arts, commerce&science stream |
কোনোবা কয় আৰ্টছ, কোনোবাই কয় ক’মাৰ্চ, আকৌ আন কোনোবাই চায়েন্স, মোক কবা মই কোনোটো পঢ়িবলৈ ভাল লাগে। এনেদৰে এই কেইটা দিন ভাইটি, ভন্তিসতে নিজকে থিৰাং কৰিব পোৰা নাই। মই কি পঢ়িম? মই কোনটো বিষয় লম? কোনোবাই তোমাক প্ৰশ্ন কৰিলে ইয়াৰ প্ৰতুত্তৰ দিবলৈ বিপাঙোত পৰিলে তেতিয়া হ’লে এইটো শেষলৈকে পঢ়ি যোৱা। পঢ়াই মানুহৰ বাবে বহুত প্ৰয়োজনীয়। ভালজীৱন যাপন কৰিবলৈ বা ভাল চাকৰি কৰিবলৈ পঢ়াটো দুয়ো মানুহৰ বাবে অতি গুৰত্বপূৰ্ণ। সকলো মা দেউতাই নিজৰ সন্তানক ভাল শিক্ষা দিবলৈ স্কুললৈ যাবলৈ দিয়ে। কিন্তু বহুত শিক্ষাৰ্থীয়ে দশম শ্ৰেণী পাছ কৰি কোনটো বিষয় ল’ব লাগে সেই ক্ষেত্ৰত বিপাঙোত পৰি যায়। কিন্তু একাদশ (AHSEC-Assam Higher Secondary Education Council)ৰ পৰা ভাল বিষয়ে নল’লে পিছত বহুতো অসুবিধা সন্মুখিন হব লগা হয়। তেতিয়াহ’লে আজি দশম শ্ৰেণীৰ পৰা ল’ব লগা কোনটো পঢ়িম, কোনটো নপঢ়িম সেইটো বিষয়ৰ ওপৰত আলোচনা কৰিম। কিয়নো দশম শ্ৰেণীৰ পৰা ভাল বিষয় লৈ পঢ়াটো অতি গুৰুত্বপূৰ্ণ বিষয়। আৰু এইটো জনা প্ৰয়োজন যে একদশ পৰা দাদশ শ্ৰেণীলৈ কোনটো বিষয়ৰ ওপৰত পঢ়িব লাগে, কিছুমান মানুহে নভবাকৈ নিজৰ বন্ধু–বান্ধৱী, বা আন মানুহৰ পৰা কবা, যিকোনো বিষয়তে, যিয়ে নিজৰ কোনো মনোযোগী(ইণ্টাৰেষ্ট) নাইপিছত মুখ থেকেচাত খাব লগা হয়। কাৰণ পিছত গৈ পঢ়াৰ প্ৰতি মনোযোগ নাথাকি ব্যাক্(Back) আহিব, পিছত বজা বেছি হৈ পঢ়া বাদ দিব। তেতিয়া বুজিব বহুত ভুলতকৈ ভুল দেখা দিব। এই কাৰণে ভাল বিষয় লবাটো অতি প্ৰয়োজন পিছত নিজৰ জীৱনৰ যাত্ৰা ভাল হয়। তোমাৰ মা দেউতাই বা আন কোনোবে যিয়ে কওঁক, তুমিহে পঢ়িব লাগিব। তুমি কোনো এটা subjectলৈ পঢ়িবলৈ অসুবিধা হৈছে, পিছত বদলাই দিব পাৰি। এইটো কেৱল একাদশ (AHSEC)ত হে কৰিব পাৰি।
Arts, commerce, science বা আন কোন বিষয়ৰ ওপৰত তোমাৰ বাবে অতি উত্তম সেই সকলো বিষয়ৰ ওপৰত জানিম। কিয়নো সকলো ঠাইতে একে বিষয় ওপৰত শিক্ষা দিয়া হয়। দাদশ(AHSEC)ৰ পৰা পিছলৈ নিজৰ পচন্দৰ অনুসৰি বাছনি কৰাটো অতি প্ৰয়োজন। সাধাৰণতে দশম শ্ৰেণী(HSLC-High School Leaving Certificate)পাছ কৰি তিনিটা শিক্ষাৰ প্ৰতি গুৰত্ব দিয়া হয়। এই তিনিটাই তোমালোকে পচন্দ কৰাটো অতি প্ৰয়োজন।
