মাতৃভাষা সকলোৰে আদৰণীয়। শিশুৱে মাকৰ পোলাতে শিকা মাকৰ লগত কথা কোৱা ভাষাটোৱে মাতৃভাষা। শিশুৱে নিজৰ ভাব অনুভূতি পোনপ্ৰথমে যি ভাষাত স্বাভাৱিক ৰূপেই প্ৰকাশ কৰে, সেইটোকে মাতৃভাষা বুলি কওঁ। মাতৃভাষাত যিমান সহজে মনৰ কথা প্ৰকাশ কৰিব পাৰি আৰু এটা ভাষা শিকি তেনেদৰে নোৱাৰি।
যিটো ভাষাত অভ্যস্ত, যিটো ভাষাত সহজেই মনৰ ভাব প্ৰকাশ কৰিব পাৰি, যিটো ভাষা শুনিলেই বুজি পাব পাৰি, যিটো ভাষাই মনৰ প্ৰকাশিকা শক্তি বৃদ্ধি কৰে, সেই ভাষাহে শিক্ষাৰ বাবে প্ৰয়োজন। বিদেশী ভাষা সময়ত আয়ত্ত কৰি লোৱা হয়। ইংৰাসকলে আমাৰ দেশ শাসন কৰিবলৈ লোৱাৰ পিছৰে পৰা ইংৰাজী ভাষাৰ প্ৰচলন হ’ল। ইংৰাজী বিদেশী ভাষা। সেই ভাষা শব্দবিন্যাস, বাক্য গঠন প্ৰণালী আমাৰ মাতৃভাষাৰ লগত একে নহয়। ইংৰাজসকলে ইৰাজী ভাষাৰ মাধ্যমত শিক্ষা প্ৰদানৰ ব্যৱস্থা কৰিলে। তেওঁলোকে প্ৰৱৰ্তন কৰা শিক্ষা-ব্যৱস্থাৰে ভাৰতীয় লোকৰ মাজত জ্ঞান বিতৰণ কৰিবলৈ বিচৰা নাছিল। তেওঁলোকৰ ভাষা আছিল ইংৰাজী। সেয়ে শাসনকাৰ্য চলাবলৈ ইংৰাজী ভাষা প্ৰচলনৰ প্ৰয়োজন হৈছিল। ভাৰতৰ দেশীয় লোকক কাৰ্যালয়, আদালতৰ কাৰ্য চলাবলৈ ইংৰাজী শিক্ষা দিয়া প্ৰয়োজন হৈছিল। ভাৰতত ইউৰোপীয় শিক্ষা বিস্তাৰৰ যুগসন্ধিক্ষণত বহুতেই দেশীয় ভাষাকে শিক্ষাৰ মাধ্যম হিচাপে বিচাৰিছিল। আন আন কিছুমানে সংস্কৃতক, কোনোৱে ইংৰাজীক শিক্ষাৰ মাধ্যম হিচাপে লোৱাত মত পোষণ কৰিছিল। কিন্তু মেকলে চাহাবে ইংৰাজী ভাষাকে ভাৰতৰ শিক্ষাৰ মাধ্যম হিচাপে ৰাখিবলৈ কৰা চেষ্টাই সফল হ’ল।
শিক্ষাৰ দ্বাৰা ৰচিন্তা আৰু কল্পনাশক্তি জগাই তোলা হয়। সৰুৰে পৰা ইয়াৰ চৰ্চা নহ’লে বিকাশ সাধন কৰা টান। বিদেশী ভাষাৰ শিক্ষাৰে এয়া বিকাশৰ চেষ্টা কৰি যি ফল পোৱা যাব সৰুৰে পৰা জানি অহা মাতৃভাষাৰ ইয়াৰ বিকাশ সাধন সহজ হয়। ভাৰতত ইংৰাজী মাধ্যমেৰে শিক্ষা প্ৰৱৰ্তিত হৈ থকা সুদীৰ্ঘ শতাব্দী জোৰা কালছোৱাত শতকৰা পোন্ধৰ জন লোকহে শিক্ষিত হৈছিল। শিক্ষাৰ ক্ষেত্ৰত এনে ব্যৰ্থতাৰ মূলতে মাতৃভাষাৰে শিক্ষা প্ৰদানৰ অভ্যাসো এটা আছিল বুলিব পাৰি।
