দুৰ্যোগ মানে আচ্মবিতে সংঘটিত হোৱা অতি বিপজ্জনক পৰিঘটনা, যাৰ ফলস্বৰূপে জনজীৱন, আন্তঃগাঁথনি, অৰ্থনৈতিক পৰিস্থিতি আৰু পৰিৱেশৰ গুৰুত্বৰ ব্যাঘাত ঘটে। অকস্মাতে হোৱা এই ক্ষয়-ক্ষতি ইমানেই বেছি হয় যে সেই পৰিস্থিতি চম্ভালিবলৈ ব্যক্তি বা সমাজৰ নিজৰ সামৰ্থ্য নাথাকে। দুৰ্যোগ সমূহক মূলতঃ দুটা ভাগত ভগোৱা হৈছে। প্ৰাকৃতিক আৰু কৃত্ৰিম দুৰ্যোগ। প্ৰাকৃতিক দুৰ্যোগ দুটাৰ নাম- বানপানী, ভূমিকম্প। কৃত্ৰিম দুৰ্যোগ দুটাৰ নাম- জুই লগা, ৰেল বা যান-বাহনৰ দুৰ্ঘটনা।
দুৰ্যোগৰ বিশেষত্ব হ’ল— ক) ইয়াক আগতীয়াকৈ জনা নাযায়, খ) ই দৈনন্দিন ঘটনা নহয়, গ) ই আকস্মিক বা তীব্ৰবেগী, ঘ) ই জৰুৰী অৱস্থাৰ সৃষ্টি কৰে, ঙ) ইয়াৰ নিশ্চয়তা নাথাকে, চ) ই ভাবুকি স্বৰূপ।
দুৰ্যোগৰ আগতে লোৱা ব্যৱস্থা, দুৰ্যোগৰ সময়ত লোৱা ব্যৱস্থা আৰু দুৰ্যোগৰ পিছত লোৱা ব্যৱস্থা।
১. দুৰ্যোগৰ আগতে লোৱা ব্যৱস্থা, যেনে— সজাগতা বৃদ্ধি, প্ৰশিক্ষণ, পৰিকল্পনা আৰু প্ৰচাৰ অভিযান। উদাহৰণস্বৰূপে— বানপানী, ভূমিকম্প আদি দুৰ্যোগ হ’লে আমি কি কৰিব লাগিব এই সম্পৰ্কে এই ব্যৱস্থাপনা গ্ৰহণ কৰিব পাৰি।
২. দুৰ্যোগৰ সময়ত লোৱা ব্যৱস্থা, যেনে— জৰুৰী উদ্ধাৰ, প্ৰাথমিক সাহায্য প্ৰদান, খাদ্য সামগ্ৰী, ঔষধ-পাতি আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী তৎমুহূৰ্তে যোগান। উদাহৰণস্বৰূপে, বানপানী হৈ থকা অৱস্থাত এনেবোৰ তৎকালীন ব্যৱস্থাৰ প্ৰয়োজন।
৩. দুৰ্যোগৰ পিছত লোৱা ব্যৱস্থা, যেনে— তাৎক্ষণিক আৰু স্থায়ী পুনৰ সংস্থাপন, পূৰ্বৰ স্পৰ্শকাতৰ পৰিস্থিতিৰ যাতে পুনৰাবৃত্তি নঘটে তাৰ কাৰণে কৰা ব্যৱস্থা। উদাহৰণস্বৰূপে— বানপানী, ভূমিকম্প আদি দুৰ্যোগ হৈ যোৱাৰ পিছত এনে ব্যৱস্থাৰ প্ৰয়োজন।
আৰু পঢ়ক ভূমিকম্পৰ সাৱধানতা
দুৰ্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ
দুৰ্যোগ ব্যৱস্থাপনাৰ মূল উপাদানসমূহ তলত আলোচনা কৰা হ’ল—
ক। সম্ভাব্য বিপদৰ ব্যৱস্থাপনাঃ ইয়াৰ অধীনত আছে সম্ভাব্য ভাবুকি বা সংঘটিত হ’ব পৰা বিপদসমূহ চিহ্নিত আৰু সম্ভাৱনীয়তা স্থিৰকৰণ, এনে বিপদৰ পৰা জনসাধাৰণৰ ওপৰত কেনেকুৱা প্ৰভাৱ পৰিব পাৰে তাক নিৰ্ধাৰণ কৰা। লগতে কি ব্যৱস্থা ল’লে বিপদ লাঘৱ কৰিব পৰা যাব তাৰ ব্যৱস্থা গ্ৰহণ।