Arts, commerce শেষত science শিক্ষাৰ্থীয়ে পাছনি কৰিব লাগে। প্ৰথমতে Art Subject কিয়ো ল’ব লাগে, এই subject সেই ছাত্ৰ-ছাত্ৰীয়ে লয়, যাৰ ফলাফল অতি কম মাৰ্ক পায় অথবা আৰ্থিকভাবে দুৰ্বল, ৫০ শতাংশ মানুহে কয় Artsত পঢ়ি কোনো লাভ নাই, এনেকুৱা কোনো কথাই নাই! তুমি যদি ভালদেৰ পঢ়া তেতিয়া পিছলৈ গৈ উকিল, ৰাজনৈতি, Court Judge হব পাৰিব। ইয়াৰ উপৰি হিন্দী, সাংস্কৃত আৰো অসমীয়া বিভাগত প্ৰোফেচৰ, শিক্ষক- শিক্ষয়িত্ৰী আদি হবলৈ সুবিধা পাব। তুমি যদি আগলৈ গৈ সমাজ সেৱা, প্ৰশাসনক সেৱা, উকিল আদি হবলৈ ইচ্ছা আছে তেতিয়া Arts subject লব পাৰিব। Arts subjectত কি কি বিষয়ত পাব পাৰি বা কি কি বিষয়ত শিক্ষা দিয়া হয় তাক বিতংককৈ জনা অতি প্ৰয়োজন।
Subjects in Arts
- History.
- English.
- Hindi.
- Sanskrit.
- Economics.
- Political Science.
- Philosophy.
- Geography.
- Education(Assamese medium)
- Adv. Assamese(Assamses medium)
১.ইতিহাস(History): পুৰণি কালৰ ইতিবৃতৰ বিষয়ে জানিবলৈ হ’লে ইতিহাস লোৱাটো অতি প্ৰয়োজন। তুমি যদি আগৰ কালৰ বিষয়ে জানি বা পঢ়ি ভাল লাগে তেতিয়া এই বিষয়টো আৰু অধিক জানিবলৈ দিব। ইতিহাস হৈছে পিছৰ ঘটনাৰ লগতে স্মৃতি, বিচাৰ, সংগ্ৰহ,.. আৰু এই ঘটনাৰ বিষয়ে জনাৰ ব্যাখ্যাৰ সংদ্ধিত।
২.ইংৰাজী(English): এই subjectত তোমাক ইংৰাজী শিক্ষা দিয়া হয়। জানিবলৈ, পঢ়ি বা আগলৈ গৈ ইংৰাজীৰ ক্ষেত্ৰত সহায় কৰিব।
৩.জিয়োগ্ৰাফী(Geography): ভূগোলৰ কাৰ্য মানুহ আৰু ইয়াৰ পৰিৱেশ মাজত যিটো বাতাবৰণৰ সম্বদ্ধৰ অধ্যয়ন। ভূগোলে পৃথিবীৰ আৰু ইয়াৰ চাৰিওফালে থকা মানৱ সমাজৰ মাজৰ বিষয়ৰ তথ্যসমূহ জানিব পাৰি।
৪. চাইকোলজী(Psychology): এই subjectত মানুহৰ মগজু আৰু behavior ৰ বিষয়ে ভালদৰে জানিবলৈ দিব।
