ছাত্ৰসকল হ’ল এখন সমাজৰ ভৱিষ্যত। ভৱিষ্যত এখন সুস্থ সমাজ গঢ় লৈ উঠে এই চাত্ৰসকলৰ আশা তথা সপোনক লৈ। তেওঁলোকে কৰা সকলো কৰ্ম তথা আশাৰ বতৰাই যেন ভৱিষ্যত জীৱন তথা মানৱ সমাজ গঢ় দিয়ে। প্ৰত্যেক জাতিৰ বাবে এই ছাত্ৰ তথা নৱপ্ৰজন্মই মানৱ সম্পদ। সময়ে সময়ে এনে ছাত্ৰ সমাজে বহুতো যুগান্তকাৰী ঘটনাৰ সৃষ্টি কৰি আহিছে। ছাত্ৰসকল হ’ল নৱ প্ৰজন্মৰ এক শিহৰণকাৰী ভৱিষ্যতৰ উৎস। কিন্তু অতিসম্প্ৰতি বিভিন্ন ঠাইত এই ছাত্ৰসমাজে মাজে মাজে এক উশৃংখলতা সৃষ্টি কৰি বিভিন্ন ঘটনাৰো সংঘটিত নকৰাকৈ থকা নাই। যাৰ বাবে ছাত্ৰসকলে হয়তো ভাল-বেয়া কোনোটো দিশ ভালদৰে ল’ব নোৱাৰে যাৰ ফলত হতাশা আৰু বিচ্ছিন্ন মনোভাৱে তেওঁলোকক অস্থিৰ পেলাইছে।
বৰ্তমান সময়ত বহুতো যুৱ-যুৱতীয়ে আধুনিকতাৰ প্ৰভাৱত পৰি গুৰু-গোসাঁইৰ দৰে জ্ঞান কৰা ধাৰণাকো যেন দুভৰিৰে মোহাৰি আগুৱাই যাব লাগিছে। এই ক্ষেত্ৰত অভিভাৱকৰ উদাহীনতা আৰু তথাকথিত প্ৰাচুৰ্যই ছাত্ৰ-ছাত্ৰীসকলক অৱক্ষয়ৰ দিশলৈ আগবাঢ়ি যোৱাত উৎসাহ যোগাইছে। লগে লগে ছাত্ৰসকলৰ নৈতিক স্খলন ঘটাৰ লগতে ভোগবাদী শিক্ষাৰ ব্যৱস্থা আৰু মূল্যবোধযুক্ত শিক্ষাৰ অভাৱে তেওঁলোকৰ সৎ চৰিত্ৰ গঠন কৰাৰ সলনি কু-প্ৰভাৱৰ বলি হোৱাত প্ৰেৰণা দিছে। এই ক্ষেত্ৰত অভিভাৱকৰ লগতে সামাজিক পৰিৱেশো সমানে দায়ী। সময়ৰ হাতোৰাত পৰি বহু যুৱ তথা ছাত্ৰই হাতত অস্ত্ৰ তুলি লোৱাৰ দৰে কাৰ্যই সমাজত সন্ত্ৰাসৰ সৃষ্টি কৰাও দেখা গৈছে। সহজ উপায়ে ধন ঘটাৰ পথ বাছি লৈ তেওঁলোকে বিভিন্ন কু-কাৰ্যত লিপ্ত হৈ পৰিছে। উচিত তথা সময়োচিত শিক্ষা ব্যৱস্থাৰ পৰিৱৰ্তে এক বেপেৰুৱা তথা ব্যৱসায়ীক শিক্ষা ব্যৱস্থাই মূল শিক্ষাৰ পৰা ছাত্ৰসকলক আঁতৰি যাবলৈ বাধ্য কৰাইছে। সেয়ে পৰিৱৰ্তিত শিক্ষা ব্যৱস্থাৰ বাবে যুৱ সমাজক সংস্থাপন দিব পৰা নাই। প্ৰাপ্যৰ পৰা বঞ্চিত হোৱাৰ ক্ষোভত এনে ছাত্ৰ সমাজে বিবিধ ৰাগিয়াল বস্তুৰ ব্যৱহাৰ কৰি বিপথগামী হ’ব লগা হৈছে। মদ, ভাং, বিড়ি, চিগাৰেট, ধঁপাত, ড্ৰাগছ আদিৰ দৰে জীৱন ধ্বংসকাৰী সামগ্ৰীৰ বলি হৈ ছাত্ৰসকল দিগ্ভ্ৰান্ত হৈ পৰিছে। অশান্ত আৰু অস্থিৰ ৰাজনৈতিক পৰিস্থিতিয়েও যুৱ উশৃংখলতাৰ অন্যতম কাৰণ।
