বিটকইন কি? বিটকইন কেনেকৈ ব্যৱহাৰ কৰা হয়? বিটকইন কিয় ব্যৱহাৰ কৰা হয়? What is Bitcoin in Assamese

বিশ্বত সকলো দেশতে টকা আছে, আৰু সেই টকাৰ যোগেদি বস্তু লেন-দেন কৰা হয়। সকলো দেশতে টকাৰ নাম ভিন্ন ভিন্ন, আৰু মূল্যসমূহো বেলেগ বেলেগ। যেনেদৰে ভাৰতবৰ্ষত টকাৰ লেন-দেন কৰিবলৈ ইণ্ডিয়ান ৰুপি(আইএনআৰ), আমেৰিকাৰ টকা ডলাৰ, উকেৰ টকা পাউণ্ড আছে। সেইদৰে বিভিন্ন দেশৰ বাবে নিজস্ব টকাৰ নাম আছে। সেইদৰে ইণ্টাৰনেটত টকা লেদ-দেন কৰিবলৈ টকা আছে, যাক আমি অনলাইন ট্ৰান্সেক্টশ্বন কৰিবলৈ বিটকইন ব্যৱহাৰ কৰা হয়। কাৰণ বহু বছৰ পৰা মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰি আছে বিটকইন। আজি বিটকইনৰ বিষয়ে আলোচনা কৰিম, বিটকইন কি? বিটকইন কেনেকৈ ব্যৱহাৰ কৰা হয়বিটকইন কেনেকৈ পাব/আহৰণ কৰিব পাৰি? বিটকইন কিয় ব্যৱহাৰ কৰা হয়? আৰু বিটকেইনৰ কাৰেন্সি কিমান মূল্য?

বিটকইন কি? বিটকেইন কেনেকৈ ব্যৱহাৰ কৰা হয়? বিটকইন কিয় ব্যৱহাৰ কৰা হয়?

 

আমি সকলোৱে জানো যে সমগ্ৰ দেশতে লেনদেনৰ বাবে মুদ্ৰা/টকা/পইচা/চিকা/নোটৰ ব্যৱহৃত হৈ আছে, যত আমি দৈনন্দিন জীৱনত লাগতিয়া বস্তু সামগ্ৰীসমূহ লেনদেন কৰিব পাৰি। এয়া আমাৰ পূৰ্বপুৰুষসকলেও ব্যৱহাৰ কৰি আহিছিল। কিন্তু আজি আপোনালোকৰ লগত আলোচনা কৰিম ডিজিটাল মুদ্ৰা(ডিজিটাল মানি, ইলেকট্ৰনিক মানি বা ইলেকট্ৰনিক মুদ্ৰা)। কোনো মুদ্ৰা, অৰ্থ বা অৰ্থৰ দৰে সম্পদ যত মূখ্য ৰূপে ডিজিটাল কম্পিউটাৰ চিস্টেমত, বিশেষ কৰি ইণ্টাৰনেটৰ মাধ্যমত পৰিচালিত, সঞ্চিত বা বিনিময় কৰা হয়। ডিজিটাল মুদ্ৰাক আমি ক্ৰিপতকাৰেন্সি হিচাপেও জানো। ইয়াক ব্যৱহাৰ কৰিবলৈ অনলাইন অৰ্থাৎ ইণ্টাৰনেটৰ যোগেদিহে ব্যৱহাৰ কৰিব পাৰি। বৰ্তমান বিভিন্ন দেশত ক্ৰিপতকাৰেন্সিৰ ব্যৱহাৰ ইতিমধ্যে হৈ আছে। কিন্তু ভাৰতবৰ্যত চৰকাৰে ক্ৰিপতকাৰেন্সি ব্যৱহাৰ কৰিবলৈ অনুমতি দিয়া নাই।

বিটকইন হল বিকেন্দ্ৰীভুত ডিজিটাল মুদ্ৰা, ইয়াত কোনো বেঙ্ক, কোনো চৰকাৰৰ হাতত নাই। বিটকেইনৰ আৱিষ্কাৰ কৰিছিল  চাতছি নাকামোত( Satoshi Nakamoto)নে ২০০৮ চনত। আৰু পিছত গ্লোবাল পেমেন হিচাপে জাৰি কৰিছল, তেতিয়াৰ পৰাই মানুহৰ মাজত জনপ্ৰিয়তা লাভ কৰিবলৈ সক্ষম হৈছে। ই বিকেন্দ্ৰি, ইয়াক কট্ৰাল কৰিবলৈ কোনো বেঙ্ক, কোনো চৰকাৰ স্বাত্বধিকাৰী  নাই অথবা ইয়াৰ কোনো মালিকা নাই।

বিটকইন সকলো মানুহে ব্যৱহাৰ কৰিব পাৰি, ইয়াক বতিক ৰূপে বস্তু বাহানি কিনিব নোৱাৰি, কেৱল অনলাইনহে কৰিব পাৰি। তথাপি নিজৰ দেশৰ টকাত বেঙ্ক একাউনত ট্ৰান্সেফাৰ কৰিব পাৰি। বিটকইন গোটেই বিশ্বত সকলোতকৈ মূল্যবান টকা হৈ গৈছে। বিটকইনৰ ক? কেনেকৈ ব্যৱহাৰ কৰা হয় জানো আহোওক।