৫. পিলটিকল চায়েন্স(Political Science): ৰাজনীতি বিজ্ঞান হৈছে সামাজিক অধ্যয়ন। যত শাসন আৰু আন্তৰাষ্ট্ৰীয় সংগঠন, ৰাজনীতিক ব্যৱহাৰ আৰু সাৰ্বজনিক নীতিৰ সহিত শাসনৰ ভুমিকা আৰু প্ৰণালিৰ আদিৰ বিষয়ে জানিব পাৰিব।
৬.ইকনোমিক্স(Economics): এই subjectত ভাৰতৰ ব্যৱসায়, অৰ্থনৈতিক আদিৰ ক্ষেত্ৰত ভালদৰে জানিবলৈ দিব।
৭.সংস্কৃত(Sanskrit): এই subjectত সংস্কৃত ভাষা শিকিব পাৰি, যদি তুমি সংস্কৃত ভাষাত শিকবলৈ ইচ্ছা আছে। ৩,৫০০ বছৰৰ ইতিহাসৰ প্ৰাচীন ভাৰতীয় উপমহাদেশৰ এটি ইন্দো-আৰ্য বা ভাৰতীয় ভাষা।
৮.চোছিয়োলজী(Sociology): সমাজবিজ্ঞান হ‘ল সমাজৰ অধ্যয়ন, সামাজিক সম্পৰ্কৰ নিদৰ্শন আৰু দৈনন্দিন জীবনৰ চাৰিওপাহে থকা সংস্কৃতি। এইটো সামাজিক বিজ্ঞান যত সামাজিক শৃংঙ্খলা আৰু সামাজিক পৰিবৰ্তন সম্পৰ্কে জ্ঞানৰ এটি অঙ্গ বিকাশৰ বাবে অভিজ্ঞতাগত তদন্ত আৰু সমালোচনামূলক বিশ্লেষণৰ বিভিন্ন পদ্ধতি ব্যৱহাৰ কৰে।
৯.ফিলোচফী(Philosophy): মনবিজ্ঞান হ’ল আচৰণ আৰু মনৰ বিজ্ঞান। মনোবিজ্ঞানৰ সচেতন আৰু অচেতন ঘটনাৰ পাশাপাশি বোধ আৰু চিন্তাভাবনা অধ্যয়ন অন্তৰ্ভক্ত।
উল্লেখযোগ্য যে এই কেইটা বিষয়ত গোটেই ভাৰতবৰ্ষতে শিক্ষা দিয়ে। কিন্তু তাৰ উপৰি অসমত Adv. Assamese, Education আদি বিষয়ত গুৰুত্ব দিয়া দেখা যায়।
কমাৰ্চত Subject
দশম শ্ৰেণী(HSLC)ত আৰ্টচৰ পৰা আন subject হৈছে কমাৰ্চ। এই subjectক আৰ্টছতৈ অকনমান বেছি গুৰুত্ব দিয়া হয়, এই subject ল’বলৈ হ’লে ৬০ শতাংশ মাৰ্ক লাগিব তেতিয়াহে স্কুলত চিত(স্হান) পোৱাটো নিশ্চয়। আপোনি যদি বেঙ্কিং, চি.ই.এ আৰু আগলৈ গৈ কম্পিউটাৰ বিষয়ে লবলৈ ইচ্ছা থাকিলে আপোনৰা কাৰণে বেষ্ট হব। এই subjectক বেঙ্ক মেনাজাৰ, একাউটিং আদি বহুতো সুবিধা পাব। কমাৰ্চত কি কি subject আছে ইয়াৰ বিষয়ে জনাটো অতি প্ৰয়োজন জানো আহোঁক।
- Accountancy (Mandatory)
- Business Studies (Mandatory)
- Statistics (Optional)
- English (Mandatory)
- Economics (Optional)
- Mathematics (Optional)