অসমত বিভিন্ন সময়ত গঢ় লৈ উঠা আন্দোলনৰ বাবেও ছাত্ৰ সমাজৰ ওপৰত কুপ্ৰভাৱ পৰিছে। তাৰ ভিতৰত ভূমিপুত্ৰসকলৰ আন্দোলন, গোষ্ঠী সংঘৰ্ষ আদিয়েও ছাত্ৰ তথা যুৱ সমাজৰ মূল্যবোধহীনতাত অৰিহণা যোগাইছে। অভিভাৱকসকলৰ উদাসীনতা আৰু অনুশাসনহীনতাই ছাত্ৰ সমাজৰ ভৱিষ্যত অন্ধকাৰ কৰি তুলিছে। বৰ্তমান সময়ত স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ হাতত অভিভাৱকসকলে তুলি দিয়া হাত খৰচৰ দৰে কাৰ্যই তেওঁলোকৰ গৌৰৱবোধক যিদৰে স্থান দিছে সেইদৰে লাহ-বিলাসে ছাত্ৰ-বিলাসে ছাত্ৰ সমাজক বিপথগামী হোৱাৰ ক্ষেত্ৰতো সমানে প্ৰেৰণা যোগাইছে। সাম্প্ৰতিক কালত ভোগবাদী মানসিকতা, বিকৃত চিন্তা, হতাশা আদি বিভিন্ন কাৰকে ছাত্ৰ সমাজত অংকুৰণৰ বীজে বাহ লৈছে। আনহাতে, যি সময়ত যৌথ পৰিয়ালকেন্দ্ৰিক ব্যৱস্থা আছিল সেই সময়ত সমজুৱা অভিভাৱকৰ বাবে বহু ছাত্ৰ-ছাত্ৰীৰ অনুশাসনৰ আৱৰ্তত থাকি সকলো কাম কৰিবলৈ বাধ্য হৈছিল। কিন্তু বৰ্তমান সময়ত একক পৰিয়ালকেন্দ্ৰিক ব্যৱস্থাত তেনে সমজুৱা অভিভাৱকৰ অভাৱে ছাত্ৰ-ছাত্ৰীসকলক উচিত অনুশাসন প্ৰদান নোৱাৰি পৰিৱেশ তথা এক স্থূল মানসিকতাৰ বলি হ’ব লগা হৈছে।
সামাজিক পৰিৱেশ গঢ় লৈ উঠে একোজন সুস্থ, সবল ব্যক্তি তথা শক্তিশালী ছাত্ৰ সমাজৰ ভেটিতহে। যদি সেয়ে নহয় তেন্তে ছাত্ৰ সমাজৰ উশৃংখলতাই সামাজিক পৰিৱেশ দূষিত কৰি তোলে। মাজে মাজে কিছুমান পৰিয়ালৰ মাজত দেখা দিয়া যুৱক-যুৱতীসকলক লৈ হোৱা অশান্তি আৰু অস্থিৰতাই তথা কাণ্ডজ্ঞানহীনতা আৰু স্থূল চিন্তাই সমাজৰ নানা অপকাৰ সাধন কৰে। সেয়ে ছাত্ৰসকল হ’ব লাগিব সম্পূৰ্ণ মানসিকভাৱে সুস্থ আৰু সবল চিন্তাশক্তিৰ পৰিচায়ক।
কেতিয়াবা কেতিয়াবা দেখা যায় যে ৰাজনৈতিক শক্তিৰ ফলতো ছাত্ৰ সমাজক স্খলন হোৱা দেখা যায়। যাৰ ফলত তেওঁলোক ৰাজনৈতিক দলৰ হাতৰ পুতলাৰ দৰে বিভিন্ন সমাজবিৰোধী কাৰ্যত লিপ্ত হ’ব লগা হয়। এই ক্ষেত্ৰত ছাত্ৰ সমাজ সদায় সচেতন হোৱাতো অতি প্ৰয়োজন।
সমাজ পৰিৱৰ্তনশীল। গতিকে পৰিৱৰ্তনশীল সমাজ ব্যৱস্থাত ছাত্ৰসকলে সদায় সমাজখনৰ গুৰুত্বপূৰ্ণ দিশসমূহৰ প্ৰতি মনোনিৱেশ কৰিব লাগে। বিশেষকৈ মনোৰঞ্জনৰ মাধ্যম যেনে, দূৰদৰ্শন, চি ডি, চিনেমা আদিৰ দৰে মাধ্যমসমূহে ছাত্ৰসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছে। এই