বিটকইনৰ ব্যৱহাৰ অনলাইন পেমেন কৰিবলৈ ব্যৱহাৰ কৰা হয়, অনলাইন ডেব্লপাৰ, ইন্টাপ্ৰেনেউনৰ্ছ, নোন প্ৰফিত অৰগ্ৰানিশ্বন আদিয়ে বিটকইন গোটেই বিশ্বতে ব্যৱহাৰ কৰি আছে। ইয়াত কোনো নগত লৈ ফুৰিব নালাগে, ক্ৰেডিত বা ডেভিড কাৰ্ডৰ দৰে কোনো ব্যৱহাৰ কৰাৰ কোনো লিমিট নাথাকে অথবা ইয়াক ব্যৱহাৰ কৰিবলৈ কোনো সিমা নাই। ই সুৰক্ষিত, তীব্ৰগতি।

এতিয়া জানিম বিটকইনৰ কিমান মুল্য? বিটকইনৰ মুল্য কম বেছি হৈ থাকে, ইয়াক কন্ট্ৰল কৰিবলৈ কোনো মালিক নাই, এই কাৰণে ইয়াৰ মুল্য বদলি হৈ থাকে। আপোনালোকে হয়তো ভাবিব পাৰে বিটকইন কেনেকৈ পাব পাৰি? ইয়াৰ প্ৰশ্নত্তৰ মই আপোনালোকক দিওঁ, বিটকইন দুই প্ৰকাৰৰ পাব পাৰি, যদি আপোনাৰ বহু টকা আছে তেতিয়া টকা দি বিটকইন পাব পাৰি। আপোনাৰ যদি ইমান টকা নাই, তথাপি বিটকইন পাবলৈ ইচ্ছা আছে তেতিয়া সকলোতকৈ সৰু চাতছি কিনিব পাৰে। যেনে এক পইচাত এশ টকা,  সেইদৰে এক বিটকইনত দশ কোৰ চাতছি হয়। সেইবাবে এটা দুটা চাতছি কিনি ব্যৱহাৰ কৰি চাব পাৰি, পিছত বেছি চাতছি হৈ গলে তাক বেছি টকা পাব পাৰি। দ্বিতীয়তে মাইনাৰসকলে বিটকইনক ট্ৰাজ্যাকশ্বন কৰাত সহায় কৰি কিছু বিটকইন লাভ কৰিবলৈ সক্ষম হয়। কাৰণ মাইনাৰসকলে মানুহৰ বিটকইন লেনদেন কৰাৰ প্ৰক্ৰিয়াসমূহ সহায় কৰে। মাইনাৰ হবলৈ হাই ইস্পীড, ভাল প্ৰছেচৰ কম্পিউটাৰ, কডিং আদি ইবিলাক থাকিলেহে পাব, ইয়াক কম মানুহে এনেকুৱা কাম কৰিব পাৰি। মাইনাৰ হবলৈ সহজ কাম নহয়, ই বৰ কঠিন।

ভাৰতবৰ্ষত অতি জনপ্ৰিয় ৱেব চাইট আছে যত আপোনি কিনিব বা বেছিব পাৰি। সেই ৱেব চাইটৰ নাম zebpay.com আৰু unicoin.com, এই দুয়োটা ৱেব চাইটৰ যোগেদি বিটকেইন বেচা কিনা কৰিব পাৰি। এই দুয়োটাৰ যিকোনো ৱেব চাইটত গৈ একাউন বনাব লাগিব, যত আপোনাৰ কিছুমান ডুকোমেন জমা দিব লাগিব, যেনে- আধাৰ কাৰ্ড, পান কাৰ্ড, ভোটাৰ কাৰ্ড আদি লগতে ই-মেইল, মোবাইল নম্বৰ, বেঙ্ক একাউন আদিও জমা দিব লাগিব।

ভাৰতীয় ৰিজাৰ্ভ বেঙ্কে বিটকইনক ব্যৱহাৰ কৰিবলৈ নিষেধ কৰিছে, কাৰণ এয়া বে কানুনি হলেও তথাপি মানুহে বিটকইন কিনা বেচা কৰি আছে। ভাৰতীয় ৰিজাৰ্ভ বেঙ্কৰ দ্বাৰা ২৪ ডিচেম্বৰ ২০১৩ ত বিটকইন বাৰ্চুবেল মুদ্ৰাক লেন-দেন কৰিবলৈ অনুমতি কৰিবলৈ দিয়া নাই।

বিটকইন মানে কি? ধৰি লওঁক মই কোনো ঠাইৰ পৰা শিল লৈ আজিৰ তাৰিখত ১০০ টকা, কিন্তু আপুনি বিশ্বাস নকৰিব পাৰে, তেতিয়া এশজন মানুহে এই শিলৰ দাম এশ টকা কলে আপুনিও বিশ্বাস কৰিব লাগিব। সেইদৰে বিটকইনৰ ক্ষেত্ৰতো ২০০৯ চনত বনোবা হৈছিল, সেই সময়ত কোনো মুল্য নাছিল। ইয়াৰ কোনো টকা, সোণ, ৰূপ, নগত আদি কোনো ধৰণৰ একোকে নাজানিছিল। পিছত বনাই বনাই বিশ্বাস কৰি কৰি বহু মূল্য হৈ গৈছে, আজিৰ সময়ত বিটকইনৰ মুল্য সকলোৱে মানি লৈছে। এই বিটকইনৰ দৰে আমিও বনাব পাৰি, কোডিং, ক্ৰিপ্তগ্ৰাফি আদি ব্যৱহাৰ কৰি নিজেও বিটকইনৰ দৰে মুদ্ৰা বনাব পাৰি। কিন্তু যেতিয়া অসুবিধা আহিব যত মানুহে বিশ্বাস কৰি ইয়াৰ মুল্য দি কিনিব বা মানুহৰ মাজত কলেও বিশ্বস নকৰিব।

Leave a Comment