স্বাধীনতা আন্দোলনত অসমীয়া মহিলাৰ ভূমিকা (Role of Assamese woman in the freedom struggle of India)

    প্রাচীন কালৰে পৰা অসমীয়া মহিলাই দেশৰ হকে জাতিৰ হকে আৰু সংস্কৃতি ৰক্ষাৰ বাবে অশেষ ত্যাগ স্বীকাৰ কৰাৰ তথ্য অসমৰ বুৰঞ্জীৰ পাতত প্ৰতিফলিত হৈছে। নাৰীয়ে আছিল সমাজ, ৰাজনীতি আৰু ধৰ্মৰ উন্নতিৰ প্ৰধান বাহক। বিশেষকৈ প্ৰাচীন কালৰে পৰা অসমত নাৰী শক্তিৰ প্ৰভাব বিদ্যমান। অতীতত নৰক বংশ, বর্মন বংশ, শালস্তম্ভ বংশ আৰু পাল বংশৰ সময়ত নাৰীৰ প্ৰভাৱ প্ৰতিফলিত হৈছিল। একেদৰে আহোম যুগতো মূলা গাভৰু, জয়মতী, ফুলেশ্বৰী কুৱৰী, চুতীয়া ৰাণী সাধনী আদিৰ বীৰত্বৰ পূৰ্ণ ত্যাগ বুৰঞ্জীৰ পাতত আৰু অসমীয়া সমাজত জিলিকি আছে। অসমৰ মহিলাই বৃটিছৰ বিৰুদ্ধে কৰা সংগ্ৰামত সক্রিয় অংশ গ্ৰহণ কৰিছিল।

    মহাত্মা গান্ধীৰ নেতৃত্বত আৰম্ভ হোৱা অসহযোগ আন্দোলনৰ পৰাহে ভাৰতৰ পূব ৰাজ্য অসমে ভৰাতীয় মূলসুঁতিৰ সৈতে একগোট হৈ বৃটিছৰ বিৰুদ্ধে সংগ্ৰাম কৰিছিল৷ এই আন্দোলনত অসমৰ পুৰুষ-মহিলাই সমানে অংশ গ্রহণ কৰিছিল। ১৯২১ চনত মহাত্মা গান্ধীয়ে অসম ভ্ৰমণ কৰিছিল আৰু অসমৰ মহিলাসকলে তেওঁৰ আহবানৰ প্ৰতি সহাঁৰি জনাইছিল আৰু আত্ম বিশ্বাস বৃদ্ধি পাইছিল। অসমীয়া মহিলাই অসম ছাত্র সন্মিলন আৰু অসম সাহিত্য সভাৰ নেতৃত্বত আন্দোলনত অংশ গ্ৰহণ কৰিছিল। ১৯২৬ চনত অসম মহিলা সমিতি গঠন কৰা হৈছিল আৰু ইয়াৰ যোগেদি মহিলা সকলে সভা সমিতি, শোভা যাত্ৰাত অংশ লোৱাৰ উপৰিও আৰু স্কুল, কলেজ, আদালত, চৰকাৰী চাকৰি বৰ্জন কৰিছিল। কংগ্ৰেছৰ নেতাসকলৰ পৰিয়ালৰ বহুতো মহিলাই আন্দোলনত বিভিন্ন সাংগঠনিক কামত আৰু গাঁৱলীয়া মহিলাৰ মাজত সামাজিক কামত জড়িত হৈ পৰিছিল৷ সেইসকল মহিলা আছিল- হেমন্ত কুমাৰী দেৱী বৰদলৈ, নলিনীবালা দেৱী, বিজুলী ফুকন, সুমিত্রা ভট্টাচাৰ্য্য, কিৰনময়ী আগৰৱালা, ৰজবালা দাস আদি। অসহযোগ আন্দোলনৰ এটা গুৰুত্বপূৰ্ণ আঁচনি আছিল নিজ হাজে সূতা কাটি কাপোৰ প্ৰস্তুত কৰা। এই ক্ষেত্ৰত অসমীয়া মহিলাসকলে উল্লেখনীয় কