জুবিন গাৰ্গৰ বিষয়ে চমু ৰচনা | জুবিন গাৰ্গ ৰ বিষয়ে ৰচনা অসমীয়া pdf

ভূমিকা: জুবিন গাৰ্গ(১৮ নৱেম্বৰ, ১৯৭২ – ১৯ ছেপ্টেম্বৰ, ২০২৫) কেৱল এজন গায়ক নহয়, তেওঁ অসম, ভাৰতৰ এগৰাকী প্ৰসিদ্ধ কষ্ঠশিল্পী। অসমীয়া সংস্কৃতিৰ এক প্ৰাণস্পন্দন। তেওঁৰ কণ্ঠত যাদু আছে, যি যিকোনো প্ৰজন্মৰ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰিব পাৰে। অসমৰ আধুনিক সংগীতক নতুন মাত্ৰা প্ৰদান কৰাত তেওঁৰ অৱদান অতুলনীয়। ইয়াৰ উপৰিও তেওঁ এগৰাকী সংগীত পৰিচালক, গীতিকাৰ, সুৰকাৰ, অভিনেতা, চলচ্চিত্ৰ প্ৰযোজক, বাদ্যযন্ত্ৰী, কবি, চিত্ৰনাট্যকাৰ, চলচ্চিত্ৰ পৰিচালক আৰু সমাজকৰ্মী।
জন্ম আৰু পৰিয়াল: জুবিন গাৰ্গৰ জন্ম হৈছিল টুৰা, মেঘালয়ত। তেওঁৰ পিতৃ মোহিনীমোহন বৰঠাকুৰ(ছদ্মনামঃ কপিল ঠাকুৰ) আৰু মাতৃ স্বৰ্গীয় ইলি বৰঠাকুৰ। তেওঁৰ প্ৰকৃত নাম জুবিন বৰঠাকুৰ। তেওঁৰ দেউতাকে তেওঁক বিখ্যাত সুৰকাৰ জুবিন মেহতাৰ নামেৰে নামাকৰণ কৰিছিল।

সংগীত যাত্ৰা: ১৯৯২ চনত তেওঁৰ প্ৰথম এলবাম ‘অনমিকা’ মুক্তি পায়, যিয়ে অসমীয়া সংগীত জগতত ধুমুহাৰ সৃষ্টি কৰিছিল। তেওঁৰ বহুতো গান আজিও মানুহৰ মাজত অতি জনপ্ৰিয়। যেনে- মায়া বিনী, মায়া আদি। তেওঁলোকৰ সংগীতত পশ্চিমীয়া আৰু থলুৱা অসমীয়া সুৰৰ এক সুন্দৰ মিশ্ৰণ পোৱা যায়। তেওঁ অসমৰ বিভিন্ন জনজাতীয় গীতসমূহ সংৰক্ষণ আৰু প্ৰচাৰৰ বাবেও কাম কৰি আহিছে।

বলিউড আৰু অন্যান্য: জুবিনে অসমৰ গীত গোৱাৰ লগতে, বলিউড আৰু অন্যান্য ভাষাত গীত বাণীবদ্ধ কৰি নিজৰ নাম কৰি জনপ্ৰিয়তা অৰ্জন কৰে।’ইয়া আলি’ (Gangster) গীতৰ উপৰিও তেওঁ বহুতো বলিউডৰ ছবিত গীত গাইছে। তেওঁ বঙালী, নেপালী, তামিল, তেলুগু আৰু পঞ্জাবী ভাষাতো গীত বাণীবদ্ধ কৰিছে।

অভিনয় আৰু পৰিচালনা: জুবিন গাৰ্গে বহুতো অসমীয়া ছবিত অভিনয় কৰিছে আৰু সংগীত পৰিচালনা কৰিছে। গায়নৰ উপৰিও তেওঁ ‘মিছন চাইনা’, ‘কাঞ্চনজংঘা’ৰ দৰে ছবিৰ পৰিচালনা আৰু অভিনয় কৰিছে।

সামাজিক কৰ্ম: জুবিন গাৰ্গ সামাজিক বিষয়ত অত্যন্ত সক্ৰিয়। বানপানীত সহায় কৰা, প্ৰতিবন্ধীসকলক সহায় কৰা, আৰু অসমৰ পৰিৱেশ তথা সংস্কৃতি ৰক্ষাৰ বাবে তেওঁ সদায় মাত মাতি আহিছে।

উপসংহাৰ: জুবিন গাৰ্গ অসমৰ এক আপুৰুগীয়া সম্পদ। তেওঁৰ প্ৰতিভা আৰু ত্যাগক সকলোৱে শ্ৰদ্ধা কৰে। তেওঁৰ সংগীত আৰু সৃষ্টিশীলতা আগন্তুক প্ৰজন্মক প্ৰেৰণা দি থাকিব।

জুবিন গাৰ্গ ৰ বিষয়ে ৰচনা অসমীয়া pdf

Leave a Comment