পৃথিৱীৰ সকলো দেশতে মাতৃভাষাকে শিক্ষাৰ বাহন কৰা দেখা যায়। নিজৰ সমৃদ্ধশালী মাতৃভাষা থাকোঁতে বিদেশী ভাষাক শিক্ষাৰ মাধ্যম কৰাৰ কোনো যুক্তি নাই। জাপানে বিদেশী জ্ঞান-বিজ্ঞান সকলোকে গ্ৰহণ কৰিও বিদেশী ভাষা গ্ৰহণ নকৰিলে। তাৰ ফলত তেওঁলোকৰ দেশ বা জাতিৰ উন্নতি ব্যাহত নহ’ল। আচল কথা মাতৃভাষাৰ মাধ্যমেৰে শিকি তেওঁলোকে যিদৰে সহজেই বিকাশ সাধন কৰিব পাৰি বিদেশী ভাষাৰে যে নোৱাৰিব সেই কথা উপলব্ধি কৰিছিল। শিক্ষাৰ দ্বাৰা আত্মিক, দৈহিক আৰু আৰ্থিক শক্তিক উৰ্বৰ কৰি তোলা হয়। কেৱল জীৱন নিৰ্বাৰৰ লাভে শিক্ষা গ্ৰহণ কৰিলে তেনে শিক্ষা লাভ সফল নহয় আৰু তেনে লোকক প্ৰকৃততে শিক্ষিত বুলি ক’ব নোৱাৰি। ইংৰাজ আমোলত আমাৰ দেশত থকা শিক্ষা ব্যৱস্থাত শিক্ষাৰ প্ৰমাণ পত্ৰ লৈ চাকৰি-বাকৰিত যোগদান কৰাই এক প্ৰকাৰ লক্ষ্য আছিল। আৰ্থিক দিশত লাভৱান হ’লেও এনে শিক্ষাই আত্মিক আৰু দৈহিক শক্তিক উৰ্বৰ কৰি তুলিব পৰা নাছিল। ফলত হতাশা, নিৰানন্দ, মনলৈ নহাকৈ নাছিল। কিয়নো তেনে শিক্ষাই নৈতিক আৰু মানসিক বল দিব পৰা নাছিল।
নিজ নিজ দেশৰ অস্তিত্ব, প্ৰণসত্তাৰ প্ৰকাশ আৰু বিকাশ নিজৰ মাতৃভাষাৰে সম্ভৱ। শিশু কালৰে পৰা যি ভাষাত কথা-বতৰা, আদান-প্ৰদান কৰা হয়, যি ভাষা একেবাৰে পৰিচিত, সেই ভাষাৰে শিক্ষা লাভ বা জ্ঞান আহৰণৰ চেষ্টা নকৰি বিদেশী ভাষাক গ্ৰহণ কৰিলে সময় আৰু ভাষা শব্দাৱলী, বাক্যেৰে বৃদ্ধি আৰু বোধশক্তিক যিমান সহজে জগাই তুলিব পাৰি বিদেশী ভাষাৰ পৰা আয়ত্ত কৰি লোৱা শব্দ আৰু বাক্যৰে সততাই নোৱাৰি।
শিক্ষাৰ এক আনন্দ আছে। সেই আনন্দ প্ৰদান কৰিব পাৰে মাতৃভাষাইহে। মাতৃভাষাক শিক্ষাৰ মাধ্যম কৰিলে, সেয়েহে তাৰ প্ৰতি অনুৰাগো বাঢ়ে। এনে অৰ্থত মাতৃভাষা শিক্ষাৰ প্ৰয়োজন অধিক। ইংৰাজী ভাষাৰে আমাৰ দেশত যি প্ৰচলনৰ সময়ত শিক্ষিত লোকৰ হাৰ যিমান আছিল, মাতৃভাষাৰ শিক্ষা প্ৰদানৰ ব্যৱস্থা হোৱাত সেই হাৰ বহু পৰিমাণে বাঢ়ি আহিছে। এনেবোৰ কাৰণতে মাতৃভাষাৰ শিক্ষাৰ প্ৰয়োজন।
গণতান্ত্ৰিত দেশত মাতৃভাষাৰে শিক্ষাৰ প্ৰচলন অধিক দৰকাৰ। গণতন্ত্ৰ ৰক্ষাৰ উপায় হ’ল নিৰক্ষৰতা দূৰীকৰণ। নিৰক্ষৰতা দূৰ কৰিব পাৰি মাতৃভাষাৰ শিক্ষাৰে। মাতৃভাষাক এৰি বিদেশী ভাষাৰে শিক্ষা প্ৰদান কৰি নিৰক্ষৰতা দূৰ কৰিব নোৱাৰি। আন, এটা কথা, মাতৃভাষাৰে শিক্ষা লাভ কৰিলেও, বিদেশী ভাষা যে শিকিব নালাগে, এনে নহয়, পৃথিৱীৰ বিভিন্ন জাতি, সভ্যতা, সংস্কৃতিৰ লগত পৰিচয় হ’ব লাগিলে আন আন ভাষাও শিকিব লাগব। আমাৰ ভাৰতৰ ক্ষেত্ৰত মাতৃভাষাৰ লগতে ইংৰাজী ভাষাৰ প্ৰচলনো সেইখিনিতে।