ভাৰত আৰু শ্ৰীলংকাৰ মাজত সম্পৰ্কৰ জটিলতাসমূহ

       দেশ দুখনৰ মাজত দেখা দিয়া এটি দীৰ্ঘদিনীয়া সমস্যা হৈছে ভাৰতৰ পৰা যোৱা অৰ্থাৎ শ্ৰীলংকাত বসবাস কৰি থকা তামিলসকলক লৈ সৃষ্টি হোৱা সমস্যা। শ্ৰীলংকাত বাস কৰা সিংহলি সংখ্যাগৰিষ্ঠতাই ৰাজনীতি শক্তিক পৰিচালনা কৰি আহিছে। এই ক্ষেত্ৰত তামিলসকলৰ খুউব কম সংখ্যকহে দেশখনৰ নাগৰিকত্ব প্ৰদান কৰিছে। ফলত ভাৰত বংশোদ্ভুত বহুসংখ্যক লোকেই ইয়াৰ বিৰোধিতা কৰি ভাৰত-শ্ৰীলংকাৰ মাজত বিৰোধৰ সংঘাতপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হৈছিল। ফলত দেশ দুখনৰ সম্পৰ্ক মাজত বাধানৰ সৃষ্টি হৈছিল।

ভাৰত আৰু শ্ৰীলংকাৰ মাজত চুক্তি ১৯৮৭ৰ বিষয়

ভাৰত আৰু শ্ৰীলংকাৰ মাজত তামিল সমস্যাটোক লৈ মাজে সময়ে উত্তেজনা সৃষ্টি হৈছিল। ১৯৮৭ চনৰ মাজভাগত শ্ৰীলংকাৰ নিৰপত্তা বাহিনীয়ে জাফনাৰ তামিলসকলক হত্যা কৰাত তামিলসকলৰ সহায়ৰ কাৰণে ভাৰত চৰকাৰে বিমানেৰে সাহায্য সামগ্ৰী যোগান ধৰিছিল। তামিল সমস্যাৰ সমাধানৰ কাৰণে ভাৰতৰ প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধী আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি জয়াৱৰ্ধনৰ লগত ১৯৮৭ চনৰ জুলাই মাহত এখন চুক্তিও স্বাক্ষৰিত হৈছিল। এই চুক্তিৰ মূল চৰ্তসমূহ আছিল এনেধৰণৰ—

১। শ্ৰীলংকাৰ সংহতি বিপন্ন নকৰাকৈ তামিল সংখ্যাগৰিষ্ঠ উত্তৰ আৰু পূবৰ প্ৰদেশসমূহ সংযুক্ত কৰি তামিলসকলৰ কাৰণে এখন প্ৰদেশ সৃষ্টি কৰা হ’ব।

২। উক্ত অঞ্চলত জনসাধাৰণৰ নিৰ্বাচিত প্ৰতিনিধিক লৈ এখন প্ৰাদেশিক পৰিষদ গঠন কৰা হ’ব।

৩। পূব প্ৰদেশৰ লোকসকলে উত্তৰ প্ৰদেশৰ লগত সংযুক্ত হ’বলৈ ইচ্ছা কৰেনে নকৰে সেইটো জানিবলৈ ১৯৮৮ চনৰ ডিচেম্বৰ মাহৰ ভিতৰত গণভোট লোৱাৰ ব্যৱস্থা কৰা হ’ব।

৪। তামিল সন্ত্ৰাসবাদীসকলে সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰাখিলে ভাৰতীয় সৈন্যই শ্ৰীলংকাত প্ৰৱেশ কৰি শান্তি ৰক্ষাৰ চেষ্টা কৰিব।

৫। ১৯৮৭ চনৰ আগষ্ট মাহৰ ১৫ তাৰিখৰ ভিতৰত জৰুৰী অৱস্থা উঠাই লোৱা হ’ব।

৬। সন্ত্ৰাসবাদী কাৰ্য আৰু সংকটকালীন আইনৰ অধীনত আটক কৰা লোকসকলক শ্ৰীলংকাৰ ৰাষ্ট্ৰপতিয়ে ক্ষমাদান কৰিব।

       ভাৰত আৰু শ্ৰীলংকাৰ মাজত স্বাক্ষৰ কৰাএই চুক্তিখনে দেশৰ মাজৰ সম্পৰ্ক উন্নত কৰাত গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছিল।

Leave a Comment