মণিৰাম দেৱান(Maniram Dewan)ৰ চমু পৰিচয়

ঊনৈশ শতিকাৰ অসমীয়া সমাজ জীৱনৰ এগৰাকী প্ৰভাৱশালী ব্যক্তি হ’ল মণিৰাম দেৱান। ১৮০৬ চনৰ ১৭ এপ্ৰিলত শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৮৫৮ চনৰ ২৬ ফেব্ৰুৱাৰীত মৃত্যু হয়। পিতৃৰ নাম মুক্তিয়াৰ ৰামদত্ত আৰু মাতৃ কৌশল্যা। তেওঁৰ পিতৃদত্ত নাম মণিৰাম দত্ত বৰুৱা। অসমৰ প্ৰথম জন চাহ খেতিয়ক দেৱানক ১৮৩৯ চনত গঠিত ‘আছাম টি কোম্পানী’ৰ দেৱান পদত অধিষ্ঠিত হয়। তেতিয়াৰ পৰা তেওঁ দেৱান হিচাপে পৰিচিত হয়। ইয়াৰ উপৰি ১৮৩৩ চনৰ পৰা ১৮৩৭ চনলৈকে বৃটিছৰ কৰতলীয়া ৰজা পুৰন্দৰ সিংহৰ ৰাজসভাৰ বৰভাণ্ডাৰ হিচাপে নিয়োজিত হয় আৰু বৰভাণ্ডাৰ বৰুৱা হিচাপে জনাজাত।

Leave a Comment

Your email address will not be published. Required fields are marked *