১৯০৩ চনত তেজপুৰৰ তামোলবাৰী চাহবাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেওঁ স্কুলীয়া শিক্ষা তেজপুৰ, ডিব্ৰুগড়ত লয় আৰু ১৯২১ চনৰ তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কলিকতাৰ নেশ্যনেল কলেজত নাম লগাই যদিও তাতে পঢ়াজীৱন শেষ হয়। ১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায় আৰু এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, কিন্তু কোনো ডিগ্রী নোলোৱাকৈ শিক্ষা শেষ কৰি বোলছবিৰ অধ্যয়নৰ বাবে জামাৰ্নলৈ যায়। জামানীত ভাৰতীয় ফিল্ম ডাইৰেক্টৰ হিমাংশু ৰায়ৰ তত্বাৱধানত সাত মাহ ফিল্ম প্রযোজনা আৰু পৰিচালনা প্রশিক্ষণ লৈ ১৯৩০ চনত অসমলৈ উভতি আহে। জ্যোতিপ্ৰসাদ আগৰৱালা এগৰাকী নাট্যকাৰ, গীতিকাৰ, সংগীতজ্ঞ, বোলছবি নিৰ্মাৰ্তা আৰু বিপ্লবী কবি। মহাত্মা গান্ধীৰ অসহযোগ আন্দোলনত যোগদান কৰি ১৯৩২ চনত সশ্রম কাৰাদণ্ড খাটিছিল। জে’লৰ পৰা ওলাই আহি ভোলাগুৰি চাহবাগিছাত অসমীয়া ফিল্মশিল্প প্রতিষ্ঠান ‘চিত্ৰলেখা মুভিটোন’ নামৰ এটি কথাছবিস ষ্টুডিঅ প্রতিষ্ঠা কৰে। ১৯৩৫ চনত তাতেই ‘জয়মতী’ বোলছবি নিৰ্মাণ কৰি উলিয়ায়। এইখনেই অসমীয়া বোলছবিজগতত প্রথম ছবি। বিষ্ণুপ্ৰসাদ ৰাভাৰ সহযোগত ‘জয়মতী’ আৰু ‘শোণিত কুঁৱৰী’ নাটকৰ গ্ৰামফ’ন ৰেকৰ্ড কৰে আৰু তেজপুৰৰ বান থিয়েটাৰত ভাৰতীয় আৰু পাশ্চাত্য বাদ্যযন্ত্ৰৰ সমন্বয়ত অসমীয়া ৰংগমঞ্চ সংগীত জগতত নতুন ধাৰাৰ সৃষ্টি কৰে। ১৯৩৯ চনত ‘ইন্দ্ৰ মালতী’ নিৰ্মাণ কৰি উলিয়ায়। ১৯৩৭ চনত ‘জোনাকী’ নামৰ চিনেমা হ’ল সাজি উলিয়ায়। তেওঁক ৰূপকোঁৱৰ ৰূপে জনা যায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ একমাত্ৰ কবিতা পুথি ‘লুইতৰ পাৰৰ অগ্নিসুৰ’। তেওঁৰ কবিতাৰ মাজেৰে জাতীয়তাবাদ, দেশৰ ঐতিহ্য আৰু বুৰঞ্জীৰ লগত একাত্মবোধ, জনতাৰ প্ৰতি দায়বদ্ধতা, ভাষা আৰু শব্দ প্রয়োগত ওজম্বিতা, মৌনসূলভ দৃপ্ততা তেওঁৰ কবিতাৰ বৈশিষ্ট্য। তেওঁৰ গীতবোৰ কোমল, মধুৰ আৰু পৌৰুষ দীপ্ত সুৰ ধ্বনিত হৈছে। গীতবোৰৰ ভাব, সুৰ আৰু অনুভূতিৰ অপূৰ্ব সমন্বয়। ১৯৪৪ চাহ ‘দৈনিক অসমীয়া’ কাকতৰ সম্পাদকৰ দায়িত্ব লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্থাপত্যৰ আৰ্হি তেওঁ নিৰ্মাণ কৰিছিল। ১৯৫১ চনৰ ১৭ জানুৱাৰীত তেওঁৰ মৃত্যু হয়।
জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্য প্রতিভা
