ফেচবুকৰ সুবিধা আৰু অসুবিধা দিশ এটা মুদ্ৰাৰে দুটা পিঠি। কাৰণ যিকোনো বস্তুৰে ভাল বেয়া দুয়ো থাকে। ভালদৰে ব্যৱহাৰ কৰিলে ভাল, আৰু বেয়া ধৰণে ব্যৱহাৰ কৰিলে বেয়া হব।
ফেচবুকৰ ভাল দিশ
ফেচবুকৰ জৰিয়তে আমি নিজৰ ফটো, ভিডিঅ’, লেখনিৰ জৰিয়তে নিজৰ মনোভাৱ বন্ধুবৰ্গৰ সৈতে প্ৰকাশ কৰিব পাৰোঁ। ফেচবুক এপ্লিকেশ্বনৰ জৰিয়তে বাতৰি আপডেত পাওঁ, বাৰ্তা প্ৰেৰণ কৰিব পাৰি, ভিডিঅ’ কল আদি কৰিব পাৰি। আমি নিজৰ প্ৰতিভা ফেচবুকৰ জৰিয়তে মানুহৰ আগত প্ৰকাশ কৰিব পাৰি। বিভিন্ন মেমে(মিমি) চেয়াৰ কৰিব পাৰি। ইয়াৰ উপৰিও মানুহে ফেচবুকত ভিডিঅ’ আপলোড কৰি টকাও ইনকাম কৰিব। আৰু লেখকবিলাকেওঁ ফেচবুকত ইনষ্টান্ট আৰ্টিলেছ নামৰ প্লেটফ্ৰমৰ জৰিয়তে বহু টকা ইনকাম কৰি আছে। কিছুমানে নিজৰ ব্যৱসায়ৰ বাবে ফেচবুক পেজ আৰু গ্ৰুপ খুলি মানুহৰ লগত যোগাযোগ হৈ ব্যৱসায়খন আগবঢ়ায় লৈ গৈছে।
ফেচবুকৰ বেয়া দিশ
আমি ফেচবুকৰ খুলিলে তৎক্ষণাত যিকোনো বাতৰি পাই যাওঁ, কিন্তু সেই বাতৰি বহুটো উৰা হব পাৰে, সেই কাৰণে কোনো পোষ্ট চেয়াৰ কৰাৰ আগতে বহু বাৰ ভাবিবা। ফেচবুকত অচিনাকী মানুহৰ লগত ফ্ৰেন্ড ৰিকুছ, কথা বাৰ্তা নকৰিবা। কোনো কেতিয়া গ্ৰাহ কৰিব পাৰি গমেই নাপাব। আজি কালি বহু ফেক(Fake) এইডি খুলি বন্ধুত্ব স্থাপন কৰি তোমালোকৰ পৰা ব্লেক মেইল কৰে। বৰ্তমান ফেচবুক নৱ প্ৰজন্মক বাৰুকৈয়ে গ্ৰাহ কৰি আছে। ফেচবুকত জীৱনত নিজৰ কাৰেক লোকেশ্বন বা ফটো চেয়াৰ নকৰিব। কৰবাত গলেও ঘৰত আহিহে ফটো চেয়াৰ কৰিব। পাছবাৰ্ড ফোন নম্বৰ বা জন্ম তাৰিখ নাৰাখিব। নিজৰ গোপনীয়তা আপোনাক এই ফেচবুক ধুনীয়াৰ পৰা বচাব। সামাজিক মাধ্যম হিচাপে ফেচবুক আৰু ইয়াৰ প্ৰভাৱ নৱ প্ৰজন্মক বাৰুকৈয়ে প্ৰভাৱ পৰিছে। ফেচবুক আসক্ত হোৱাটো সহজ, আৰু গৱেষণাই দেখুৱায় যে যিসকল শিক্ষাৰ্থীয়ে ফেচবুকত অত্যাধিক সময় অতিবাহিত কৰে তেওঁলোকে কম টোপনি, চকুৰ ভাগৰ, নেতিবাচক শৰীৰৰ প্ৰতিচ্ছবি, হতাশা, উদ্বেগ, চাইবাৰ উৎপীড়ন, আৰু অধিক ভুগিব পাৰে।