বৰগীত সম্পর্কে চমুকৈ | Briefly about Borgeet

বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ অভিনয় সৃষ্টি। ‘বৰগীত’ নামকৰণ অৱশ্যে মহাপুৰুষ দুজনাই কৰা নাই। পৰবৰ্তী বৈষ্ণৱ ভক্ত ইহে গুৰু দুজনাই ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক ‘বৰগীত’ আখ্যা দিয়ে। বৰগীতসমূহক ড° বানীকান্ত কাকতিয়ে Noble Numbers, কালিৰাম মেধিয়ে Songs celestial আখ্যা দিয়ে। মহাপুৰুষ দুজনাৰ আধ্যাত্মিক ভাৱ সম্পন্ন ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযম থকা ব্ৰজাৱলী … Read more

শিশু সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া | About Bhabendra Nath Saikia briefly

অসমৰ সাংস্কৃতিক জগতখনলৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান বিশেষভাৱে উল্লেখনীয়। তেওঁ একাধাৰে চুটিগল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক তথা কথাছবি প্রযোজক আছিল। শ‍ইকীয়াদের অসমীয়া সাহিত্য জগতত বিশেষকৈ চুটিগল্পকাৰ হিচাপে প্ৰখ্যাত। তেওঁৰ গল্প সংকলনকেইখন হ’ল ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প : পঞ্চাছৰ দশক (১৯৭৬), তৰংগ (১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), … Read more

যতীন্দ্ৰনাথ দুৱৰাৰ বিষয়ে চমু পৰিচয় | About Jatindra Nath Duwara briefly

বনফুলৰ কবি যতীন্দ্ৰনাথ দুৱৰাৰ জন্ম হৈছিল ১৮৯২ চনৰ ৪ মাৰ্চ তাৰিখে শিৱসাগৰত৷ ৰংপুৰৰ সম্ভ্ৰান্ত দুৱৰা বংশৰ শ্যামসুন্দৰ দুৱৰা আৰু পুণ্যদা দুৱৰাৰ সন্তান যতীন্দ্ৰ নাথ আছিল কামদেৱৰ দৰে সুন্দৰ আৰু বিশ্ববিদ্যালয়ৰ উচ্চ ডিগ্ৰীধাৰী শিক্ষকতাৰে কৰ্ম জীৱন আৰম্ভ কৰা যতীন্দ্ৰনাথ দুৱৰাই জৰ্জ ইন্‌ষ্টিটিউচন স্কটিছ চার্চ কলেজিয়েট স্কুল, কলিকতা বিশ্ববিদ্যালয়ৰ আৰু ডিব্ৰুগড়ৰ হনুমানবক্স সুৰখমল কানৈ মহাবিদ্যালয় আদিত শিক্ষাদান … Read more

লক্ষ্মীনাথ বেজবৰুৱাৰ বিষয়ে চমুকৈ | About Lakshminath Bezbaroa briefly

ব্ৰহ্মপুত্ৰৰ বুকুত নাৱৰ কুন্ধিত ১৮৬৮ চনৰ কোনো এক লক্ষ্মী পূৰ্ণিমাৰ নিশা ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ জন্ম হয়। তেওঁৰ পিতৃ-মাতৃ আছিল দীননাথ বেজবৰুৱা আৰু থানেশ্বৰী দেৱী। দীননাথ বেজবৰুৱাই ইংৰাজ চৰকাৰৰ অধীনত সুলিফৰ কাম কৰিছিল। তেওঁ আহোম ৰাজত্বৰ শেষ সময়ৰ স্বৰ্গদেউ পুৰন্দৰ সিংহৰ ৰাজত্বত বেজবৰুৱাৰ খিতাপত অধিষ্ঠিত হৈছিল। ধনে-মানে, ঐশ্বর্য-বিভূতিয়ে দীননাথ বেজবৰুৱাৰ পৰিয়াল অসম বিখ্যাত আছিল। মাতৃ থানেশ্বৰী … Read more

বাতৰি কাকত | Batori Kakot Assamese

আধুনিক সমাজৰ জনপ্ৰিয় গণমাধ্যম হৈছে বাতৰি কাকত। বাতৰি কাকতে দেশ-বিদেশৰ বিভিন্ন বা-বাতৰি, বিভিন্ন আলোচনা, বিভিন্ন সাহিত্যিকৰ সাহিত্যৰাজি আদি হাতত তুলি ধৰি আমাক বিমল আনন্দৰ যোগান ধৰে। এখন সমাজৰ সামাজিক, অৰ্থনৈতিক তথা সমসাময়িক বিভিন্ন বিষয়ক প্ৰতিফলন কৰা বাতৰি কাকত হৈছে আধুনিক পৃথিৱীৰ প্ৰতিফলন। বাতৰি কাকত উৎপত্তিঃ পৃথিৱীত সৰ্বপ্ৰথম বাতৰি কাকত উদ্ভাৱন হৈছিল চীন দেশত। ইউৰোপত প্ৰথম … Read more