জ্যোতিপ্ৰসাদ আগৰৱালাৰ ছাত্ৰ-অৱস্থাৰ পৰাই নাট্য-প্রতিভা প্রকাশ পাইছিল। তেজপুৰৰ বান ৰংগমঞ্চৰ সৈতে ঘনিষ্ট সম্পৰ্ক আছিল। তেওঁৰ ৰচিত নাটসমূহ হ’ল ‘শোণিতকুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘লভিতা’, ‘খনিকৰ’, ‘নিমাতী কইনা’, ‘সোণপখিলী’, ‘কনকলতা’, ‘সুন্দৰ কোঁৱৰ’ আদি। ‘কনকলতা’ আৰু ‘সুন্দৰ কোঁৱৰ’ অসম্পূর্ণ নাটক। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাটৰ প্ৰকাশভংগী ৰীতি অনুসৰি দুই, শ্ৰেণীত বিভক্ত কৰিব পাৰি— কাব্যধর্মী নাটক আৰু নাট্যধর্মী নাটক। ‘শোনিক কুঁৱৰী’, ‘কাৰেঙৰ লিগিৰী’, ‘ৰূপালীম’, ‘লভিতাস’, ‘খনিকৰ’ ‘নাট্যধর্মী নাটক আৰু নিমাতী কইনা’, ‘সোণ পখিলী’ কাব্যধর্মী নাট। জ্যোতিপ্ৰসাদ আগৰৱালাৰ নাট্যধর্মী নাটকবোৰ গহীন বিষয়বস্তুক লৈ ৰচিত। ১৯১৭ চনত চৈধ্য বছৰ বয়সত তেওঁ শোণিত কুঁৱৰী নাটক ৰচনা কৰিছিল। শোণিত কুঁৱৰী নাটৰ বিষয়বস্তু পৌৰাণিক। নাটখনৰ মূল কাহিনী সংস্কৃত, পুৰাণ, হৰিবংশ, ভাগৱতৰ উপৰিও ‘কুমৰ হৰণ কাব্য’, ‘ঊষা পৰিণয় কাব্য’ৰ কাহিনীভাগৰ বৰ্ণনা পোৱা যায়। শোণিত কুঁৰৱী নাটৰ মূল বিষয় ঊষা-অনিৰুদ্ধৰ প্ৰেম। শোণিতপুৰৰ ৰজা বানৰ জীয়ৰী ঊষাৰ লগত শ্ৰীকৃষ্ণৰ নাতি অনিৰুদ্ধৰ প্ৰেম কাহিনী নাটকখনত বৰ্ণনা কৰা হৈছে। বাণৰ শিৱভক্তি, উষাৰ স্বপ্ন, চিত্রলেখাৰ জৰিয়তে অনিৰুদ্ধক হৰণ, হৰি-হৰৰ যুদ্ধ আদিয়ে এই নাটকখনত পোৱা যায়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ কাৰেঙৰ লিগিৰী কাল্পনিক নাটক। কাৰেঙৰ লিগিৰী তেওঁৰ শ্ৰেষ্ট নাটক। পৌৰানিক কাহিনীৰ অতি প্রাকৃত পৰিবেশৰ পৰা সমাজৰ বাক্তর অৱস্থালৈ সামাজিক সমস্যাৰ এই নাটখনত উল্লেখ কৰিছে। সমাজ আৰু ব্যক্তিৰ লগত সংঘর্ষ, প্রাচীন ৰীতি-নীতি, সংস্কাৰ আৰু নতুন আদৰ্শৰ মাজত বিৰোধ। এইবোৰ মানৱ সমাজত কেনেদৰে জীৱনৰ বাটত বাধা স্বৰূপ হৈ পৰিছে তাকে নাট্যকাৰে প্রতিপন্ন কৰিছে। নাটকখনৰ কাহিনীভাগ এনেধৰণৰ নাটকৰ নায়ক সুন্দৰ কোঁৱৰে নিজৰ অনিচ্ছা সত্বেও সমাজ আৰু ৰাজমাওৰ আদেশ মানিলৈ কাঞ্চনকুমাৰীক বিয়া কৰায়। কাঞ্চনকুমাৰী তেওঁৰেই বন্ধু অনংগৰামৰ প্ৰতি অনুৰক্তাৰ কথা জানিব পাৰি এদিন বনভোজ খোৱাৰ ছলেৰে কাজিৰঙালৈ গৈছিল আৰু তাতেই কাঞ্চনকুমাৰীক অনংগৰামৰ লগত এৰি থৈ আহিল। সুন্দৰ কোঁৱৰৰ এনে কার্যত মমহিত হৈ কাঞ্চকুমাৰীয়ে আঁচলৰ গাঁঠিৰ বিষ পাণ কৰি আত্মহত্যা কৰে। কাৰেঙৰ লিগিৰী শেৱালিয়ে সুন্দৰ কৌৱৰৰ মনে মনে ভাল পায়। কোৱৰেও লাহে লাহে শেৱালিৰ ওচৰ চাপি যোৱা