বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে শিৱসাগৰত৷ ৰংপুৰৰ সম্ভ্ৰান্ত দুৱৰা বংশৰ শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাৰ সন্তান যতীন্দ্ৰ নাথ আছিল কামদেৱৰ দৰে সুন্দৰ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা যতীন্দ্ৰনাথ দুৱৰাই জৰ্জ ইন্ষ্টিটিউচন স্কটিছ চার্চ কলেজিয়েট স্কুল, কলিকতা বিশ্ববিদ্যালয়ৰ আৰু ডিব্ৰুগড়ৰ হনুমানবক্স সুৰখমল কানৈ মহাবিদ্যালয় আদিত শিক্ষাদান কৰিছিল। কবি হিচাপে যতীন্দ্ৰনাথ দুৱৰাৰ কৃতিত্ব অপৰিসীম। তেখেতৰ কবিতাৰ পুথিকেইখন হ’ল— ‘ওমৰ তীৰ্থ’, ‘আপোন সুৰ’, ‘বনফুল’, ‘মিলনৰ সুৰ’ আৰু ‘মৰমৰ সুৰ’। ‘বনফুল’কবিতাপুথিৰ বাবে তেখেতে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। উল্লেখযোগ্য যে সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথমজন অসমীয়া সাহিত্যিক আছিল যতীন্দ্ৰনাথ দুৱৰা। অসমীয়া কথা কবিতাৰ জনক যতীন্দ্ৰনাথ দুৰৱা একমাত্ৰ কথা কবিতাৰ পুথিখন আছিল ‘কথা কবিতা’। ইয়াৰ উপৰি ফাৰ্ছী ছুফীসাধক ওমৰ খৈয়ামৰ ‘ৰবায়ত’ পুথিখন দুৱৰাই ‘ওমৰ তীৰ্থ’ নাম দি অসমীয়ালৈ ভাঙনি কৰে। ১৯৫৫ চনত গুৱাহাটীত বহা অসম সাহিত্য সভাৰ অধিৱেশনৰ সভাপতি পদ তেওঁ অলংকৃত কৰিছিল। চিৰকুমাৰ যতীন্দ্ৰনাথ দুৱৰাৰ জীৱনটোৱেই যেন এটি দীঘলীয়া কবিতা আছিল৷ যতীন্দ্ৰনাথ দুৱৰাই আইভান টুৰ্গেনিভৰ ‘Poems in Prose’ আৰু আফ্ৰিকাৰ লেখিকা অলিভশ্রাইনাৰৰ ৰচনাৰ আলমত কথা-কবিতা ৰচনা কৰিছিল।
১৯৬৪ চনত শিৱসাগৰত এইজনা সাহিত্য সাধকে ইহলীলা সম্বৰণ কৰে।
FAQs
যতীন্দ্ৰনাথ দুৱৰাৰ এখন কবিতা পুথিৰ নাম লিখাঁ।
যতীন্দ্ৰনাথ দুৱৰাৰ এখন কবিতা পুথিৰ নাম হ’ল- ‘বন ফুল’।
ওমৰ তীৰ্থ পুথিখন কোনখন পুথিৰ ভাবানুবাদ
ওমৰ খৈয়াম।
কথা কবিতাৰ দুটা বৈশিষ্ট্য লিখা
ক) কথা কবিতা চিত্ৰধৰ্মী। খ) ব্যক্তিনিষ্ঠ আৰু বস্তুনিষ্ঠতাৰ অপূৰ্ব সমন্বয় কথা কবিতাত ঘটে। গ) কথা কবিতাত এটা মাত্ৰ কেন্দ্ৰস্থ ভাব থাকে।
কথা কবিতা বুলিলে কি বুজা
কথা কবিতা হ’ল কোনো এটা ভাবব্যঞ্জক পৰিস্থিতিক বিষয়বস্তু হিচাপে লৈ গদ্যত লিখা চুটি ৰচনা।
বনফুল কবি বুলি কাক কোৱা হয়
কবি আৰু সু-সাহিত্যিক যতীন্দ্ৰ নাথ দুৱৰাৰ চতুৰ্থখন কবিতাপুথিক বনফুল বুলি কয়। তেখেতে বনফুল গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। প্ৰথম সাহিত্য একাডেমী পোৱা সাহিত্যিকজন যতীন্দ্ৰ নাথ দুৱৰা।