ফেচবুকৰ প্ৰয়োজনীয়তা

ফেচবুক কি?

ফেচবুক হৈছে এক সামাজিক নেটৱৰ্কিং ছাইট যিয়ে আপোনাৰ বাবে পৰিয়াল আৰু বন্ধুবৰ্গৰ সৈতে অনলাইন সংযোগ আৰু ভাগ বতৰা কৰা সহজ কৰি তোলে।

বৰ্তমান ফেচবুকৰ প্ৰয়োজনীয়তা

বৰ্তমান বিজ্ঞান আৰু প্ৰযুক্তিবিজ্ঞানে বহুতো মানুহক আগলৈ লৈ গৈছে। ঠিক তেনেকৈ ছচিয়েল মিডিয়াৰ ক্ষেত্ৰতে হওঁক, এদিন এৰাতিৰ ভিতৰতে জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। আমি দৈনদিন ছচিয়েল মিডিয়াত ফেচবুক, টুইটাৰ, ৱাটচাপ, ইষ্ট্ৰাগ্ৰাম আদিত নিজকে ব্যস্ত হৈ পৰো। আপুনি কেতিয়াবা ভাবিছেনে যে মানুহে ছচিয়েল মিডিয়া ফেচবুক ব্যৱহাৰ কৰিবলৈ কিয় ভাল পায়? কাৰণ মানুহৰ মাজত তাৎক্ষণিক বাৰ্তা প্ৰেৰণ, অচিনাকী মানুহক লগক কৰা, নিজৰ বন্ধুৰ্বৰ সৈতে যোগাযোগ স্থাপন কৰা, খবৰ, বিডিঅ’, লেখক, ইত্যাদি কৰিবলৈ ভাল পায়। ইয়াত মানুহে নিজৰ ইচ্ছাৰে ফটো, ভিডিঅ’, নিজৰ মনোভাৱ লিখি বন্ধুবৰ্গৰ সৈতে চেয়াৰ কৰে। বৰ্তমান সময়ত শিশুৰ পৰা বুঢ়ালৈকে সকলোৱে ফেচবুক ব্যৱহাৰ কৰে। কাৰণ বৰ্তমান গুগোলত আপোনালোকে কোনো এটা একাউন্ট খুলিবলৈ চেষ্টা কৰিলে, ফেচবুক একাউন্টৰ লগতে অতি সহজে খুলিব পাৰি। ফেচবুক একাউণ্ট এটা থকাটো এতিয়া অনলাইন হোৱাৰ এক প্ৰত্যাশিত অংশ, যেনে আপোনাৰ নিজা ই-মেইল ঠিকনা থকা। আৰু যিহেতু ফেচবুক ইমান জনপ্ৰিয়, আন ৱেবছাইটবোৰে ফেচবুক একত্ৰিত কৰিবলৈ কাম কৰিছে। ইয়াৰ অৰ্থ হৈছে আপুনি ৱেবত বিভিন্ন সেৱাত ছাইন ইন কৰিবলৈ এটা ফেচবুক একাউণ্ট ব্যৱহাৰ কৰিব লাগেই। Free Fire, pubg, CoD গেম খেলিবলৈও শিশুবিলাকে ফেচবুকৰ যোগেদি ছাইন ইন কৰা হয়। ফেচবুকৰ বিষয়ে বৰ্তমান সময়ত আপোনালোকক নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সেয়েহে বৰ্তমান সময়ত ফেচবুক মানুহৰ মাজত অতি জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে।

আৰু পঢ়কঃ ফেচবুকৰ ভাল আৰু বেয়া দিশ

আৰু পঢ়কঃ দৈনন্দিন জীৱনত বিজ্ঞানৰ অৱদান

সামাজিক মাধ্যম হিচাপে ফেচবুক আৰু ইয়াৰ প্ৰভাৱ

সামাজিক মাধ্যম হিচাপে ফেচবুক আৰু ইয়াৰ প্ৰভাৱ সমাজত বহুতো প্ৰভাৱ পৰিছে। কাৰণ ইণ্টাৰনেটৰ যোগেদি মানুহৰ লগত যোগাযোগ স্হাপন সহজ হৈছে। আজি কালি মানুহে ইজনে আনজনক দুৰত্ব বা অচিনাকি হলেও ফেচবুক বা ছচিয়েল মিডিয়াৰ যোগেদি ইজনে আনজনক যোগাযোগ হৈ থাকে। ই এখন অন্য সমাজ। যাক মানুহে প্ৰযুক্তিবিদ্যাৰ যোগেদি অন্য সমাজত বা ৰঙীন পৃথিৱীত গুৰি ফুৰে। ইয়াত এখন সমাজৰ দৰে সকলো তাকে। বৰ্তমান ফেচবুক নৱ প্ৰজন্ম ওপৰত বেছিকৈ প্ৰভাৱ পৰা দেখা যায়। বেছিকৈ স্কুল-কলেজত যোৱা যুৱক-যুৱতী বা কিশোৰ ওপৰত প্ৰভাৱ পৰিছে।

ফেচবুক আৰু অসমীয়া ভাষা

বৰ্তমান ফেচবুকৰ যোগেদি অসমীয়া ভাষাৰ ক্ষেত্ৰত বহুতো প্ৰভাৱ পৰিছে। মন কৰিবলগীয়া কথা হ’ল বৃহত অঞ্চল বা জনগোষ্ঠীৰ এটাত বিয়পি পৰা ভাষা এটাই অঞ্চলটোৰ খণ্ড বা অংশ বিশেষে সুকীয়া ৰূপ লোৱা দেখা যায়। তথাপি অসমীয়া ভাষাত ফেচবুকত পোষ্ট লিখা দেখা যায়। কিছুমানে কবিতা, গল্প, উপন্যাস আদি নিজৰ অসমীয়াত লিখা ভাল পায়। আৰু ফেচবুকত কোনো বিশিষ্ট জনসমষ্টিৰ মাজত পাৰস্পৰিক মনৰ ভাব আদান-প্ৰদানৰ দেখা যায়। নিজৰ ভাষাৰ কথিত আৰু লিখিত ৰূপ বেলেগ বেলেগ। পৃথিৱীৰ প্ৰত্যেক ভাষাকে কথিত আৰু লিখিত দুটা ৰূপ পোৱা যায়। ফলত কথিত ভাষা ক’লেও অসমীয়াত লিখিত ভাষা বেছি প্ৰয়োগ কৰা দেখা যায় আৰু ক্ৰমে ক্ৰমে বাঢ়িহে গৈছে।

Leave a Comment