নৱবৰ্ষৰ নতুন দিশবোৰত কৃষিজীৱী গাঁৱৰ মানুহবোৰ আচাৰ-নিয়ম মানি চলা কথা সকলো দেশতে চলি আছে। এই নিয়মবোৰৰ বিশেষকৈ নৃত্য-গীত, পূজা-পাতাল ইত্যাদি। তালৈ চাই ক’ব লাগিব যে অসমৰ ব’হাগ বহুৰ এটা পৰম্পৰা প্ৰাচীন কালৰ পৰা চলি আহিছে। অসমৰ জনজাতীয় লোকসকলেও এই উৎসৱ মানি চলে। পৰম্পৰাৰ ইতিহাস ফঁহিয়াই চোৱা যাওক—
পণ্ডিতসকলৰ মতে ‘বিহু’ শব্দ সংস্কৃত ‘বিষুব’ শব্দৰ পৰা ওলোৱা বুলি কোৱা হয়। অথৰ্ববেদ আদিৰ মতে বিষুবন যাগ-যজ্ঞ কৰা এটা দিনৰ নাম। এই যজ্ঞই সূৰ্যৰ গতি নিয়ন্ত্ৰণ কৰি শস্যৰ বীজ গজাত সহায় কৰে। বিঞ্চুপুৰাণ স্মৃতিশাস্ত্ৰতো এনে পবিত্ৰ দিনত দান-দক্ষিণা কৰাৰ কথা কোৱা হৈছে। পুৰণি অসমত বলবৰ্মা আদি ৰজাসকলে দান-দক্ষিণা দিয়াৰ উদাহৰণ আছে।
দক্ষিণ ভাৰতৰ নায়াৰসকলে নৱবৰ্ষৰ উৎসৱক ‘বিষু’ বোলে। মধ্যপ্ৰদেশত ‘বিষু’ চিকাৰ প্ৰথা আছে। কোনো কোনো অঞ্চলত বৈশাখী উৎসৱ বুলি কোৱা হয়।
বিহুত আৰ্য আৰু অনাৰ্য দুই প্ৰকাৰৰ সংস্কৃতিৰ সুঁতি লগ লাগিছে। বিহু নৃত্যত থকা স্ত্ৰী-পুৰুষক মিলনৰ ইংগিত কৃষিভিত্তিক উৰ্বৰা অনুষ্ঠানৰ কথাই সুচায়। বৰ্তমান প্ৰচলিত ঘৰ-বাৰী শুচি কৰা, ন-কাপোৰ পিন্ধা, গৰু-গাইৰ যতন লোৱা, গোসাঁইৰ পূজা কৰা, নৃত্য আৰু গীত— এই আৰ্য আৰু অনাৰ্যৰ উদ্দেশ্য হ’ল খেতি-বাতিৰ মংগল সাধন কৰা। সেইফালৰ পৰা ই এক প্ৰকাৰ ধৰ্মানুষ্ঠান।
প্ৰাচীন অসমীয়া পুথিত ‘বিষুব’ আৰু ‘বিহু’ শব্দ আছে, উৎসৱ শব্দটো পোৱা নাযায়, সপ্তম শতিকাত মুছলমান ভ্ৰমণকাৰী এজন নৱবৰ্ষত অসমৰ ৰাজধানীত পুৰুষ-স্ত্ৰী উভয়ে নৃত্য আৰু গীতেৰে ৰং-ধেমালি কৰা ঢোল, পেঁপা আদি বাদ্যযন্ত্ৰৰ ব্যৱহাৰ কৰা লিখি গৈছে। বিদেশী ভ্ৰমণকাৰীয়ে নৱবৰ্ষৰ বৰ্ণনা দিয়া এয়েই প্ৰথম। এই ভ্ৰমণকাৰীজনে সম্ভৱতঃ ‘চিয়াবুদ্দিন’ নামৰ ভ্ৰমণকাৰীয়ে হ’ব। এওঁ মিৰজুমলাৰ আক্ৰমণৰ সময়ত আহিছিল। এই উৎসৱত ডেকা-গাভৰুৰ মনৰ আদান প্ৰদান হয় বুলি লিখিছে। এই কথাৰ দ্বাৰা প্ৰতিপন্ন হয় যে আহোম ৰজাসকলে পৃষ্ঠপোষকতা কৰা বাবে বিহু অসমৰ জাতীয় উৎসৱ হিচাপে পৰিগণিত হ’ল।