১.একাউনটনচী(Accountancy):এই subjectৰ ভিতৰত আপোনাক হিচাপ নিকাচৰ বিষয়ে শিক্ষা দিয়া হয়, যেনে বিজিনেচ, বেঙ্কত পইচা জমা কৰিবলৈ আৰু উলিয়াবলৈ আদি।
২.ইকোনোমিক্স(Economics): এই subjectকত আপোনাক ভাৰতৰ
ইকোনোমিক্সৰ গুলদছ এন্ড চাৰ্ভিচ আৰু চেলৰ বিষয়ে জানিব বহুত জানিবলৈ পাৱ।
৩.বিজিনেচ ষ্টডিচ(business studies): এই বিষয়ৰ ভিতৰত আপোনাক বিজিনেচৰ বিষয়ে জানিবলৈ পাব, কেনেদৰে বিজিনেচ কৰিব? আৰু ইয়াত কি কি লাগতিয়াল ইত্যাদি পঢ়িবলৈ পাৰিব।
৪.মেথমেটিক্স(Mathematics): এই subjectত গণিতৰ বিষয়ে শিক্ষা দিয়া হয়, যত আগলৈ গৈ বহুত বিজিনেচ কৰাৰ ক্ষেত্ৰত বহুত কামত লাগিব।
৫.ইংলিজ(English):এই subjectৰ ভিতৰত আপোনাক ইংৰাজী গ্ৰামাৰ আৰু শিক্ষা দিয়া হয় যত আগলৈ গৈ ইংৰাজীয়ে আপোনাক ভালদৰে সহায় কৰিব।
Science Subject
আপোনালকে কমাৰ্চ অধ্যয়নত কি কি পঢ়িব লাগে সেই সকলোকে জানিলে। শেষত, এতিয়া আহিল Science অধ্যয়ন কৰি কি কি পঢ়িব লাগি ইয়াক কিয়ো ইমান গুৰত্ব দিয়া হয়। বিজ্ঞান অধ্যয়নে আগলৈ গৈ ইয়াৰ ডিমান ইমান বহুত বেছি, ইয়াত দক্ষ ছাত্ৰ-ছাত্ৰীয়ে পঢ়ে কাৰণ ইয়াত কমাৰ্চকৈ অলপ বেছিকৈ গুৰত্ব দিয়া হয়। তুমি যদি পঢ়াত ইমান ভাল নহয় তেতিয়া হ’লে এই বিষয়ত কেতিয়াও নলৱা। তুমি যদি ইংজিনীয়াৰ, ডাক্টৰ, চায়েন্টিচ আদি হবলৈ ইচ্ছা আছে তেতিয়া হ’লে এই বিষয়ত পঢ়িব পাৰিব। বিজ্ঞানক দুটা ভাগত পাব পাৰি, যেনে- ১. মেডিকেল ২. নানমেডিকেল। তুমি যদি মেডিকেল ইচ্ছা আছে এইটো বাছনি কৰিব পাৰে। যদি তুমি ইংঞ্জিনাৰিং, চায়েন্টিচ আদি হবলৈ নানমেজিকেল লব লাগে। যত biology subjectত meths পঢ়িবলৈ দিব। কিন্তু বিজ্ঞানত বহুতো subject আছে তুমি কোনো বিষয়ত মনোযোগ আছে বাছনি কৰিব লাগিব।
- ফিজিক্স(Physics):এই subjectকৰ ভিতৰত পদাৰ্থ, গতি আদি টাপিক্সৰ বিষয়েও জানিব পাৰিব।
- কেমিষ্ট্ৰী(Chemistry): এই subjectত ভিতৰত ৰাসায়নিক বিজ্ঞানৰ বিষয়ে পঢ়িব পাৰিব। যেনে-পানী, কেমিকেল আৰু গেছৰ দৰে পদাৰ্থৰ বিষয়েও।
- বায়োল’জী(Biology): এই subjectকৰ ভিতৰত জীব বিজ্ঞানৰ বিষয়ে জানিব পাৰিব। যেনে- মানুহ শৰীৰ। যাক প্ৰাণীবিদ্যা বুলিও কব পাৰি।
