বৰ্তমান ক’ৰোনা মহামাৰীয়ে গোটেই বিশ্বক কপাই তুলিছে। কোনোৱে নিজৰ পৰিয়াল, বন্ধু-বান্ধুৱী, আত্মীয়-কুতুম্ভ, চাকৰী, ব্যৱসায়-বাণিজ্য আদি সকলোৱে হেৰুৱাঁব লাগিছে, এই মহামাৰীত নিজৰ নিজৰ ঘৰত থাকিব লগা হৈছে। বৰ্তমান এতিয়া দ্বিতীয় ঢৌ চলি আছে কেতিয়া অন্ত পৰে তাক কোনেও ক’ব। যাৰফলত এই লকডাউনত নিবনুৱা সমস্যাই বহুত দেখা দিছে। মানুহে নিজৰ কামৰ পৰা আহি ঘৰতে এনে কাম-বন নকৰি ফেছবুক, ইষ্ট্ৰাগ্ৰাম আদি চচিয়েল মিডিয়াত ব্যস্ত হৈ গৈছে। এই লকডাউন আৰু অৰ্থনীতি প্ৰভাৱ বেছি পৰিছে।
কিন্তু কিছুমান মানুহ ঘৰতে বহি অনলাইন কাম কৰি টকা উপাৰ্জন কৰি আছে। কোনো বাহিৰলৈ নোযোৱাকৈ নিজৰ প্ৰতিভা, কলা কৌশল দেখুৱাই লাখ লাখ টকা ইনকাম কৰিছে। আপোলোকে যদি কিবা কামত পাৰ্গত বা কিবা প্ৰতিভা আছে তেতিয়া তোমালোকেও ঘৰতে বহি কাম কৰিব পাৰিব। তলত ইয়াৰ বিষয়ে বহলাই আলোচনা কৰা হ’ল—
১. ফ্ৰিলানঞ্চাৰঃ- ফ্ৰিলানঞ্চাৰ হৈছে এনে এটা প্লেটফৰ্ম যত আপনি কোনো ব্যক্তিক কাম কৰি দিব পাৰা বা হায়্ৰ কৰিব পাৰে। আপোনোকে ইয়াত ডাটা ইন্ট্ৰি, গ্ৰাফিক্ ডিজাইন, প্ৰগ্ৰামিং, ৱেব ডেবলোপমেন, ৰাইটিং(লেখক), ভাইজ অভাৰ আৰ্টিজ আদি কামি কৰিব পাৰিব। ইয়াত ঘণ্টা হিচাপত বা কামৰ হিচাপত ডলাৰত টকা পায়। ফ্ৰিলানঞ্চাৰ, ফাইভাৰ, আপওৰ্ক, গুৰু আদি চাইটত কাম কৰিব পাৰিব।
২. চছিয়েল মিডিয়াঃ- সকলোৰে বেলেগ বেলেগ কলা কৌশল বা প্ৰতিভা থাকে, যেনে গান গিতাই, ছবি অঁকা, লিখা মেলা, মানুহক হহুঁৱাই, শিকাই ভাল পোৱা এনেদৰে ইত্যাদি কিছুমান লিখি বা ভিডিঅ দি পোষ্ট কৰিব পাৰা।
ইউটিবঃ সকলোৰে জনপ্ৰিয় অনলাইন প্লেটফৰ্ম ইউটিব। ইউটিবত ভিডিঅ বনাই দি বহু টকা ইনকাম কৰিব পাৰি। তোমাৰ নিজৰ কলা কৌশল বা প্ৰতিভা আদি দেখুৱাই মানুহক ইন্ফোৰ্মেশ্বন বা মনোৰঞ্জন আদিও দিব পাৰে। ইয়াত ভিডিঅ’ কিল্প্, মোভি ট্ৰাইলাৰ ভিডিঅ’, সংগীত ভিডিঅ’, ডকুমেন্টোৰি ফিল্ম, অডিঅ’ ৰেকুডিং, লাইভ ষ্ট্ৰিম, বল্গ ভিডিঅ’,কমেডি ভিডিঅ’ আদি ভিডিঅ’ দি টকা ইনকাম কৰিব পাৰি।
ফেচবুকঃ ফেচবুকত বহু টকা উপাৰ্জন কৰিব পাৰি, কিয়নো ইয়াত নিজৰ কিল্প ভিডিঅ’, কমেডি ভিডিঅ’ আদি ভিডিঅ’ বা নিজৰ বল্গাৰ পোষ্টক ফেছবুক ইনষ্টা নামৰ একাউন খুলি বহু টকা ইনকাম কৰিব পাৰি।
ইনষ্ট্ৰাগ্ৰামঃ ইনষ্ট্ৰাগ্ৰামত আজিলৈকে কোনো পইচা কমাই কৰিব পৰা বা এডছেন একাউন আদি দিয়া নাই, তথাপি ইয়াৰ পৰা বহু টকা ইনকাম কৰিব পাৰি। ইনষ্ট্ৰাগ্ৰামত পেজত লাখ, মিলিয়ন ফলোৱাৰ থাকিলে তাতে মানুহৰ প্ৰমোচন পষ্টো, ব্যৱসায় আদিৰ বা কিতাপ বেচোৱা আদিৰ ক্ষেত্ৰত লিক্ দি এটা পোষ্টতৰ বহুত চাৰ্জ কৰি টকা ইনকাম কৰিব পাৰি। এনে দৰে মানুহে ইনষ্ট্ৰাগ্ৰামত বহু হাজাৰ হাজাৰ মাহতে ইনকাম কৰি আছে। ফেচবুক, ইনষ্ট্ৰাগ্ৰাম, ইউটিব আদিৰ দৰে নহয় টুইটাৰত চছিয়েল মিডিয়াত নিজৰ পেজ পোষ্ট দি বহু টকা ইনকাম কৰিব পাৰি।
৩. এফিলিএইট মাৰ্কেটিংঃ- আজি কালি বস্তু বাহিনি কিনাবোৰ সকলো অনলাইন হৈ গ’ল, সেই কাৰণে এফিএইট মাৰ্কেটিং ইয়াৰ এটা অংশ। ভাৰতবৰ্ষৰ অতি জনপ্ৰিয় এমাজন, ফ্লিপকাৰ্ট আদি ডাঙৰ ডাঙৰ ই কমাৰ্চ চাইট নিজৰ নাম পঞ্জীয়ন কৰি নিজস্ব ৱেব চাইট খুলি তাতে এমাজন, ফ্লিপকাৰ্টৰ বস্তুবোৰ বেচাই কমিচন লাভ কৰিব পাৰি বা নিজৰ কিবা বস্তু অনলাইনত বেচিব পাৰি। এনে দৰে বহু মানুহ হাজাৰ হাজাৰ টকা ইনকাম কৰি আছে।
৪. ব্লোগাৰ বা ব্লোগিং- নিউজ, মেগাজিন, ব্লোগাৰ আদি লিখি হাজাৰ পাৰা কোটিলৈ টকা ইনকাম কৰিব পাৰি। বৰ্তমান ই হৈছে বহু ডাঙৰ প্লেটফ্ৰম। কিছুমান মানুহে নিজৰ মুখ দেখাবলৈ লাজ লাগে, সেই কাৰণে এই প্লেটফৰ্মখন অতি গুৰুত্বপূৰ্ণ। নিজৰ মুখ মণ্ডল নেদেখুৱাই মানুহৰ মাজত সমাই গৈ মানুহৰ মন জিনিব পাৰি। ইয়াত কবিতা, গল্প, উপন্যাস অথবা ভ্ৰমণৰ কথা, আন বিশেষ কিবা বিষয়ৰ য’ত মানুহে বিচাৰি নোপোবা আদিৰ বিষয়ত লিখিলে গুগোল ছাৰ্চ ইঞ্জিনত অতি কম সময়ৰ ভিতৰতে ৰেং হ’ব পাৰে।
কুপ্ৰভাৱঃ- ইণ্টাৰনেটত ভালো থাকে বেয়াও থাকে, ইয়াৰ ভালবোৰ বাছিব জানিব লাগে। ইণ্টাৰনেটক কোনো দিনে চকু মুদি বিশ্বাস কৰিব লাগে, নহলে কেতিয়া মহা ডাঙৰ বিপদত পৰিব লাগিব। কিছুমান এনেদৰেও এপলিকেশ্বন আছে যিয়ে তোমাক টকা দিয়ে, কিন্তু সেই এপলিকেশ্বন ইমান সুৰক্ষা নহয়। কিছুমান খেলৰ এপলিকেশ্বন, শিকাৰ এপলিকেশ্বন আদি আছে, সেইবিলাক ডাউনলোড কৰি নিজৰ বন্ধুৰ বান্ধুৱীৰ লগত খেলি বা পঠাই দি কিছুমান কোইন পাই কিছু টকা গতাব পাৰি। কিন্তু সেই এপলিকেশ্বনৰ স্বাত্বধিকাৰীয়ে কিমান টকা ইনকাম কৰে তাৰ উল্লেখ নাই। আৰু কিছুমান এনেদৰে ৱেব চাইটো আছে কুইকাৰ, অলেছ্ আদি ৱেবচাইট ডাটা ইন্ট্ৰি, লেখক আদিৰ ক্ষেত্ৰত খালি পদ দেখুৱাই ভুৱা পৰিচয় বা ভুৱা কোম্পানীৰ নাম লৈ বিভিন্ন কাম দি মানুহক ফুচঁলাই। এনেকুৱাৰ ক্ষেত্ৰত ইণ্টাৰনেট বা ইউটিবত গৈ ভালদৰে চালিজাৰি চাৱ লাগে।