সৌৰভ কুমাৰ চলিহা ‘ৰামধেনু’ যুগৰ তথা ৰামধেনু আলোচনীত প্রকাশিত ‘অশান্ত ইলেকট্রন’ গল্প পুথিত ৰচনা কৰি আলোড়নত সৃষ্টি কৰা অসমীয়া আধুনিকতাবাদী গল্পকাৰসকলৰ ভিতৰত অন্যতম। ১৯৩০ চনত দৰঙত জন্মগ্রহণ কৰি কটন কলেজিয়েটৰ পৰা প্রবেশিকা পৰীক্ষা পাছ কৰে আৰু স্নাতক বিজ্ঞান ডিগ্রী লয় কটন কলেজৰ পৰা। পদার্থ বিজ্ঞানত লগুণ বিশ্ববিদ্যালয়ত স্নাকোত্তৰ ডিগ্ৰী লয়। তেওৰ প্ৰকৃত নাম সুৰেন্দ্ৰ নাথ মেধি। “অশান্ত ইলেক্ট্রন’ (১৯৬২), ‘দুপৰীয়া’ (১৯৬৩), ‘গোলাম’ (১৯৭৪), ‘এদাতডাবা’ (১৯৭২) আদি গল্প পুথি। ‘গোলাম’ গল্পপুথিৰ বাবে ১৯৭৪ চনত সাহিত্য অকাডেমী বঁটা লাভ কৰে। তেওঁক আন আন গল্প পুথি : গল্প নহয় (১৯৮৮), আজি শুক্রবাৰ (১৯৯২), অবৰুদ্ধ চহৰ (১৯৯৯৪), ভাল বৰ (১৯৯৮), কবি (১৯৯৯), একৈশ শতিকাৰ ধেমালি নহয় (২০০৪), জন্মদিন (২০০৫), জোনবিৰি (২০০৬), ধৰণ আৰু গতি (২০০৭), নৱজন্ম (২০০৮), মরুদ্যাণ (২০০৯) ইত্যাদি। সৌৰভ কুমাৰ চলিহা মার্ক্সবাদী বিশ্বাসী আছিল।