Made in Nalbari | মেড ইন নলবাৰী ২ ডিচেম্বৰত মুক্তিলাভ কৰিব

বয়সৰ ভিন্নতা থকা তিনিজন মানুহ ঘটনাক্ৰমে টেক্সি এখন লৈ কৰিব লগা এটা যাত্ৰাত লগ হ’ল, যিটো যাত্ৰাই তেওঁলোকৰ জীৱন সলনি কৰি দিলে। পথৰ ৰোমাঞ্চকৰ অভিজ্ঞতাৰে নিৰ্মাণ হৈছে এখন অসমীয়া চিনেমা মেড ইন নলবাৰী।

পৰিচালনা কৰিছে তনুজ নাথে, আনহাতে ‘ফ্লেশ্ববেক ফিল্মছ’ৰ বেনাৰত প্ৰযোজনা কৰিছে উমেশ নাথে। ছবিখনৰ কাহিনী পৰিচালক তনুজ নাথৰ, চিত্ৰনাট্য-সংলাপ লিখিছে ঝুলন কৃজ্ঞ মহন্তই। ইয়াত অভিনয় কৰিছে অৰুণ নাথ, বিভূতি ভূষণ হাজৰিকা আৰু জিণ্টু কুমাৰ কাশ্যপে, অন্যান্য গুৰুত্বপূৰ্ণ চৰিত্ৰকেইটিত অভিনয় কৰিছে স্বাগতা ভড়ালী, নৰ্মদা দাস, ডলি কলিতা, বৰ্ষা কলিতা, জয়শ্ৰী শইকীয়া, অক্ষিত গোস্বামী, বেদান্ত বেজবৰুৱা, চিৰঞ্জীৱ বাৎস্যাচ আদিয়ে। চিত্ৰগ্ৰহণ কৰিছে চন্দ্ৰ কুমাৰ দাসে। ছবিখনৰ সংগীত পৰিচালনাৰ দায়িত্বত আছে পাৰ্থ শইকীয়া আৰু তনুজ। গীতৰ ৰচনা শৰ্মিষ্ঠা দত্ত আৰু মৃণালকান্তিৰ গীতত কণ্ঠ নিগৰাইছে নিহাল ঠাকুৰীয়া আৰু পাৰ্থ শইকীয়াই। আৱহ সংগীত তৰালি শৰ্মাৰ। ছবিখনৰ ছাউণ্ড ডিজাইনাৰ দেৱজিৎ গায়ন, মুখ্য সহকাৰী পৰিচালক কুলদীপ আহান গোস্বামী, সহকাৰী পৰিচালক ৰূপচন্দ শৰ্মা আৰু অক্ষিত গোস্বামী, ডি আই কালাৰিষ্ট ধনজিৎ দাস, ৰূপসজ্জা কমল তালকদাৰৰ, স্থিৰচিত্ৰ বিশ্বনয়ন বৰুৱাৰ, পোষ্টাৰ ডিজাইন সিদ্ধাৰ্থ দত্তৰ, কেলিগ্ৰাফী অনুপ দত্তৰ। চলিত বৰ্ষৰ ২ ডিচেম্বৰত সমগ্ৰ অসমৰে চিত্ৰগৃহত ছবিখনে মুক্তিলাভ কৰিব।

আৰু পঢ়কঃৰবি শৰ্মাৰ ৰঘুপতি অতি শীঘ্ৰে মুক্তি পাব

Leave a Comment