মাইল্‌ছ ব্ৰন্‌ছনৰ পৰিচয় আৰু কাৰ্য বিৱৰণী চমুকৈ

মাইল্‌ছ ব্ৰন্‌ছন আছিল এজন আমেৰিকান বাপ্তিষ্ট মিছনেৰী যিয়ে উত্তৰ-পূব ভাৰতত বিশেষকৈ নগা জনগোষ্ঠীৰ মাজত খ্ৰীষ্টান মিছনৰ ইতিহাসত উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ১৮১২ চনক ২০ জুলাইত আমেৰিকা যুক্তৰাষ্ট্ৰ নিউয়ৰ্ক ৰাজ্যৰ নৰৱে নামৰ ঠাইত এটি কৃষক পৰিয়ালত ব্ৰন্‌ছনৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম ওচি ব্ৰন্‌ছন আৰু মাতৃৰ নাম ৰিবেকা ব্ৰন্‌ছন। তেওঁ পৰিয়ালৰ অতি আদৰৰ আছিল। ব্ৰনছনৰ পঢ়া-শুনা … Read more

পুথিভঁৰাল ৰচনা | পুথিভঁৰালৰ আৱশ্যকতা

যি ব্যৱস্থাৰ দ্বাৰা বিভিন্ন কিতাপ-পত্ৰৰ সংগ্ৰহ কৰি ৰখা হয়, তেনে ব্যৱস্থাকে পুথিভঁৰাল বুলি কোৱা হয়। এই পুথিভঁৰালত কোনো লোকে বাহিৰত বিচাৰি নোপোৱা যিকোনো কিতাপ-পত্ৰকে ইয়াত সংগ্ৰহ কৰি ৰখা হয়, সকলোৰেই সুবিধা কৰি এই সংৰক্ষিত কিতাপসমূহ পঢ়িব পাৰে। পুথিভঁৰাল ধাৰণাটো অতীজৰে পৰা চলি আহিছে। এই পুথিভঁৰালত জ্ঞানচৰ্চাৰ পথেৰে মানৱ সভ্যতা আগবাঢ়ি যোৱাত বহু পৰিমাণে সহায়ক হৈ … Read more

জ্যোতিপ্ৰসাদ আগৰৱালা(Jyoti Prasad Agarwala)ৰ চমু পৰিচয়

১৯০৩ চনত তেজপুৰৰ তামোলবাৰী চাহবাগিছাত জ্যোতিপ্ৰসাদ আগৰৱালাৰ জন্ম হয়। তেওঁ স্কুলীয়া শিক্ষা তেজপুৰ, ডিব্ৰুগড়ত লয় আৰু ১৯২১ চনৰ তেজপুৰ চৰকাৰী হাইস্কুলৰ পৰা প্ৰৱেশিকা বাছনি পৰীক্ষাত উত্তীৰ্ণ হৈ কলিকতাৰ পৰা প্ৰৱেশিকা পৰীক্ষাত উত্তীর্ণ হয়। কলিকতাৰ নেশ্যনেল কলেজত নাম লগাই যদিও তাতে পঢ়াজীৱন শেষ হয়। ১৯২৬ চনত উচ্চ শিক্ষাৰ বাবে বিলাতলৈ যায় আৰু এডিনবৰা বিশ্ববিদ্যালয়ত অধ্যয়ন কৰে, … Read more

বেণুধৰ শৰ্মা(Benudhar Sharma)ৰ চমু পৰিচয়

অসমৰ জাতীয় জীৱনৰ বৰেণ্য আৰু নমস্য ব্যক্তিসকলৰ ভিতৰত বেণুধৰ শৰ্মা অন্যতম। ১৮৯৯ চনৰ ১৬ নৱেম্বৰ তাৰিখে শিৱসাগৰ জিলাৰ চাৰিঙত তেওঁৰ জন্ম আৰু ১৯৮১ চনৰ ২৬ ফেব্ৰুৱাৰী তাৰিখে মৃত্যু হয়। পিতৃৰ নাম স্বৰ্গীয় ডিম্বেশ্বৰ শৰ্মা আৰু মাতৃ স্বৰ্গীয়া তুলসী দেৱী। বেণুধৰ শৰ্মা এগৰাকী প্ৰখ্যাত সাহিত্যিক, প্রত্নতত্ত্ববিদ, সাংবাদিক, সমাজসংস্কাৰক, বুৰঞ্জীবিদ, গবেষক আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এগৰাকী আগশাৰীৰ … Read more

ভবেন্দ্রনাথ শইকীয়া(Bhabendra Nath Saikia) বিষয়ে চমুকৈ

ভবেন্দ্রনাথ শইকীয়া (১৯৩২-২০০৩) ৰ জন্ম হয় নগাঁৱত। ১৯৪৮ চনত সুখ্যাতিৰে প্রবেশিকা পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজ আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা ক্ৰমে ইণ্টাৰমিডিয়েট আৰু স্নাতক ডিগ্রী লাভ কৰে। কলিকতা প্ৰেছিডেন্সি কলেজৰ পৰা পদার্থ বিজ্ঞানত স্নাতকোত্তৰ ডিগ্রী লাভ কৰে। লণ্ডন বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী আৰু লণ্ডনৰ ইস্পিৰিয়েল কলেজৰ পৰা টেকন’লজিৰ ডিপ্লমা লাভ কৰে। ৰামধেনু যুগৰ এগৰাকী শ্রেষ্ঠ … Read more

