শৰৎ কালত পালন কৰা হিন্দু ধৰ্মৰ সকলোতকৈ জাকজমতাৰ উৎসৱেই হৈছে দেৱালী, দীপাৱলী বা দীপান্বিতা ৷ কাতি মাহৰ অমাৱস্যা তিথিৰ দিনা চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ দিপাৱালী পালন কৰা হয় ৷ ইয়াক বেছিকৈ হিন্দুসকল, জৈনসকল, শিখসকল, আৰু কিছু বৌদ্ধসকলে দিপাৱালী পালন কৰা হয়। এই উৎসৱৰ মূল কাৰণ হ‘ল ‘অন্ধকাৰৰ বিৰূদ্ধে পোহৰ, বেয়াৰ বিৰূদ্ধে ভালৰ আৰু অজ্ঞানৰ বিৰূদ্ধে জ্ঞানৰ বিজয়‘ক প্ৰতিনিধিত্ব কৰা। ইয়াক ভাৰতীয় মানুহে পোহৰৰ উৎসৱ বুলি পালন কৰে। ঘৰ-দুৱাৰ, দোকান-পোহৰ, কাৰ্যালয়, মন্দিৰ আদি বিভিন্ন আলোকসজ্জাৰে আলোকিত কৰা হয়। সেয়েহে অন্ধাৰক নাশ কৰিবলৈ মানুহে শাৰী শাৰী বন্তি বা মম প্ৰজ্বলনেৰে চৌদিশে পোহৰাই তোলে।
কিন্তু বিগত কিছু বছৰৰ পৰা দেৱালী পালনৰ ক্ষেত্ৰত জাকজমকতা তথা প্ৰদৰ্শনকামীতাইহে প্ৰাধান্য পাই অহা দেখা গৈছে। পোহৰৰ উৎসৱক মানুহে শব্দ-বাৰুদৰ উৎসৱলৈ ৰূপান্তৰ। দেৱালী পালনৰ ক্ষেত্ৰত প্ৰকৃত উদ্দেশ্য যেন ক‘ৰবাত পৰি ৰ‘ল। যেনে- আতচবাজী, নানান বিৰঙি বিজুলি লাইট, ৰং তামাছা, মদ বাং, জুৱা খেল, আদি। ইয়াৰ পৰাই মানুহক বিপদ কঢ়িয়াই আনে। আতচাজীবোৰৰ পৰা শব্দ আৰু বায়ু প্ৰদুষনৰ সৃষ্টি কৰে। এইখিনিতে উল্লেখ কৰিব পাৰি বিগত বছৰ দিল্লী নিচিনা ঠাইত আতচবাজীৰ ফলতে বায়ুৰ প্ৰদুষন বাঢ়ি গৈছিল। ইয়াৰ পৰা হাঁপানী বা এজমা ৰোগীৰ বাবে অত্যন্ত বিপদজনক আৰু ক্ষতিকাৰক। এজন সুস্হ ব্যক্তিও অসুস্হ হৈ পৰিব।
বৰ্তমান ৰং-বিৰঙি বিজুলী বাতিৰে চৌদি্শে পোহৰাই আলোকিত কৰি তোলা হয়, যদিও তাহানিৰ সেই দীপাৱলীৰ মাদকতা আজি পাবলৈ নাই ৷ তাহানিৰ দিনত সৰু-ডাঙৰ সকলোৰে সহযোগত যি আনন্দ, উৎসাহ-উদ্দীপনাৰে দীপাৱলী পালন কৰি এক সুকীয়া মাদকতা বা আনন্দ লভিছিলো, সাম্প্ৰতিক সময়ৰ বৈদ্যুতিক আলোকসজ্জাই মনত সেই আনন্দ বা সুখানুভূতি দিব নোৱাৰে ৷ সেয়েহে দেৱালীৰ কেইদিনত অসাৱধানতাৰ বাবে ফটকাৰ পৰাই, বা আন কাৰণতে হওঁক ,অগ্নিকাণ্ড সংঘটিত হোৱা দুৰ্ঘটনাৰ বাতৰি, সত্যা-হিংস্যা, যানবাহনৰ দুৰ্ঘটনা, অন্য দিনবোৰতকৈ অধিক শুনা যায় ৷ কিছু আনন্দৰ বাবে মানুহৰ মাজলৈ বিপদ কঢ়িয়াই আনে। আমি পোহৰৰ উৎসৱ পালন কৰোঁ কেৱল পোহৰ পাৱলৈ। এনে ফটকা আতচ্বাজী, ৰং বিৰঙি বিজুলি লাইট, মদ বাং, জুৱা খেলে মানুহক পোহৰ কঢ়িয়াই নানে, কেৱল বিপদ কঢ়িয়াই আনে। আমি পৰম্পৰাগত মাটি চাকি শলিতাৰে পালন কৰোঁ, আমাৰ লগতে আন জীৱকুলো নিৰাপদ হ’ব ৷ পৰম্পৰাগত থলুৱা মাটি চাকি ব্যৱহাৰৰ ফলত আমাৰ থলুৱা মৃৎশিল্পীসকলেও আৰ্থিকভাৱে এটা সকাহ পাব আৰু দীপান্বিতাৰ ঐতিহ্যও অটুত থাকিব৷
কিন্তু দেখা যায় বহু শিক্ষিত লোকেও নিজৰ ফোঁপোলা আভিজাত্য দেখুৱাবৰ বাবে ফটকা-আতচ্বাজীৰ জ্বলোৱাৰ নামত বহু ধনৰ অপচয় কৰে ৷ এনে লাগে দীপাৱলীৰ নামত যেন মানুহৰ মাজত প্ৰতিযোগিতাৰহে অনুস্হিত কৰা হৈছে। এনেদৰে এচামলোকৰ প্ৰতিযোগিতামূলক মানসিকতাই পৰিৱেশ বিনষ্ট কৰাত অধিক অৰিহণা যোগাই আহিছে ৷ পোহৰ উৎসৱতকৈ অন্ধাকাৰৰহে জীৱনলৈ বেছি আনিছে।
এই উৎসৱত সমাহাৰ ঘটে আনন্দ, আশা আৰু উন্মাদনাৰ। কিন্তু এইবাৰৰ দীপাৱলীত দেশৰ হাজাৰ হাজাৰ লোকে এই আনন্দৰ পৰা বঞ্চিত হ’ব।বজাৰৰ জুই সকলোকে মগজু জুইয়ে আবুৰি ধৰিছে। দেশৰ বিভিন্ন ৰাজ্যত চাকি, ৰং-বিৰঙিৰ বিজুলী লাইট, ফটকা-আতচবাজীৰ বজাৰ বহিছে, আনফালে আকৌ শ শ লোকে বুকুত লৈ ফুৰিছে দুখ আৰু বেদনাৰ বোজা।
আহোক, এই দিপাৱলীত সকলোৱে এই ক’ৰনা মহামাৰীক পৰাজয় কৰি এখন প্ৰদূষনমুক্ত পোহৰৰ উৎসৱ পালন কৰোঁ।