৰ ছাত্ৰগোটসমূহে ৰাজনৈতিক দলসমূহৰ পৰা আঁতৰি থাকি তেওঁলোকে সমাজৰ হকে কাম কৰি যাবলৈ আৰু  অভিভাৱকসকল সদা সতৰ্ক সৎ দিহা-পৰামৰ্শ প্ৰদান কৰি ছাত্ৰগোটসমূহক আগুৱাই যাবলৈ প্ৰেৰণা যোগাব লাগে।

         ৰাজনীতিবিদসকল গঢ় লৈ উঠে ছাত্ৰজীৱনক প্ৰাৰম্ভিক ভেটি হিচাপে লৈ। ওই ক্ষেত্ৰত ছাত্ৰ সমাজে সদায় সচেতন হ কাম কৰি যাব লাগে যাতে সমাজ জীৱনত তথা তেওঁলোকৰ জীৱনত ৰাজনীতিয়ে কোনো ধৰণৰ কুপ্ৰভাৱ নেপেলায়। এহাতে ছাত্ৰ জীৱনৰ ভৱিষ্যতক লৈ ৰাজনীতিত নামিলে কোনোদিনে শিক্ষাৰ সঠিক দিশত উপনীত হ’বলৈ ছাত্ৰসমাজে আহৰি নাপাব। সেয়ে সময় থাকোঁতে ৰাজনীতিৰ দৰে এক কু-চক্ৰৰ বলি নহৈ সকলো ছাত্ৰসমাজে অধ্যয়নৰ প্ৰতি গুৰুত্ব প্ৰদান কৰিব লাগে।

       বহুতো হয়তো এই ক্ষেত্ৰত সহমত দিব পাৰে যে ৰাজনীতিলৈ ছাত্ৰ সমাজক টানি অনাটো অতি গুৰুত্বপূৰ্ণ। কাৰণ ছাত্ৰ সমাজক মূল বেটি তথা তেওঁলোকক হাতৰ হেতালি হিচাপে লৈ ৰাজনীতি কৰিলে ৰাজনীতিত সফল হ’ব পাৰি। কিন্তু প্ৰকৃত অৰ্থত এই ৰাজনীতিৰ মেৰপাকত যি ছাত্ৰ সমাজে এবাৰলৈ সোমাই পৰিছে সেই ছাত্ৰসমাজ কেতিয়াও সঠিক দিশত আগবাঢ়িব নোৱাৰিব। কাৰণ তেওঁলোকৰ মূল লক্ষ্য আৰু উদ্দেশ্যই হ’ল অধ্যয়ন। কিন্তু ৰাজনীতিৰ পাকচক্ৰত পৰি অধ্যয়নপটু ছাত্ৰসমাজ কেতিয়াও উন্নতিৰ জখলাত বগাব নোৱাৰিব।

       বৰ্তমান ভাৰতৰ ৰাজনীতি এক অৰ্থলুলোপ ৰাজনীতি। এক কুচক্ৰান্ত, লালসাৰে ভৰপূৰ এক ৰাজনীতিত পৰি বহুতো ছাত্ৰ সমাজ নিগমে ধ্বংস হ’ব পাৰে বা হৈছেও। কিন্তু এনে ৰাজনৈতিক দলবোৰৰ‘বলিৰ পঠা’ হোৱাৰ আশংকাই বহুত বেছি। গতিকে সকলো ছাত্ৰ সমাজে এনে ধৰণৰ ৰাজনীতিৰ পৰা আঁতৰি থকাটোৱে শ্ৰেয় বুলি ভবা উচিত।

       সাম্প্ৰতিক সময়ত ভাৰতৰ ৰাজনীতিত বহুতো সাংসদৰ এক বিশাল কেলেংকাৰিৰে পোত গৈ আছে। যাৰ বাবে তেওঁলোক আচলতে কেতিয়াবাই জে’লৰ ভাত খাব লাগিছিল। কিন্তু সময়ৰ পাকচক্ৰত ৰাজনীতি কৰা এনে দুচক্ৰৰ কোনোকালে কেতিয়াও তেনে হোৱা দেখা পোৱা নাযায়। ফলত ভৱিষ্যত জীৱন সুৰক্ষাৰ হেতু বৰ্তমানৰ ছাত্ৰ সমাজে যাতে ৰাষ্ট্ৰৰ শাসনতন্ত্ৰ তথা ৰাজনৈতিক মেৰপাকত নপৰে সেই কথাই বাৰে বাৰে চিন্তা কৰি আগবঢ়াতো সকলোৱে বাঞ্ছা কৰে। সেয়ে এজন সুস্থ তথা মানসিকভাৱে সবল নাগৰিক হ’বলৈ ছাত্ৰ জীৱনতে আগবঢ়াব লাগিব এক সময়োচিত পদক্ষেপ।

Leave a Comment