এটা সময়ত হাগু, পাংগু আৰু পেগু এই তিনিজন ভাই ককাই আছিল। এদিনাখন তেওঁলোকে দূৰ দেশলৈ বেপাৰ বাণিজ্য কৰিবলৈ যাত্ৰা কৰিলে। তিনিজনেও উটত উঠি বিহাল মৰুভূমিৰ মাজেৰে যাত্ৰা কৰিলে। তেওঁলোকে গৈ গৈ বহু দূৰত পালে, এনেতে ওপৰ পৰা মাত আহিল হ’ল, “হাগু পাগু আৰু পেগু! তোমালোকে যাওঁতে নিজৰ বস্তাত যিমানপাৰে বালি ভৰাই লৈ যোৱা।” তেওঁলোকে নিজৰ নিজৰ মনতে কবলৈ ধৰিলে, “কোনোবা বালিকে ভৰাই লৈ যায় নে? অদম মানুহে লৈ যাৱ।” তেওঁলোকে এই মাতক ইমান কাণসাৰে নিদিলে। কাৰণ তেওঁলোকৰ বহু দুখ কষ্ট কৰি, কপালৰ গাম পেলাই যাত্ৰা কৰি গৈ আছিল। এনেধৰে গৈ গৈ মাজ বাটত আকৌ দ্বিতীয়বাৰ আকাশৰ পৰা সেই একেদৰে মাত আহিলে; কিন্তু কোনেও বালিখন ভৰাই নললে। তেওঁলোকে যাত্ৰাৰ কৰি কৰি আকৌ তৃতীয়বাৰ আকাশৰ পৰা সেই একেদৰে মাত দিলে। তেতিয়া হাগুবে তেওঁলোকক ক’লে, “আমি এইবাৰ কিন্তু বালিখন যিমান পাৰি লৈ যাৱ লাগিব।” তেতিয়া সকলোৱে নিজৰ পাৰাখিনি ওলপ ওলপ কৈ নিজৰ বস্তা ভৰাই লৈ যাত্ৰা কৰিলে। তেওঁলোক তিনিও জনে নিজৰ গন্ত্যাৱ্য ঠাইলৈ গৈ পালে, তেতিয়া সকলোৱে নিজৰ নিজৰ বস্তা খুলি চাই দেখিলে যে তাতে হীৰা মুকুতাৰে আদি ভৰি আছিল। এই হীৰা মুকুতা বেছি তেওঁলোকে নিজৰ ব্যৱসায় বাণিজ্য অধিক লাভ পাবলৈ সক্ষম হ’ল।
এই কাহিনীৰ পৰা ইটো বুজায়, আমি মা-দেউতা, শিক্ষক-শিক্ষকয়িত্ৰীৰ আদিৰ কথা পিছ নুহুকি, সকলোবোৰ ধৰি যিতু ভাল তাক ধৰি আগুৱা যাব লাগিব, নহলে এনে নকৰিলে পিছত মুখ থেকেচা খাৱ লাগিব।