তদুপৰি নৱবৰ্ষত নৃত্য-গীত কৰা পৰম্পৰা আহোমসকলে শ্বান বা চীনদেশৰ পৰা লৈ আহে বুলি ক’ব পাৰি। কিয়নো চীনদেশত বছৰৰ আৰম্ভণিত নৈৰ পাৰত ডেকা-গাভৰুৱে নাচ-গান কৰিছিল, উত্তৰ-প্ৰত্যুত্তৰমূলক গীত গাইছিল। এনে উৎসৱৰ তাৎপৰ্য আছিল কৃষিৰ উন্নতি সাধন কৰা। আহোমসকলে হয়তো চীনদেশৰ পৰা আৰ্হি লৈ আহে।
পিচলৈ ঊন্নবিংশ শতিকাৰ ফালে আহোম শাসন লোপ পাবলৈ ধৰাত আৰু বঙ্গদেশৰ ব্ৰাহ্মণসকলৰ প্ৰভাৱত হিন্দুধৰ্মৰ বিধি ব্যৱস্থাই ঠাই ল’লে। সেয়েহে হ’বলগা ১৮২৯ চনত হলিৰাম ঢেকিয়াল ফুকনৰ নৃত্য-গীত আশোভন বুলি ঠাৱৰ কৰে।
১৮৮৫ চনত ‘আসাম বন্ধু’ কাকতত বলীনাৰয়ণ বৰাই বিহুৰ নৃত্য-গীতক শ্ৰীকৃষ্ণৰ বৃন্দাবন লীলাৰ কথা বুলি উনুকিয়াইছে।
উল্লেখযোগ্য যে সেই কালৰ দুই-এজন লোকৰ বিবেচনাত বিহুৰ বেয়া লক্ষণবোৰেই বিহুৰ প্ৰয়োজনীয় সামগ্ৰী হ’ল। প্ৰাচীন ভাৰতৰ খেতি-বাতিৰ ঊন্নতিৰ হকে কৰা পূজা-পাতল, যাগ-যজ্ঞৰ পৰিৱৰ্তে অসমত চলিত নৃত্য-গীত, উদ্দেশ্য দুয়োটাৰে একেই।
১৮৯৫ চনত ৰজনীকান্ত বৰদৈলৰ ‘মিৰিজীয়ৰীত’ বিহু নাচৰ বৰ্ণনা আছে। ১৯১৮ চনত গণেশচন্দ্ৰ হাজৰিকা নামৰ এজন লিখকে ‘বিহু আৰু তাৰ প্ৰাকৃতিক চিত্ৰ’ শীৰ্ষত সৰু পুথি এখন লিখে। তেওঁ ‘পুৰণি বস্তুৰ পৰা সাৰভাগহে সমাজৰ উপযোগী’ কৰি তোলাত গুৰুত্ব দিয়ে। লক্ষ্মীনাথ বেজবৰুৱাই ‘বাঁহী’ কাকতত বিহু উৎসৱৰ হকে সমৰ্থন জনাই একাধিকবাৰ লিখে। ১৯৩১ চনত গুৱাহাটীত ৰাজহুৱাভাৱে ৰং-ধেমালি, খোৱা-বোৱাৰে বহু পতা হয়।
সাম্প্ৰতিক কালত ভাৰতীয় জাতীয় জাগৰণৰ সময়তৰ জাতীয় সংস্কৃতিৰ পুনৰুদ্ধাৰ আৰু নৱ-মূল্যায়ন কৰা হয়। বিহু ঘাইকৈ জাতীয় উৎসৱ আৰু অসমীয়া সংস্কৃতিৰ প্ৰতীক স্বৰূপ। বিভিন্ন খেল আৰু বিভিন্ন ভাষাৰ মিলনৰ ক্ষেত্ৰ হিচাপে বিহু সাংস্কৃতিক সমন্বয়ৰো প্ৰতীক।