খ। ক্ষতিৰোধ ব্যৱস্থাপনাঃ দুৰ্যোগৰ ফলত জনজীৱন, আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থা বিধ্বংস হৈ অশেষ ক্ষতি সাধন কৰে। দুৰ্যোগৰ পূৰ্বে আৰু পৰৱৰ্তী সময়ত ক্ষতিৰোধ ব্যৱস্থাপনা লোৱা হয় যাতে ক্ষয়-ক্ষতিৰ পৰিমাণ নগণ্য হয়। এইক্ষেত্ৰত দুৰ্যোগৰ পূৰ্বে লোৱা ব্যৱস্থাই উৎকৃষ্ট কাৰ্যপন্থা বুলি বিবেচিত হয়। এই কাৰ্যপন্থাসমূহৰ ভিতৰত পৰে—
১. ঘৰ-বাৰী নিৰ্মাণ, গাঁথনি আদি দুৰ্যোগ প্ৰতিৰোধী কৰি সজা।
২. ঘৰৰ বাসিন্দাসকলৰ আৰু সংকটজনক স্থানত অৱস্থিত বসতি অঞ্চলৰ কাৰণে উন্নত ধৰণৰ নিৰাপত্তা প্ৰদান।
৩. বিপদসংকুল স্থানত বিপদগ্ৰস্ত লোক আৰু জনসাধাৰণক তাৎক্ষণিক সঁহাৰি জনাবলৈ যাৱতীয় ব্যৱস্থাসমূহ অধিক সক্ৰিয় আৰু বৰ্ধিত ৰূপত লোৱা।
খ। দুৰ্যোগ নিয়ন্ত্ৰণঃ সাধাৰণতে দুৰ্যোগৰ সময়ত আৰু জৰুৰীকালীন পৰিস্থিতিৰ পিছত দুৰ্যোগ নিয়ন্ত্ৰণৰ কাৰ্যব্যৱস্থা লোৱা হয়। দুৰ্যোগৰ পিছত সঁহাৰি জনোৱাতকৈ দুৰ্যোগৰ পৰিস্থিতি নিয়ন্ত্ৰণ কৰাহে দৰকাৰ। তাৰ কাৰণে নিম্নোক্ত কাৰ্যপদ্ধতি ল’ব লাগে—
১. হ’ব পৰা দুৰ্যোগ, তাৰ কাৰণ আৰু প্ৰভাৱৰ সম্বন্ধ নিৰ্ণয় কৰা।
২. দুৰ্যোগৰ সন্মুখীন হ’ব পৰাকৈ পৰিচালনা তথা আঁচনি প্ৰস্তুত কৰা যাতে যথাসময়ত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব পাৰি।
ঘ। সম্পদ ব্যৱস্থাপনাঃ দুৰ্যোগৰ পিছত প্ৰতিকূল পৰিস্থিতিৰ মোকাবিলা কৰিবলৈ বিভিন্ন প্ৰকাৰৰ সম্পদৰ প্ৰয়োজন হয়; যেনে— এখন ক্ৰেইন, এচকাভেটৰ, এম্বুলেন্স, ডাক্তৰ আদিৰ খুব প্ৰয়োজন; কিন্তু এইবিলাক সামগ্ৰী সাধাৰণতে মজুত নাথাকে। সেয়ে সম্পদ ব্যৱস্থাপনা দুৰ্যোগকালীন সঁহাৰিৰ ক্ষেত্ৰত এক জটিল বিষয়।
ঙ। প্ৰভাৱ সীমিতকৰণঃ দুৰ্যোগে মানুহ, আন্তঃগাঁথনি আৰু আৰ্থিক অৱস্থাৰ ওপৰত সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলাই থৈ যায়। প্ৰকৃতাৰ্থত ই কেৱল ব্যক্তি বা পৰিয়াল বিশেষকে বিধ্বস্ত কৰি থৈ যায় এনে নহয়, ই সমুদায় সমাজখনকেই দুৰ্বল কৰি পেলায়। দুৰ্যোগে এখন দেশৰ সামূহিক উন্নয়ন প্ৰক্ৰিয়াকো বেয়াকৈ ক্ষতিগ্ৰস্ত কৰিব পাৰে। দুৰ্যোগৰ প্ৰভাৱ ব্যক্তি আৰু তেওঁলোকৰ সমাজৰ ওপৰত যাতে অতি কম হয় তালৈ লক্ষ্য কৰা উচিত।