কথা ৰাজমাৱে গম পাই চাওদাঙৰ হতুৱাই নগা পাহাৰত নিবাসন দিলে। সুন্দৰ কোঁৱৰে এই খবৰ পাই একো-হকা-বাধা নামানি শেৱালিক উদ্ধাৰ কৰি ৰাণী পাতিব বুলি অংগীকাৰ কৰিলে। এই খবৰ পাই শেৱালিয়ে পৰ্বতীয়া জুৰিত আত্মহত্যা কৰিলে। কোঁৱৰৰ মঙ্গলৰ বাবে শেৱালিয়ে আত্মহত্যা কৰিলে। শেৱালিৰ মৃত্যুৰ পিছত সুন্দৰ কোঁৱৰে প্ৰেমৰ গভীৰতা, ত্যাগ আৰু মহত্বৰ কথা ভালকৈ উপলব্ধি কৰিলে। জ্যোতিপ্ৰসাদ আগৰৱালাৰ ‘ৰূপালীম’ সাতোটা অংকত বিভক্ত; কোনো নাট্য- দৃশ্য নাই। এই নাটকখনৰ জৰিয়তে অসমীয়া নাটকত পাশ্চাত্য ইবছেনীয় নাট্যশৈলীৰ প্ৰয়োগ কৰিছিল। নাটকখনৰ নায়িকা ৰূপালীমৰ প্ৰণয়ৰ কৰুণ অৱস্থা আৰু শেষত শোকাবহ মৃত্যুৰ কথা দাঙি ধৰিছে. অসমৰ পূব সীমান্তৰ ৰূকমী জনজাতিৰ কাল্পনিক সমাজ এখনৰ পটভূমিত নাটকখনৰ কাহিনী নিৰ্মাণ কৰিছে। ৰূপালীম আৰু মায়ব’ ৰূকমী জন-জাতিৰ ডেকা-গাভৰু, দুয়ো দুয়োকে ভাল পায়। ৰূপালীমৰ বুঢ়া বাপেক জুনাফাই যিকোনো ডেকাৰ হাতত ৰূপালীমক বিয়া দিব খোজা নাই; সেয়ে ৰূপালীমক পত্নীৰূপে লাভ কৰিব খোজা ডেকাই বাঘ এটা মাৰি সাহসৰ পৰিচয় দিব লাগিব। মায়াব’ এই কথা শুনি বাঘ এটা মাৰি তাৰ মূৰটো জুনাফাক উপহাৰ দিবলৈ জুনাফাৰ ৰলৈ যোৱা মুহূৰ্তত প্ৰান্ত দেশৰ অধিপতি মণিমুগ্ধৰ অনুচৰ ৰেনথিয়াঙে সৈন্য লৈ আহি বাঘৰ মূৰটো তেওঁৰ বুলি দাবী কৰে। ৰেনথিয়াঙে সৈন্যৰ সহায়ত মায়াব’ আৰু জুনাফাক আহত কৰে। মণিমুগ্ধই ৰূপালীমৰ ৰূপ দেখা পাই বিমোহিত হৈ ক্ষমতাৰ বলেৰে তেওঁৰ ৰাজ্যলৈ লৈ যায়। মায়াব’ আৰু জুনাফাই ৰূকমী ৰজাৰ ওচৰত গোচৰ দিয়ে; কিন্তু মদৰ ৰাগীত মাতাল হৈ থকা ৰূকমী ৰজাই মণিমুগ্ধৰ বিৰুদ্ধে কোনো ব্যৱস্থা নল’লে। তেস্বিনী ভনিয়েক ইতিভেনে অকর্মণ্য ৰকমী ৰজাক সিংহাসনৰ পৰা নমাই মণিমুগ্ধৰ ৰাজহাউলী আক্ৰমণ কৰে। এই সুযোগ লৈ মায়াব’ আৰু ৰূপালীম পলাই যায়, কিন্তু ইতিভেন বন্দী হয়। সৈন্য-সামান্তই ৰূপালীমক ধৰি আনি মণিমুগ্ধৰ হাতত পূনৰ অৰ্পণ কৰে। মণিমুগ্ধই মায়াব’, জুনাফা, ইতিভেনক বধ কৰিবলৈ নিৰ্দেশ দিয়ে; কিন্তু ৰূপালীমক অনুৰোধ কৰে। ইয়াৰ সুযোগ লৈ মণিমুগ্ধই ৰূপালীমক জনায় যে স্বইচ্ছাই তেওঁক নিজ শৰীৰ অৰ্পণ কৰিব লাগিব। এই চৰ্তত ৰূপালীম মাস্তি হোৱাত বন্দীসকলক এৰি দিয়ে আৰু ৰূপালীম মণিমুগ্ধৰ শয্যাত প্রবেশ কৰে। ৰূপালীম ভয়ত বিৱৰ্ণ হৈ পৰাত মণিমুগ্ধই থৰ লাগি চাই থাকোতেই ৰাতি পুৱায়। মণিমুগ্ধৰ অন্তৰ দৃষ্টিত পোহৰ পৰিল৷ ৰূপালীমৰ ওচৰত ক্ষমা প্রার্থনা কৰি তাইক মুক্তি কৰি দিয়ে। ৰূপালীম মুক্তিৰ পিছত যে মণিমুগ্ধৰ হাতত ধৰ্ষিত হোৱা নাই কথা ৰাজ্যৰ কোনেও বিশ্বাস নকৰিলে। ইতিভেনে ৰূপালীমৰ প্ৰতি ঈর্ষান্বিত হৈ চিতাৰ জুইত জোৰ কৰি ৰূপালীম তুলি দি প্ৰতিশেধ ল’লে। ইফালে মণিমুগ্ধৰ কামনা আৰু আনফালে ইতিভেনৰ প্ৰতিশোধৰ দাবানলত সহজ-সৰল ৰূপালীম শেষ হ’ল। জ্যোতিপ্ৰসাদ আগৰৱালাই ১৯৪৮ চনত লভিতা নাটকখন ৰচনা কৰিছিল। নাটকখন ৪২ৰ গণআন্দোলন আৰু দ্বিতীয় মহাযুদ্ধৰ ঘটনাৱলীৰ পটভূমিত ৰচিত অন্যতম নাটক.। লভিতা নামৰ নাৰী চৰিত্ৰটোক কেন্দ্ৰ কৰি নাটৰ কাহিনীভাগৰ সৃষ্টি হৈছে। ফুলগুৰি গাঁৱৰ বানেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক লভিতা। এই গাঁৱৰ ওচৰতে লহৰজান এৰোড্ৰাম। ১৯৪২ চনৰ জাপনী উৰাজাহাজৰ আক্ৰমণৰ ফলত লহৰজান বিমানবন্দৰৰ ওচৰত ফুলগুৰি গাঁৱৰ বানেশ্বৰ বৰুৱা আৰু আন দুই-এজনৰ মৃত্যু হয়। বৃটিছ গৱৰ্ণমেণ্ট এৰোড্ৰামৰ ওচৰৰ গাঁও বিলাক মিলিটাৰী লগাই তুলি দিয়ে। লভিতাই মৌজাদাৰৰ ঘৰত থাকে কিন্ত মৌজাদাৰৰ আমানষিক অত্যাচৰ সহ্য কৰিব নোৱাৰি পলাই যাওতে মিলেটাৰীৰ হাতত ধৰ্ষিত হ’বৰ উপক্ৰম হয়। কৰ্তব্যপৰায়ণ নিষ্ঠাবান এজন পুলিচৰ সহায়ত তাইৰপ্ৰাণ ৰক্ষা পৰে যদিও সমাজত স্থান নাপাই এলাহী বক্স নামৰ মুছলমানৰ ঘৰত আশ্রয় লয়। ইয়াৰ পিছত লভিতাই বৃটিছ সৈন্য বাহিনীত নাৰ্ছ হিচাপে ভৰ্তি হৈ কহিমালৈ যায়। জাপানী আৰু আজাদ হিন্দ ফৌজৰ হাত বন্দী হৈ আন আন অসমীয়াৰ লগত আই. এন. এ. ফৌজত যোগদান কৰে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ যুদ্ধত লিপ্ত হৈ বৃটিছৰ গুলীত নিহত হয়। জ্যোতিপ্ৰসাদ আগৰৱালাৰ আন এখন নাটক খনিকৰ। নাটকখনৰ মূল চৰিত্ৰ নবীন প্রতিকুল অৱস্থাৰ বিৰুদ্ধে যুজ কৰি এইজন শিল্পীয়ে কেনেকৈ ইউৰোপলৈ গৈ অশেষ শ্ৰম কৰি প্ৰতিভাৰ স্বীকৃতি লাভ কৰিবলৈ সামৰ্থ হৈছে তাৰ নাটকীয় ৰূপ খনিকৰত পোৱা যায়। নবীন ভাস্কর্য শিল্পবিদ্যা পঢ়িবলৈ বিদেশলৈ যার খোজে; কিন্তু মাক-দেউতাকৰ ইয়াত সম্মতি নাই। নবীনে শেষত জাহাজত বনুৱাৰ কাম কৰি ধন উপাৰ্জন কৰিবলৈ ধৰিলে। তেওঁৰ প্ৰৱল ইচ্ছা সেই ধনেৰে বিদেশত ভাস্কর্য বিদ্যাৰ প্রশিক্ষণ ল’ব। অনেক দিন অনাহাৰে, কষ্টৰে, লাজে-অপমানে দিন কটাই নবীনে মনৰ আশা পূৰণ কৰাৰ্থে ফ্রান্সলৈ গৈ ভাস্কৰ্যৰ প্ৰশিক্ষণ লয়। এনেকৈ প্রতিকূল পৰিবেশ আৰু অৱস্থাৰ সৈতে বুজি আন্তজার্তিক ভাস্কর্য শিল্পী হিচাপে খ্যাতি লাভ কৰে।