ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ ভৱিষ্যৎ আৰু বৰ্তমান | What will happen in the present and future

ছাত্ৰ-ছাত্ৰী তথা সন্তানৰ ভৱিষ্যৎ আৰু বৰ্তমান

বৰ্তমান কভিড ১৯ মহামাৰীয়ে বিশ্বজুৰি বিয়পি পৰাৰ ফলত অসমতো ইয়াৰ প্ৰভাৱ পৰিছে। কাল মহামাৰীয়ে ৰাজনৈতি, ব্যৱসায়, চৰকাৰী-বেচৰকাৰী আদিৰ ক্ষেত্ৰত বহুত বেয়াকৈ প্ৰভাৱ পৰা পৰিলক্ষিত হৈছে। কিন্তু গুৰত্বপূৰ্ণ কথাটো হল যে এই মহামাৰীয়ে আমাৰ বৰ্তমান আৰু ভবিষ্যৎ মানুহৰ সপোনসমূহ বিফল কৰিলে। আমাৰ উঠি অহা নৱ-প্ৰজন্মক লিখা পঢ়াৰ ক্ষেত্ৰত প্ৰভাৱ পৰিছে। শিক্ষাই হৈছে মানৱ জীৱনৰ মূল ভেটি আৰু ঘৰখনেই হল শিক্ষাৰ কঠিয়াতলী। তাৰ পিছতে স্থান পঢ়াশালিৰ। বৰ্তমান সময়ত এনেকুৱা শিক্ষাৰ পৰা দুৰত থাকিব লাগিছে। বৰ্তমান সময়ৰ যুগৰ পৰিৱৰ্তন, সমাজত ঘটি থকা বিভিন্ন ঘটনাৱলী আৰু শিক্ষা ব্যৱস্থাত সঘনাই সলনি হোৱা দৃশ্যপটে ছাত্র-ছাত্ৰীৰ ওপৰতো বাৰুকৈয়ে প্ৰভাৱ পেলাইছে। অসামাজিক ঘটনা, হত্যা, ধর্ষণ, লুণ্ঠন আদিয়ে শিশুৰ মনতো কু-প্ৰভাৱ পেলোবা আমি বাতৰিকাকত তথা টেলিভিছন খুলিয়েই দেখা পোৱা যায়। শিশুসমূহে টেলিভিশ্বন, মোবাইল গে, মোবাইল ভিডিঅআদিৰ ক্ষেত্ৰত মন মগুজুত সুমাই গৈছে। লকডাউনৰ ফলত স্কুল, কলেজ, বিভিন্ন শিক্ষা অনুস্হানসমূহ বন্ধো হৈ ছাত্ৰ-ছাত্ৰীয়ে ঘৰত বহি থাকিব লগা হৈ, অনলাইন পাঠদানত কৰিলেও মনযোগেৰে পাঠদান নকৰা যেন পৰিলক্ষিত হয়। বৰ্তমান  দশম শ্ৰেণী আৰু  দ্বাদশ শ্ৰেণীৰ পৰীক্ষা নিদিয়াকৈ পৰীক্ষাৰ ফলাফল দিলে, যাৰফলত শিক্ষাৰ মূল্য নোহোৱা যে দেথা যায়। বৰ্তমান নৱ-প্ৰজন্মৰ ভৱিষ্যৎ অন্ধাকাৰৰ ফালে ধাপলি মেলিছে। কাৰণ আজিৰ সন্তান কাইলৈ ভৱিষ্যৎ। এজন কিশোৰক শক্তিশালী, সুস্হ আৰু মেধাবী যুৱ-যুৱকতি লালন-পালন কৰা বাধ্যতামূলক হৈ পৰিছে।

 

ভৱিষ্যৎ এজন ব্যক্তিয়ে তেওঁৰ জীৱনৰ মৌলিক প্ৰয়োজনসমূহ যেনে বাসস্হান, খাদ্য, শিক্ষা আৰু স্বাস্হ্যৰ সুবিধাসমূহত আহৰণত ব্যৰ্থ হব। কাম কৰাৰ ক্ষমতা আৰু ইচ্ছা থকাৰ পাছতো কাম কৰিব নাপাব, দেশত নিৱনুৱা সমস্যাই দেখা দিব। কাৰণ বৰ্তমান চাকৰিমুখী শিক্ষা ব্যৱস্থাই ছাত্ৰ-ছাত্ৰীক কেৱল একোটা ডিগ্ৰী লাভ কৰাৰ বাবেহে উপযুক্ত কৰি তোলে। বৃত্তিমুখী আৰু কাৰিকৰী শিক্ষাব্যৱস্থাৰ প্ৰচলনৰ অভাৱে ছাত্ৰ-ছাত্ৰীক কেৱল চাকৰিমুখী কৰি তুলিছে। যাৰ কাৰণে নিবনুৱাৰ সংখ্যা দিনে দিনে বৃদ্ধি পাব ধৰিছে। আমি আমাৰ উঠি অহা নৱ প্ৰজন্মক চাকৰিমুখী নকৰি নিজক আত্মনিৰ্ভৰশীল কৰি তুলি লাগে।

বৰং বৰ্তমান নৱ-প্ৰজন্মা চাকৰিমুখী হব নালাগে, নিজকে আত্মা সংস্হাপন কৰি তুলিব লাগে। কমাৰ, কুমাৰ, সোণাৰী, কহাৰ আদি ব্যৱসায় ক্ষেত্ৰত কুটীৰ শিল্পক আদৰি লাগে। ইয়াৰ লগতে বাঁহ-বেতৰ কৰ্মৰ প্ৰতি গুৰুত্ব দিব লাগে। অসমত উৎপন্ন হোৱা খাৰুৱা তেল, মৰাপাট, কুহিয়াঁৰ আদিৰ পৰিমাণৰ তুলনাত উদ্যোগৰ সংখ্যা তেনেই তেনেই সীমিত। যাৰফলত শোধানাগাৰ নোহোৱাৰ বাবে আজিৰ ডেকা চামে বাহিৰলৈ গৈছে। আজি কালি এনে বহুত কাম চৰকাৰে প্ৰশিক্ষন দিছে, ইয়াৰ লগতে ইণ্টাৰনেতত খুচৰি বিচাৰিলে পাব পাৰি।

Leave a Comment