গছ আমাৰ পৰম বন্ধু | গছ আৰু আমি

গছ আমাৰ পৰম বন্ধু

সেউজীয়া বৰণে চিৰকাল আমাৰ জীৱন আৰু কল্পনা শক্তিক উৰ্বৰ কৰি ৰাখিছে। সেউজীয়াৰ সমাপ্তি মানেই আমাৰ আশা আকাংক্ষাৰো যৱনিকা। সেউজীয়া অবিহনে এই ধৰণীখন আৰু বসবাসৰযোগ্য হৈ নাথাকিব। আমাৰ সৃষ্টিৰ সকলো উৎসই হল এই সেউজীয়া। আজি এমুঠি লোকৰ অবিবেকী কাৰ্যৰ ফলত সেউজীয়া ৰহন ম্লান হৈ পৰিছে। সুস্হ জীৱন যাপনত গছ আৰু মানুহৰ সম্পৰ্ক অটুট ৰখা দৰকাৰ। সেউজীয়া ৰহনেই আমাৰ হৃদয়, মনলৈ শান্তিৰ নিজৰা বোৱাই আনে। পৃথিৱীখন সেউজীয়া বাবেই আমি জীয়াই আছোঁ। গছগছনি, ফলমূল আদি সকলো প্ৰকৃতিৰ অকৃপণ উপহাৰ। পৃথিৱীৰ পৰা সেউজীয়াৰ অৱসান ঘটিলে কি হ? সেয়া একেবাৰে অভাৱনীয় কথা। এটা কথা ঠিক যে পৃথিৱীখন মৰুভূমি হব অথবা পানীত তল যাব। তোমালোকে মন কৰিছানে, ডাঙৰ গছগছনি জধেমধে কাটি পেলোৱাৰ ফলত গৰমৰ প্ৰকোপ দিন্ দিনে বাঢ়িছে। তদুপৰি চহৰবোৰত সুউচ্চ অট্টালিকাবোৰ নিৰ্মান কৰাৰ ফলত শীতৰ মাত্ৰা কমি গৈছে। আনহাতে যি মাত্ৰাত গোলকীয় উত্তাপ বাঢ়িছে তাৰ ফলত বৰফ গলি পৃথিৱীৰ মাটিভাগো ধীৰে ধীৰে প্লাৱিত হব। অৰ্থাৎ আমি বাৰমাহেই বানপানীত ভাঁহি থাকিব লাগিব। পৃথিৱীৰ মেৰু অঞ্চলৰ বৰফবোৰ যদি গলি যায় সেই বৰফ গলা পানীয়ে সাগৰৰ জলপৃষ্ঠ বৃদ্ধি কৰিব। জলপৃষ্ঠ বৃদ্ধি মানেই জলবায়ুৰ আমূল পৰিৱৰ্তন। ফলত সৃষ্টি হব প্ৰাকৃতিক নানা দুৰ্যোগ। তেতিয়া বাৰমাহে বানপানী নহবনে? ইয়াৰ পৰা পৰিত্ৰাণৰ উপায় কি হব পাৰে? সেই সম্ভাৱনাৰ পৰা বা মৰুভূমি হোৱাৰ পৰা পৰিত্ৰাণ পাবলৈ হলে আমি সজাগ হৈ প্ৰকৃতিক কৰা নানা অত্যাচাৰ বন্ধ কৰিব লাগিব। এই যে আমি বিবেকহীনভাৱে গছগছনি কাটো, পাহাৰ কাটি লঠঙা কৰোঁ, জলাশয় পুতি পেলাওএইবোৰ হল প্ৰকৃতিবিৰুদ্ধ কাৰ্ষ। বসুমতীয়ে কিমান অত্যাচাৰ সহ্য কৰিব? এনে কাৰ্যৰ ফলত প্ৰাকৃতিক ভাৰসাম্য নাইকীয়া হয় আৰু জলবায়ুৰ স্বাভাৱিক গতিধাৰাও হৈ পৰে ব্যাহত। অস্বাভাৱিক জলবায়ুৰফলত নতুন নতুন সমস্যাৰ সৃষ্টি হব। এই গুৰুত্বপূৰ্ণ কথাবোৰ মানুহে বুজি নাপায়? আমাৰেই ভৱিষ্যত ধ্বংস কৰি আছোঁ। সেই বোধশক্তি থাকিলে কথাই নাছিল। কিছুলোকে নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ কথাহে ভাৱে। মানৱ জাতিৰ ভৱিষ্যতৰ কথা ভাৱিবলৈ সেই শ্ৰেণীৰ মানুহৰ আহৰি ক? মানুহৰ নানা কুকাৰ্যৰ ফলতেই ইতিপূৰ্বে উনুকিয়াই অহা গোলকীয় উত্তাপ দিনে দিনে বাঢ়িছে। এই উত্তাপ যদি বাঢ়িয়েই থাকে মানুহকে ধৰি প্ৰাণী জগতৰ বাবে নিস্তাৰ নাই। এদিন সকলো যাব বিলুপ্তিৰ গৰ্ভলৈ। এনে পৰিস্হিতিত আমি এতিয়া কি কৰা উচিত? কৰণীয় বহুতো আছে।  আমাৰ ভৱিষ্যত আমিয়েই সুৰক্ষিত কৰিব লাগিব। এইখিনিতে উল্লেখ কৰিব লাগিব, অৰণ্য সংৰক্ষণৰ ক্ষেত্ৰত পৃথিৱী বিখ্যাত আন্দোলন হল ভাৰতবৰ্ষৰ উত্তৰ প্ৰদেশৰ উত্তৰখণ্ড অঞ্চলৰ চিপকো আন্দোলন(Chipko Movement)চিপকোশব্দটোৰ অৰ্থ হৈছে লাগি ধৰা। অৰ্থাৎ চিপকো আন্দোলনৰ আন্দোলনকাৰীসকলে গছকাটা, ঠিকাদাৰসকলক বাধা দিবলৈ অৰণ্যৰ গছৰ গুৰিত সাৱটি ধৰিছিল। তেতিয়াই ঠিকাদাৰৰ মানুহে গছ কাটিব নোৱাৰি ঘুৰি আহে।

