দূৰদৰ্শনৰ ভাল বেয়া প্ৰভাৱ

       বিজ্ঞানৰ আৱিষ্কাৰ দুৰদৰ্শনে এক চমকপ্ৰদ সাফল্য। মানুহে প্ৰকৃতিৰ গূঢ় ৰহস্য উদ্‌ঘাটন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। তাৰেই ফলত সৃষ্টি হৈছে বিজ্ঞানৰ জয়যাত্ৰা বিজ্ঞানে বিশ্বৰ বুকুত নতুন নতুন আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে। দুৰদৰ্শন বিজ্ঞানৰ নতুন অথচ চমকপ্ৰদ সাফল্য।

       ১৯২৬ চনত ইংলেণ্ডৰ বিজ্ঞানী জন এল বাইৰ্ড দুৰদৰ্শন আৱিষ্কাৰ কৰিছিল। দুৰদৰ্শনৰ আৱিষ্কাৰে বিশ্বক চমকৃৎ কৰি তুলিছিল। দুৰদৰ্শন আৱিষ্কাৰৰ এক ইতিহাস আছে, ই একেদিনে আৱিষ্কাৰ হোৱা নাছিল। অনুসন্ধিৎসু বিজ্ঞানীয়ে প্ৰকৃতিৰ অন্তৰালত থকা শক্তিক মানুহে দৈনন্দিন জীৱনত ব্যৱহাৰ কৰিবলৈ অহৰহ চেষ্টা চলাই আহিছে। তেনে প্ৰচেষ্টাৰ ফলত এদিন আৱিষ্কাৰ হৈছিল টেলিগ্ৰাফ, টেলিফোন। ফলত দুৰ-দুৰণিৰ লগত সংযোগ সহজ কৰি তুলিলে। আকাশ মাৰ্গত মেঘৰ চিকমিকনি দেখি এদিন হ’ল বিদ্যুৎ শক্তিৰ উৎস। তাৰ পিছত ক্ৰমে আৱিষ্কাৰ কৰিলে মহাকাশৰ বুকুতক ইথাৰ স্থিতি, ইলেকট্ৰন মহাশক্তি। ইমানতে ক্ষান্ত নাথাকি, দুৰৈৰ মাতষাৰ ঘৰতে বহি শুনিব পৰাকৈ আৱিষ্কাৰ কৰিলে অনাতাঁৰ আৰু প্ৰত্যক্ষভাৱে চাব পৰাকৈ আৱিষ্কাৰ কৰিলে চলচ্চিত্ৰৰ। এদিন দুৰৰ মানুহৰ কণ্ঠস্বৰৰ লগত মানুহজনৰো দৰ্শনৰ প্ৰব হেঁপাহে তোলপাৰ লগোৱা অনুসন্ধিৎসু বিজ্ঞানৰ হাতত আৱিষ্কৃত হ’ল দুৰদৰ্শন। এনেদৰেই অনাতাঁৰ আৰু চলচ্চিত্ৰৰ সুসমন্বয়ত সৃষ্টি কৰিলে দুৰদৰ্শন। দুৰদৰ্শনৰ প্ৰচাৰ কাৰ্য আৰম্ভ হৈছিল ১৯৩৬ চনত। পোনতে ব্ৰিটিছ ব্ৰডকাষ্টিং কৰ্পৰেশ্যনে প্ৰচাৰ ব্যৱস্থা হাতত লৈছিল। লাহে লাহে ই গোটেই পৃথিৱীতে বিয়পি পৰে।

আৰু পঢ়কঃমাদক দ্ৰব্য, সমাজত ইয়াৰ কু-প্ৰভাৱ

       ভাৰতত পোনপ্ৰথমে ১৯৫৯ চনত দিল্লীত দুৰদৰ্শন কেন্দ্ৰ স্থাপন কৰা হৈছিল যদিও বেছিকৈ ইয়াৰ প্ৰসাৰ হোৱা নাছিল। প্ৰথম আকাশবাণীৰ দুৰদৰ্শন সেৱা বিভাগে ইয়াক পৰিচালনা কৰিছিল যদিও পিছত ই এটা সুকীয়া বিভাগ হয়। বৰ্তমান ভাৰতৰ মহানগৰ, নগৰ সকলোতে দুৰদৰ্শন কেন্দ্ৰ স্থাপিত হৈছিল।

