প্ৰতি বছৰে টাই আহোমসকলে ৩১ জানুৱাৰী দেওবাৰে টাই আহোমসকলে পূৰ্বপুৰুষৰ মৃতকসকলক পূজা-অৰ্চনা কৰি জাতিটোৰ লগতে অসম ৰাজ্য আৰু দেশৰ মংগল বাঞ্ছা কৰে। টাই আহোমসকলে অতীজৰে পৰা পূৰ্বপুৰুষৰ মৃতকৰ স্মৃতিচাৰণৰ হেতু পূজা অৰ্চনা কৰি আহিছে। উল্লেখ্য যে, মে-ডাম-মে-ফী(Me-Dam-Me-Phi) হ‘ল তাই আহোমসকলৰ এক আহোম ধৰ্মৰ নিয়ম অনুসৰি পালন কৰা সামাজিক পৰম্পৰাগত উৎসৱ।
মে-ডাম-মে-ফী উৎসৱত পালন কৰাতো হৈছে আহোমসকলে পূৰ্বপুৰুষ
সকলক স্মৰণ কৰে আৰু বিশ্ব শান্তিৰ বাবে কামনা কৰে। টাই আহোমসকলে বিশ্বাস কৰে যে উপৰি-পুৰুষৰ
সৈতে অশাৰীৰিক যোগসূত্ৰ স্থাপন কৰি নিজৰ আৰু সমাজৰ তথা দেশৰ মংগলৰ বাবে জন-মিং বা
আশীৰ্বাদ বিচৰা হয়।
মে-ডাম-মে-ফিৰ অৰ্থ হ‘ল মে মানে তৰ্পন, ডাম মানে মৃতক আৰু ফী মানে হ‘ল মৃতকৰ দেও। অন্যান্য
পৰম্পৰাৰ দৰে মে ডাম মে ফি পালনৰ বাবেও নীতি নিয়ম আছে যাক তাঈ আহোম ভাষাত
খ্য়েক-লাই বুলি জনা যায়। এই পৱিত্ৰ মে-ডাম-মে-ফী শুভেচ্ছা কেনেকৈ মানুহক
শুভেচ্ছা জনাব পাৰি তাৰে কেইবাটাও মে-ডাম-মে-ফীৰ শুভেচ্ছা তলত দিয়া হৈছেঃ-
- টাই আহোম জনগোষ্ঠীৰ পৱিত্ৰ মাঙ্গলিক অনুস্থান মে-ডাম-মে-ফীৰ এই পৱিত্ৰ ক্ষণত পুলিন-পুথাও সকলৰ পুণ্যাত্মাক সশ্ৰদ্ধ প্ৰণাম জনোৱাৰ লগতে সমূহ অসমবালী ৰাইজলৈ মে-ডাম-মে-ফীৰ শুভেচ্ছা জনালোঁ।
- মে-ডাম- মে -ফি “মে-ডাম্-মে-ফী“ৰ পৱিত্ৰ ক্ষণত সকলোলৈকে আন্তৰিক শুভেচ্ছা জনাইছোঁ।
- মে-ডাম্-মে-ফী টাই আহোম সকলৰ পূৰ্বপুৰুষক স্মৰণ কৰা এক ধৰ্মীয় উৎসৱ৷ মে-ডাম্-মে-ফীৰ উপলক্ষে আজিৰ এই পবিত্ৰ দিনটোত প্ৰতিজনলৈ মোৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- মে-ডাম্-মে-ফীৰ এই পৱিত্ৰ ক্ষণত একতা, সহনশীলতাৰ বাণী সকলোৰে মনত উদ্বেলিত হওক।
- মে-ডাম্-মে-ফীৰ এই পৱিত্ৰ ক্ষণত একতা, সহনশীলতাৰ বাণী সকলোৰে মনত উদ্বেলিত হওক। সমূহ টাই-আহোম জনগোষ্ঠীয়
ভাই-ভনী তথা অসমবাসীলৈ আন্তৰিক শুভেচ্ছা যাচিলো। পূৰ্বপুৰুষ
তথা মহাপুৰুষ সকল যেন সদায় আমাৰ বাবে চিৰ সন্মানীয় আৰু পূজনীয় হৈয়ে ৰয়। শুভ মে-ডাম্-মে-ফী।
- আহোম স্বৰ্গদেউ সকলৰ অফুৰন্ত সাহস, দৃঢ় কৰ্ম প্ৰাণ মন আৰু সুন্দৰ ভাতৃত্ববোধৰ চানেকি সৰ্বযোগৰ অসমীয়াৰ বাবে
এক যুগান্তকাৰী অসম আৰু অসমীয়া জাতি জাতি
গঢ়াৰ প্ৰেৰণা আৰু আদৰ্শ হৈ ৰব। মে-ডাম-মে-ফীৰ শুভকামনা জনালো।
- পৱিত্ৰ মে-ডাম-মে-ফী উপলক্ষে পুলিন-পুথাওসকললৈ শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ লগতে সমূহ অসমবাসীলৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ।
- সমূহ অসমবাসীলৈ মে-ডাম-মে-ফীৰ ওলগ জনালোঁ। পূৰ্ব-পুৰুষৰ
আশিসেৰে আমাৰ জীৱন পৰিপূৰ্ণ আৰু প্ৰশান্তিময় হওক, তাৰেই কামনা
কৰিলোঁ।
- পৱিত্ৰ মে-ডাম-মে-ফী উপলক্ষে ৰাজ্যবাসীলৈ যাচিলোঁ আন্তৰিক
ওলগ জনালোঁ। এই পৱিত্ৰ উৎসৱে সমাজৰ অসূয়া অমংগলসমূহ আঁতৰাই ৰাজ্যখনত অটুট ৰাখক
শান্তি,
সম্প্ৰীতি আৰু প্ৰগতিৰ পৰিৱেশ।
- টাই আহোমসকলৰ পৱিত্ৰ মাংগলিক পৰ্ব মে-ডাম মে-ফী উপলক্ষে সমূহ ৰাইজলৈ আন্তৰিক শুভকামনা জ্ঞাপন কৰি এই পৱিত্ৰ দিনটোত আহোম স্বৰ্গদেউ আৰু পূৰ্বপুৰুষসকলক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ। সকলোৰে মংগল কামনা কৰি প্ৰাৰ্থনা জনাইছোঁ।
- টাই আহোম সকলৰ পূৰ্বপুৰুষক স্মৰণ কৰা ধৰ্মীয় উৎসৱ পবিত্ৰ “মে-ডাম-মে-ফী” ৰ আন্তৰিক শুভেচ্ছা জনালোঁ।
- মে-ডাম-মে-ফিৰ পৱিত্ৰ দিনটোত সমূহ খিলঞ্জীয়া অসমীয়া ৰাইজৰ মংগল কামনা কৰিছোঁ
- Greetings on the sacred occasion of Me-Dam-Me-Phi May blessings of the ancestors enrich our lives and bring peace & prosperity to all.