            উত্তৰ প্ৰদেশৰ হিমালয়ৰ পৰ্বতীয়া গাওঁ অঞ্চলত বিশেষকৈ উত্তৰ কাশী, গোপেশ্বৰ দশোহনী আদি গাওঁ সমূহত ১৯৭২ চনত চিপকো আন্দোলন আৰম্ভ হয়। ষাঠি দশকৰ পৰা উত্তৰ প্ৰদেশৰ পৰ্বতীয়া অঞ্চলত বিশেষকৈ আলকানন্দা আৰু ভাগীৰথা নদীৰ অৱবাহিকা অঞ্চলত অভূতপূৰ্ব বান আৰু গৰাহখহনীয়া হৈছিল। পাহাৰবাসী জনজাতীয় লোকসকলে বিশ্বাস কৰে যে পাহাৰত অধিক গছ কাটিলে নদীত বান আৰু গৰাখহনীয়া হয়। বহু বছৰৰ পৰা ঠিকাদাৰসকলে চৰকাৰৰ পৰা অনুমতি লৈ জধে-মধে গছ কাটি পাহাৰ তহিলং কৰিছিল। ১৯৭২ চনত এলাহাবাদৰ কাঠৰ সৰঞ্জাম সজা কোম্পানী এটাক গছ কাটিবলৈ অনুমতি দিলে। কিন্তু তাৰ আগৰ গাঁৱৰ সনবায় সংস্হা এটাক গছ কাটিবলৈ অনুমতি নিদিলে। গাওঁবাসীয়ে এই কথাৰ প্ৰতিবাদত পাহাৰৰ কোনো মানুহক গছ কাটিবলৈ নিদিয়াৰ সিদ্ধান্ত ললে। প্ৰথমে এই আন্দোলনৰ নেতৃত্ব দিছিল উত্তৰকাশীৰ গংগোত্ৰী গ্ৰাম্য স্বৰাজ সংঘ আৰু গোপেশ্বৰৰ দহোইলী গ্ৰাম স্বৰাজ সংঘই। পিছত সেই অঞ্চলৰ গান্ধীবাদী নেতা সুন্দৰলাল বহুগুণাই চিপকো আন্দোলনৰ নেতৃত্ব দিয়ে। ঠিক সেইদৰে কেৰেলা চাইলেণ্ট ভেলী আন্দোলন(Kerala’s Silent Valley Movement), ৰাজস্হানৰ বিছৈই সকল(Bishnoi of Rajasthan) আদি পৰিৱেশ বিষয়ে পৰিৱেশীয় আন্দোলন(Environment Movement) কৰিছিল।