কৃষ্ণকান্ত সন্দিকৈ | Krishna Kanta Handique

কৃষ্ণকান্ত সন্দিকৈ (১৮৯৮-১৯৬২)        যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ আৰু নাৰায়ণী সন্দিকৈৰ প্ৰথম পুত্ৰ কৃষ্ণকান্ত সন্দিকৈয়ে ১৯১৩ চনত যোৰহাট চৰকাৰী হাইস্কুৰ পৰা প্ৰথম বিভাগত এণ্ট্ৰেস পৰীক্ষা পাছ কৰি কটন কলেজত আই.এ.লৈকে পঢ়ে। কলকাতাৰ সংস্কৃত কলেজৰ পৰা সংস্কৃতত প্ৰথম শ্ৰেণীৰ সন্মানসহ বি.এ. পাছ কৰে। ১৯১৯ চনত কলকাতা বিশ্ববিদ্যালয়ৰ পৰা প্ৰথম হৈ এম.এ. পাছ কৰে। বিলাতত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ পৰাও … Read more

ছাত্ৰ আৰু ৰাজনীতি

       ৰাজনীতি শব্দটোৰ অৰ্থ হৈছে ৰজাৰ ৰাজ্যশাসনৰ যি নীতি সেয়াই ৰাজনীতি। একেদৰে বৰ্তমান গণতান্ত্ৰিক সমাজ ব্যৱস্থাত এনে ধৰণৰ ৰজাৰ শাসন ব্যৱস্থা নাই যদিও ঠিক একে ধৰণৰ শাসন তথা ৰাষ্ট্ৰ পৰিচালনাৰ নীতি প্ৰচলন আছে। এক নিৰ্দিষ্ট শাসন নীতিৰ জৰিয়তে ৰাষ্ট্ৰ এখন পৰিচালনা হয়। বৰ্তমান সময়ত এই ৰাজনীতি শব্দটোৰ পৰিসৰ অতি ব্যাপক হৈ পৰিছে। বিভিন্ন সংগঠনসমূহে ৰাষ্ট্ৰ … Read more

অসমীয়া কথাছবিৰ ইতিহাস

       ৰূপকোঁকৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা অসমীয়া কথাছবিৰ জনক। ভাৰতত সবাক কথাছবি নিৰ্মাণৰ পাঁচ বছৰৰ ভিতৰতে অসমৰ দৰে পিছপৰা অঞ্চলত আগৰৱালাদেৱে ছবি নিৰ্মাণৰ কাম হাতত লোৱা কাৰ্য সঁচাকৈয়ে বিস্ময়কৰ। প্ৰয়োজনীয় সা-সুবিধা থকা ষ্টুডিঅ’ৰ অভাৱ থকা সত্ত্বেও আগৰৱালাদেৱে অতি সাহসিকতাৰে অসমতেই অসমীয়া ছবি নিৰ্মাণৰ কাম হাতত লয়। এই উদ্দেশ্য তেওঁ তেজপুৰৰ ওচৰৰ ভোলাগুৰি চাহ বাগিচাত বাঁহ-কাঠ, কলগছেৰে ষ্টুডিঅ’ … Read more

দূৰদৰ্শনৰ ভাল বেয়া প্ৰভাৱ

       বিজ্ঞানৰ আৱিষ্কাৰ দুৰদৰ্শনে এক চমকপ্ৰদ সাফল্য। মানুহে প্ৰকৃতিৰ গূঢ় ৰহস্য উদ্‌ঘাটন কৰিবলৈ অহোপুৰুষাৰ্থ কৰি আহিছে। তাৰেই ফলত সৃষ্টি হৈছে বিজ্ঞানৰ জয়যাত্ৰা বিজ্ঞানে বিশ্বৰ বুকুত নতুন নতুন আৱিষ্কাৰ সম্ভৱ কৰি তুলিছে। দুৰদৰ্শন বিজ্ঞানৰ নতুন অথচ চমকপ্ৰদ সাফল্য।        ১৯২৬ চনত ইংলেণ্ডৰ বিজ্ঞানী জন এল বাইৰ্ড দুৰদৰ্শন আৱিষ্কাৰ কৰিছিল। দুৰদৰ্শনৰ আৱিষ্কাৰে বিশ্বক চমকৃৎ কৰি তুলিছিল। দুৰদৰ্শন … Read more

অসমৰ বানপানী | Assam floods | অসমৰ বানপানীৰ সমস্যা সমাধান

        বানপানী অসমৰ এক প্ৰাকৃতিক দুৰ্যোগ। প্ৰতিবছৰে প্ৰবল বানপানীয়ে ৰাজ্যখন জুৰুলা কৰে। বানপানীৰ ফলতে ৰাজ্যখন ভাৰতৰ আন বহুতো ৰাজ্যতকৈ যথেষ্ট পিছপৰা।         অসমৰ বানপানীৰ প্ৰধান কাৰণ হৈছে ইয়াৰ জলবায়ু। মৌচুমী জলবায়ুৰ দেশ ভাৰতবৰ্ষৰ উত্তৰ-পূবত অৱস্থিত ৰাজ্যখনত গ্ৰীষ্মকালত দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ প্ৰভাৱত প্ৰচুৰ বৰষুণ হয়। ফলত ইয়াৰ নদ-নদীসমূহ পানীৰে উপচি পৰে। ৰাজ্যখনৰ চাৰিওফালে থকা পৰ্বত-পাহাৰবোৰত হোৱা … Read more