ভাৰত আৰু চীন দেশৰ মাজত উমেহতীয়া ভৌগোলিক সীমাৰ সম্বন্ধ অতীজৰে পৰা আছে। ব্ৰিটিছৰ পৰা মুক্ত হৈ ভাৰতে স্বধীনতা লাভ কৰাৰ পিছত চীনৰ সৈতে যথেষ্ট সুসম্পৰ্ক গঢ়ি উঠিছিল। ভাৰতবৰ্ষই ১৯৫০ চনত কোৰিয়ান যুদ্ধৰ সময়ত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত চীনক আক্ৰমণকাৰী হিচাপে ঘোষণা কৰাত ভাৰতে এই প্ৰস্তাৱৰ বিৰুদ্ধে ভোটাধিকাৰ প্ৰদান কৰিছিল। ১৯৪৫ চনত ভাৰতে চীনৰ লগত বিখ্যাত ‘পঞ্চশীল’ নীতিত চহী কৰে। এই নীতিয়ে ভাৰত আৰু চীনৰ নৈতিক আৰু কূটনৈতিক সহযোগিতা আগবঢ়াইছিল।
চীন দেশে এটা সময়ত তিৰ্বত আক্ৰমণ কৰিছিল। তেতিয়া তিৰ্বতৰ ধৰ্মীয় তথা ৰাজনৈতিক গুৰু দালাই লামাই ভাৰতবৰ্ষত আশ্ৰয় লৈছিল। চীনে দালাই লামাক ভাৰতত আশ্ৰয় দিয়াটো মানি ল’ব বিচৰা নাছিল। ফলত দুয়োখন দেশৰ মাজৰ সম্পৰ্কত অৱনতি ঘটিছিল। ইয়াৰ উপৰি সীমা বিবাদেও ভাৰত আৰু চীনৰ মাজত কিছু পৰিমাণে সম্পৰ্কৰ অৱনতি ঘটাইছিল। কাৰণ চীনে বে-আইনীভাৱে ভাৰতবৰ্ষৰ অৰুণাচল প্ৰদেশৰ ভূমি দাবী কৰিছে আৰু লাডাখৰ আকলাইচীন অঞ্চলকো নিজৰ বুলি দাবী কৰিছে, যাৰ ফলত দেশৰ ঐক্য-সংহতিত চীনে বহু পৰিমাণএ সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি কৰিছে।
ইয়াৰ উপৰি ভাৰতৰ পাৰমাণৱিক পৰীক্ষণ কাৰ্যই সৰু সৰু ৰাষ্ট্ৰৰ ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰিব বুলি চীনে ভাৰতক সমালোচনা কৰিছে। ইফালে ১৯৬৫ আৰু ১৯৭১ চনৰ যুদ্ধৰ সময়ত চীনে পাকিস্তানক আগবঢ়াৱা সহায়ৰ বাবে ভাৰতৰ প্ৰতিৰক্ষা ক্ষেত্ৰত ভাবুকিৰ সৃষ্টি কৰে। ১৯৯৯ চনত পাকিস্তানৰ দ্বাৰা কাৰ্গিল আক্ৰমণৰ ঘটনাক চীনে সমালোচনা কৰে। ১৯৮৮ চনত দুয়োখন চৰকাৰে সীমান্ত বিৰোধ আঁতৰাই শান্তি আৰু স্থিৰতা ৰক্ষাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে।
ভাৰত আৰু চীনৰ মাজত বিবাদ সৃষ্টি হোৱা কাৰণ
ভাৰত আৰু চীনৰ মাজত সময়ে সময়ে বিবাদ সৃষ্টি হোৱা মূল কাৰণ—
(১) তিব্বতৰ আধ্যাত্মিক তথা ৰাজনৈতিক নেতা দালাই লামাক ভাৰতে প্ৰদান কৰা ৰাজনৈতিক আশ্ৰয়।
(২) ভাৰত আৰু চীনৰ মাজত থকা মেকমোহন লাইনক হৈ হোৱা বিতৰ্ক।
(৩) ১৯৬৫ আৰু ১৯৭১ চনত ভাৰত-পাকিস্থান যুদ্ধত পাকিস্থানক চীনৰ দ্বাৰা সামগ্ৰী প্ৰদান।
(৪) ১৯৯৮ চনত পাকিস্তানে সম্পূৰ্ণ কৰা পাৰমাণৱিক পৰীক্ষাত চীন কাৰিকৰীয়ে সহায় আগবঢ়াৱা কাৰ্যইয়ো ভাৰত আৰু চীনৰ মাজত বিবাদ সৃষ্টি কৰিছে।