অসমৰ এগৰাকী প্ৰসিদ্ধ কবি, প্রবন্ধকাৰ, উপন্যাসিক, ভাষা-সাহিত্যৰ গৱেষক, নাট্যকাৰ আৰু সমালোচক ডিম্বেশ্বৰ নেওগ। তেখেতৰ জন্ম হয় ১৮৯৯ চনৰ ৭ আগষ্ট তাৰিখে শিৱসাগৰৰ কমাৰদফীয়া গাঁৱত। ১৯৬৬ চনৰ ১১ নৱেম্বৰ তাৰিখে মাত্র ৬৭ বছৰ বয়সত মৃত্যু হয়। পেচা হিচাপে তৈখেত এগৰাকী আদর্শবান শিক্ষক আছিল। তেখেতৰ পিতৃৰ নাম মাণিক চন্দ্ৰ নেওগ আৰু মাতৃ চন্দ্ৰপ্ৰভা নেওগ। মূলতঃ অসমীয়া ভাষাত সাহিত্য ৰচনাৰ বাহিৰেও তেখেতে ইংৰাজী ভাষাতো গ্ৰন্থ ৰচনা কৰিছিল। ১৯৬৪ চনৰ অসম সাহিত্য সভাৰ ডিগবৈত অনুষ্ঠিত অধিবেশনৰ সভাপতিৰ আসন অলংকৃত কৰিছিল। অসম সাহিত্য সভাৰ পত্ৰিকাৰ সম্পাদক পদতো তেখেতে অধিষ্ঠিত হৈছিল। অসমীয়া সাহিত্যত তেখেতক ইন্দ্ৰধেনুৰ কবি বুলি জনা যায়। সমালোচক হিচাপে গঠনমূলক বলিষ্ট, স্পষ্ট আৰু পুংখানুপুংখ বিশ্লেষণৰে তেখেতে অসমীয়া সাহিত্যক নতুন মাত্ৰা প্ৰদান কৰিছিল। কবি হিচাপেও তেখেতে সুখ্যাতি অর্জন কৰিছিল। তেখেতৰ প্ৰকাশিত কবিতাৰ পুথি কেইখনমান হ’ল—মালিকা (১৯২১), সফ্টৰা (১৯২৩), থুপিতৰা (১৯২৫), মালিতা (১৯২৭), ইন্দ্ৰ (১৯৩০), মুকুতা (১৯৩২), শহীদ কাৰবালা (১৯৪১), মেঘদূত (১৯৪২), অসমা (১৯৪৭), বিচিত্রা, থাপনা (১৯৪৮)। ইয়াৰ উপৰি তেখেতৰ অনবদ্য সৃষ্টি হ’ল— আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী (১৯৩৭), অসমীয়া সাহিত্যৰ জিলিঙনি (১৯৩৮), বৈষ্ণৱ ধৰ্মৰ আঁতিগুৰি (১৯৪০), বৈষ্ণৱ ধৰ্মৰ ভক্তি তত্ত্ব (১৯৪২), অসমীয়া সাহিত্যৰ বুঞ্জীত ভূমোকি (১৯৪০), অসমীয়া সাহিত্যৰ সংক্ষিপ্ত বুৰঞ্জী (১৯৫০–৫১) আদি। তদুপৰি তেখেতে কেইখনমান লোকগীতৰ সংগ্ৰহ প্ৰকাশ কৰি নিজেই সিবিলাকৰ চৰ্চা কৰিছিল। ডিম্বেশ্বৰ নেওগ এগৰাকী আগশাৰীৰ দেশপ্রেমিক আছিল। অসমৰ অস্তিত্ব ৰক্ষাৰ আন্দোলনৰ সময়ত তেখেতৰ “মৰে অসম জীয়ে কোন, জীয়ে অসম মৰে কোন” বাক্যশাৰীয়ে জাতীয়তাবাদী ভাবধাৰা প্ৰসাৰত বিশেষ অৰিহণা যোগাইছিল। লোকসাহিত্যৰ চৰ্চা আৰু গৱেষণাতো তেখেত আগৰুণুৱা আছিল৷ ‘আকুল পথিক’ তেখেতৰ ভোগজৰা উল্লেখযোগ্য লোকসাহিত্য সম্পর্কীয় গ্রন্থ।