ক্ষেত্ৰত সমাজত সংঘটিত হোৱা বিভিন্ন হত্যা, ধৰ্ষণ, অপৰাধ আদিৰ দৰে ঘটনাৰ সংঘটিত হৈছে। সস্তীয়া চিনেমাই ছাত্ৰসকলোক তেনে হোৱাৰ অলীক কল্পনাৰ ৰাজ্যলৈ লৈ গৈছে। বিভিন্ন ধৰণৰ অশ্লীল কিতাপ-আলোচনীৰ প্ৰকাশ, ম’বাইল আৰু ইণ্টাৰনেটৰ অপব্যৱহাৰ আদিয়ে ছাত্ৰ-ছাত্ৰীসকলক বেয়াৰ দিশলৈ লৈ গৈছে।
ছাত্ৰ সমাজত সৃষ্টি হোৱা উশৃংখলতা তথা মানসিক অসুস্থতাৰ বাহক হিচাপে বৰ্তমান বিশ্বায়ন ক্ষেত্ৰখনকো সমানে দূষিব পাৰি। কিয়নো এই ক্ষেত্ৰত সমগ্ৰ বিশ্বখনকে নিজৰ হাতৰ মুঠিলৈ আনিবলৈ সক্ষম হৈছে। কেইটামান মুহূৰ্ততে তথা কেই চেকেণ্ডতে সমগ্ৰ বিশ্বত নিত্য-নৈমিত্তিক সংঘটিত হোৱা ঘটনা-পৰিঘটনাৰ চাক্ষুক তথা প্ৰত্যক্ষ দৃষ্টি নিক্ষেপ কৰিবলৈ আজিৰ ছাত্ৰ সমাজে সহজে লাভ কৰিছে। ফলত তেওঁলোকৰ মানসিক স্থিতি তৰাং হৈ পৰিছে।
এতিয়া কথা সমাজত দেখা দিয়া সকলো উশৃংখলতাৰ মূল কাৰণ যদিও ওপৰত উল্লেখ কৰা ধৰণে হয় তথাপিতো এনে উশৃংখলতাক সহজে দূৰ কৰাৰ কিছুমান উপায়ো আছে। বিশেষকৈ অভিভাৱক, সমাজ, শৈক্ষিক প্ৰতিষ্ঠান আদিয়ে দায়িত্ব বহন কৰিব লাগিব। যাতে ছাত্ৰসকল ভৱিষ্যতে কোনো ধৰণৰ বেয়া দিশে গতি কৰিব নোৱাৰে। সেয়ে তেওঁলোকে ছাত্ৰসকলক সৃষ্টিশীল প্ৰতিভা বিকাশৰ বাবে নৃত্য, গীত, নাটক আদিৰ শিক্ষা প্ৰদান কৰিব লাগিব। এই ক্ষেত্ৰত সমানে জগৰীয়া দেশখনৰ চৰকাৰখনো। সকলো ধৰণৰ সুবিধা প্ৰদান কৰি ছাত্ৰসকলক সঠিক দিশে আগুৱাই নিয়াত তেওঁলোকেও চৰকাৰী পক্ষৰ পৰা সাহাৰ্য গ্ৰহণ কৰিব পাৰিলেহে লক্ষ্যত উপনীত হ’ব পাৰিব। বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক কোনটো দিশ ভাল বা বেয়া তাক ভালদৰে বিচাৰ-বিশ্লেষণৰ দ্বাৰা বুজাই দিব লাগিব। তেতিয়াহে এই উশৃংখলতা দূৰ হোৱাত সহায়ক হ’ব। তদুপৰি বিভিন্ন ৰাগিয়াল দ্ৰব্য সেৱনৰ পৰা যে দেহৰ অনিষ্ট সাধন হয় সেই কথা ছাত্ৰ-ছাত্ৰীসকলক ভালদৰে বুজাই দিব লাগে যাতে তেনে দ্ৰব্য ব্যৱহাৰৰ পৰা সদায় বিৰত থাকিব পাৰে।
অতিসাম্প্ৰতিক কালত দেখা দিয়া ছাত্ৰ সমাজৰ বিপথগামিতাই সামাজিক প্ৰগতিৰ পথত অন্তৰায় হৈ পৰিব পাৰে। সেয়ে এনেধৰণৰ উশৃংখলতাক প্ৰতিৰোধ কৰাৰ উপায় সোনকালে অৱলম্বন কৰিলে হয়তো এখন সুন্দৰ ভৱিষ্যত মানৱ সমাজ বিপদৰ পৰা ৰক্ষা পৰিব।