সৌৰভ কুমাৰ চলিহা(Saurabh Kumar Chaliha) বিষয়ে চমুকৈ

সৌৰভ কুমাৰ চলিহা ‘ৰামধেনু’ যুগৰ তথা ৰামধেনু আলোচনীত প্রকাশিত ‘অশান্ত ইলেকট্রন’ গল্প পুথিত ৰচনা কৰি আলোড়নত সৃষ্টি কৰা অসমীয়া আধুনিকতাবাদী গল্পকাৰসকলৰ ভিতৰত অন্যতম। ১৯৩০ চনত দৰঙত জন্মগ্রহণ কৰি কটন কলেজিয়েটৰ পৰা প্রবেশিকা পৰীক্ষা পাছ কৰে আৰু স্নাতক বিজ্ঞান ডিগ্রী লয় কটন কলেজৰ পৰা। পদার্থ বিজ্ঞানত লগুণ বিশ্ববিদ্যালয়ত স্নাকোত্তৰ ডিগ্ৰী লয়। তেওৰ প্ৰকৃত নাম সুৰেন্দ্ৰ নাথ … Read more

ড° নিৰ্মলপ্ৰভা বৰদলৈ(Nirmal Prabha Bordoloi) বিষয়ে চমুকৈ

ড° নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪) আধুনিক অসমীয়া কবিতাৰ পথাৰত আৰু গীতিসাহিত্যত নিৰ্মলপ্ৰভা বৰদলৈৰ এক সুকীয়া আসন আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিষয়ত এম. এ পাছ কৰি ১৯৫৮ চনত ভোলানাথ বৰুৱা মহাবিদ্যালয়ত অসমীয়া বিভাগত যোগদান কৰে। ১৯৭৬ চনত গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগত অধ্যাপিকাৰূপে যোগ দিয়ে আৰু শেষত জৱাহৰলাল নেহৰু আসনৰ অধ্যাপিকা হিচাপে অৱসৰ গ্ৰহণ কৰে। ড° নিৰ্মলপ্ৰভা … Read more

কবি নলিনীবালা দেৱীৰ জীৱন আৰু সাহিত্যকৰ্মৰ চমু পৰিচয় | About Nalini Bala Devi briefly

কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ জ্যেষ্ঠ কন্যা নলিনীবালা দেৱীৰ জন্ম হৈছিল ১৮৯৮ চনত।নলিনীবালা দেৱী এনে এটি প্রাচীন সংস্কৃতিসম্পন্ন পৰিয়ালত জন্মগ্ৰহণ কৰিছিল যিটো পৰিয়ালত সাহিত্যানুৰাগ আৰু স্বদেশপ্ৰীতিৰ স্ফুৰণ ঘটিছিল। নলিনীবালাৰ পিতামহ মাধৱচন্দ্ৰ বৰদলৈ ব্ৰিটিছ চৰকাৰৰ উচ্চ বিষয়া আছিল যদিও নিষ্ঠাৱান বৈষ্ণৱ আছিল ৷ বুঢ়ীমাকো পুৰণি গীত-মাত আদিত পাকৈত মহিলা আছিল। পিতৃ নবীনচন্দ্ৰ বৰদলৈ অসম কংগ্ৰেছৰ অপ্রতিদ্বন্দ্বী নেতা … Read more

বৰগীত সম্পর্কে চমুকৈ | Briefly about Borgeet

বৰগীতসমূহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ মাধৱদেৱৰ অভিনয় সৃষ্টি। ‘বৰগীত’ নামকৰণ অৱশ্যে মহাপুৰুষ দুজনাই কৰা নাই। পৰবৰ্তী বৈষ্ণৱ ভক্ত ইহে গুৰু দুজনাই ৰচনা কৰা মহত্বপূৰ্ণ গীতসমূহক ‘বৰগীত’ আখ্যা দিয়ে। বৰগীতসমূহক ড° বানীকান্ত কাকতিয়ে Noble Numbers, কালিৰাম মেধিয়ে Songs celestial আখ্যা দিয়ে। মহাপুৰুষ দুজনাৰ আধ্যাত্মিক ভাৱ সম্পন্ন ৰচনাভংগীৰ সৌষ্ঠৱ আৰু শাস্ত্ৰীয় সুৰৰ গাম্ভীৰ্য আৰু কল্পনাৰ সংযম থকা ব্ৰজাৱলী … Read more

শিশু সাহিত্যিক ভবেন্দ্ৰ নাথ শইকীয়া | About Bhabendra Nath Saikia briefly

অসমৰ সাংস্কৃতিক জগতখনলৈ ভবেন্দ্ৰ নাথ শইকীয়াৰ অৱদান বিশেষভাৱে উল্লেখনীয়। তেওঁ একাধাৰে চুটিগল্পকাৰ, ঔপন্যাসিক, শিশু সাহিত্যিক তথা কথাছবি প্রযোজক আছিল। শ‍ইকীয়াদের অসমীয়া সাহিত্য জগতত বিশেষকৈ চুটিগল্পকাৰ হিচাপে প্ৰখ্যাত। তেওঁৰ গল্প সংকলনকেইখন হ’ল ৰহৰী (১৯৬৩), বৃন্দাবন (১৯৬৫), গহ্বৰ (১৯৬৯), সেন্দুৰ (১৯৭১), শৃংখল (১৯৭৫), ভবেন্দ্ৰনাথ শইকীয়াৰ শ্ৰেষ্ঠ গল্প : পঞ্চাছৰ দশক (১৯৭৬), তৰংগ (১৯৭৯), এই বন্দৰৰ আবেলি (১৯৮৮), … Read more