- মেথামেথিক(Mathematics): এই subjectৰ ভিতৰত গণিতৰ বিষয়ে জানিব পাৰিব, যত পিছলৈ তোমাক বহুত সহায় কৰিব।
- কম্পিউটাৰ চাইনচ(Computer Science): এই subjectত কম্পিউটাৰৰ বিষযে শিক্ষা দিয়া হয়, যেনে-কম্পিউটাৰ কি? চফৱেৰ মানে কি?, ইণ্টাৰনেট আদি শিক্ষা দিয়া হয়।
- বায়োটেকনোল’জি(Biotechnology): এই subjectত আপোনাক বায়োটেকনাল’জিৰ বিষয়ে পঢ়াবলৈ দিব, যেনে- বায়োল’জিকল চিষ্টেম, লিবিংগ আৰ্গিনিজম আদি।
বৰং ইয়াৰ উপৰিও কেইবাটাও ডিপ্লোমা কোৰ্চ(diploma courses) আছে। প্ৰথমতে, যদি তুমি দশম শ্ৰেণী পাছ কৰি কলেজলৈ যাব নিবিচাৰে তেতিয়া ডিপলমা কোৰ্চ (diploma courses), প্ৰোফশ্বনেল কোৰ্চ আদি কৰি ভাল চাকৰী কৰিব বিচাৰ তেন্তে এই কোৰ্চত লব পাৰে। দশম শ্ৰেণী (HSLC)পাছ কৰি বেলেগ বেলেগ বিষয়ত এনেকুৱা বহুতো institute আছে, যত পঢ়ি ভাল চাকৰিৰ বাবে আবেদন কৰিব পাৰে। দশম শ্ৰেণী পাছ কৰি কলেজলৈ যাব নিবিচাৰিলে পোলিটেক্নিক(Polytechnic) কোৰ্চ আপোনাৰ বাবে অতি উত্তম অপশ্বন। এক institute আছে যত আপোনাক ডিপ্লোমা কৰিবলৈ দিয়ে। যেনে- ফেশ্বন ডিজাইন, কম্পিউটাৰ হাৰ্টৱেৰ, অটো মোৱাইল, ইলেক্ট্ৰিক ইঞ্জিনিয়াৰিং, মেকনিকেল ইঞ্জিনিয়াৰিং ইত্যাদি। এনকুৱা বিষয়ত ডিপ্লোমা লৈ পিছত ডাইৰেক্ট চাকৰীৰ(Job) কাৰণে আবেদন কৰিব পাৰিব। পিছলৈ তুমি বেচ্চেলৰ(Bachelor) ডিগ্ৰী লৈ পঢ়িব পাৰিব।
দ্বিতীয়তে, দশম শ্ৰেণীৰ পিছত আপুনি যদি পোলিটেক্নিক(Polytechnic) কোৰ্চ কৰিব নিবিচাৰে তেতিয়া আই.টি.আই(Industrial Training Institute) ডিপ্লোমা কোৰ্চ কৰিব পাৰিব। যত নিজকে নিজে বিভিন্ন কামত কোৰ্চ কৰি দিয়ে পিছত অতি সোনকালে চাকৰি পোৱাটো খাতাং।
আপুনি বহুতো subjectকৰ বিষয়ে জানিলে, শুনক সকলোৰে, কৰক নিজৰ মনৰ। কিয়নো নিজৰ মনত জানি বুজি যেতিয়া কৰিব তেতিয়াই নিজৰ শিক্ষাৰ ক্ষেত্ৰত মনোযোগ হব। তেতিয়া হ’লে তুমি এটা ভাল সিন্ধান্ত লৈছা, বহুত শুভ কামনা থাকিল। নিশ্চয় আপোনালকৰ বাবে বহুত usefully, helpfully হব পাৰে।