সমাজত দুৰদৰ্শনৰ প্ৰভাৱ

       বৰ্তমান সমাজত দুৰদৰ্শনৰ প্ৰভাৱ অসীম। নগৰে-চহৰে, গাঁৱে-ভূঞে, অনুষ্ঠান-প্ৰতিষ্ঠান বা কোনো ঘৰত নহয় কোনো ঘৰত দুৰদৰ্শন আছে। নগৰত প্ৰায় ঘৰে ঘৰে দুৰদৰ্শন দেখিবলৈ পোৱা যায়। সম্প্ৰতি আধুনিক সভ্যতা-সংস্কৃতিৰ ইয়াৰ এবিধ বস্তু বুলি যেন মানুহে ভবা হৈছে। আজিকালি দুৰদৰ্শনৰ কাৰ্যসূচী সম্প্ৰসাৰিত হৈছে। দুৰদৰ্শনত বিভিন্ন গীত-মাত, নৃত্য পৰিৱেশন কৰা হয়। বিশ্ববিদ্যালয়ৰ পৰা বিদ্যালয়লৈ সকলো শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে শৈক্ষিক দিশলৈ লক্ষ্য ৰাখি কাৰ্যসূচী প্ৰস্তুত কৰি পৰিৱেশন কৰে। ভিন ভিন অঞ্চলৰ মানুহৰ সামাজিক, সাংস্কৃতিক অৱস্থা আৰু আচাৰব্যৱহাৰক লৈ কাৰ্যসূচী প্ৰস্তুত কৰি দেখুৱায়। দেশৰ বা-বাতৰি ইয়াৰ যোগেদি প্ৰচাৰ কৰা হয়। কৃষিকাৰ্য, উদ্যোগ আদি আৰু তাৰ লগত সংশ্লিষ্ট অনুষ্ঠান-প্ৰতিষ্ঠানকো দুৰদৰ্শনৰ যোগেদি প্ৰদৰ্শন কৰে। তদুপৰি নানা উদ্যোগ, অনুষ্ঠান-প্ৰতিষ্ঠানে প্ৰস্তুত কৰা বয়বস্তুৰ বিজ্ঞাপন দৰ্শকৰ আগত দাঙি ধৰে। সেইবাবেই দুৰদৰ্শনৰ কাৰ্যসূচীয়ে সমাজৰ বিভিন্ন জনক আকৰ্ষিত কৰিব পাৰে। ফলত মানুহৰ মনত দুৰদৰ্শন চোৱাৰ হেঁপাহ প্ৰবল হৈ থাকে। বৰ্তমান সমাজত আনবোৰতকৈ দুৰদৰ্শনৰ প্ৰভাৱ সবাতোকৈ বেছি। ইয়াৰ মূল কাৰণ শ্ৰব্য আৰু দৃশ্য দুয়োটাকে ইয়াত মানুহে বিচাৰি পায়। গীত, নৃত্য, অভিনয়, কথা-বতৰা, আলোচনা-বিলোচনা, খেলা-ধূলা, দৈনন্দিন বা-বাতৰি, নানান শিক্ষা বিষয়ক কথা অভিৰুচি অনুসাৰে যিয়ে চাবলৈ শুনিবলৈ বিচাৰে তাকে পায়। বিশ্বৰ জানিবলৈ উৎকণ্ঠিত যিকোনো কথাক বা ঘটনাক সময়মতে দুৰদৰ্শনৰ পৰা জানিব পাৰে বা চাব পাৰে। মানুহে ঘৰত বহি ১৯৬৯ চনত চন্দ্ৰ অভিযানৰ সকলো কথা দূৰদৰ্শনত চাই মানুহে মনৰ উৎকণ্ঠাৰ উপশম ঘটাইছিল। বিশ্বৰ যিকোনো দেশত অনুষ্ঠিত খেল এখন ঘৰতে বহি দূৰদৰ্শনত উপভোগ কৰিব পাৰে। বিশ্বকাপ প্ৰতিযোগিতা আদিৰ সময়ত দূৰদৰ্শনে মানুহৰ মনলৈ তৃপ্তি কঢ়িয়াই আনে। মুঠতে দূৰদৰ্শনৰ প্ৰভাৱত সমাজৰ মানুহে শিক্ষা, জ্ঞান লাভ কৰিবলৈ সমৰ্থ হৈছে।

       অৱশ্যে দূৰদৰ্শনৰ কুফলো যে নাই তেনে নহয়। দূৰদৰ্শনৰ যোগেদি দিনৰ দিনটো বিবিধ দৰ্শনৰ সুবিধা হেতু বহুতো ল’ৰা-ছোৱালীয়ে তাতেই মনোনিৱেশ কৰি অধ্যয়নৰ অমূল্য সময় নষ্ট কৰা দেখা গৈছে। সস্তীয়া চিনেমা আৰু অন্যান্য মাৰ-পিট, অশ্লীল অংগী-ভংগী চাই কোনো ল’ৰা-ছোৱালীয়ে অসামাজিক অপৰাধমূলক কাম কৰিবলৈ কুণ্ঠাবোধ নকৰা হৈছে।

আৰু পঢ়কঃস্ত্ৰী শিক্ষাৰ প্ৰয়োজনীয়তা

FAQ

১. দূৰদৰ্শন কোনে আবিষ্কাৰ কৰিছিল?

১৯২৬ চনত ইংলেণ্ডৰ বিজ্ঞানী জন এল বাইৰ্ড(John Logie Baird) দুৰদৰ্শন আৱিষ্কাৰ কৰিছিল ।

Leave a Comment