উল্লেখযোগ্য যে আমাৰ অসমৰ সন্তান যাদৱ পায়েং, যিজনক মানুহে ভাৰতৰ অৰণ্য মানৱ বুলি পৰিচিত। যাদৱ “মুলাই পায়েং হৈছে মাজুলীৰ এজন পৰিৱেশ কৰ্মী আৰু বনকৰ্মী, যাক ভাৰতৰ অৰণ্য মানৱ(Forest Man of Indian) বুলি জনা যায়। তেওঁ অসমৰ মিচিং জনগোষ্ঠীয় জন্মগ্ৰহণ কৰা কেইবা দশকধৰি, তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ বালিদণ্ডত গছ ৰোপণ কৰিছে আৰু ইয়াক অৰণ্য সংৰক্ষিত স্থানলৈ ৰূপান্তৰ কৰিছিল। তেওঁৰ পিছত মুলাই কাঠনি বুলি কোৱা, ইয়াত বেংগল বাঘ, হাতী, ভাৰতীয় গঁড় আৰু ১০০ তকৈও অধিক হৰিণ আৰু খৰগোশ আছে। মুলাই অৰণ্যত বান্দৰ আৰু কেইবাটাও প্ৰকাৰৰ চৰাই আছে, যাৰ ভিতৰত আছে বৃহৎ সংখ্যক শগুণ। এই বনাঞ্চল ভাৰতৰ অসমৰ যোৰহাটৰ ককিলামুখৰ ওচৰত অৱস্থিত আৰু ইয়াত প্ৰায় ৫৫০ হেক্টৰ এলেকা অন্তৰ্ভুক্ত আছে। ২০১৫ চনত তেওঁক ভাৰতৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক বঁটা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হয়।

দল সংগঠনে বা চৰকাৰে গছ পুলি ৰোপন কৰিছে, বৃক্ষৰোপনৰ কাৰ্যসূচী হাতত লৈছে। নিজৰ ফটো ছচিয়েল মিডিয়াত পষ্টো ছেয়াৰ কৰিছে, কিন্তু কেইবছৰৰ পিছত কোনো গছৰ চিনছাপে নাই। গছজোপা ৰক্ষণাবেক্ষণ কৰিবলৈ কোনো নাই। অকল গছ ৰোপন কৰি কামৰ দায়িত্ব শেষ নহয়। যেনেকৈ এগৰাকী মাতৃয়ে নিজৰ সন্তানক তুলি তালি ডাঙৰ দীঘল কৰে ঠিক তেনেকৈ গছ পুলিৰ ক্ষেত্ৰত কৰিব লাগে। সেয়ে পৰিৱেশ সুৰক্ষাৰ স্বাৰ্থত অধিক মনোযোগ দি কৰ্মতৎপৰ হোৱাটোৱেই হল আজিৰ সময়ৰ দাবী। বিনষ্ট পৰিৱেশে আমাক সকিয়াই দিছে যে জোৰ পুৰি হাত পালেহি।

 

Leave a Comment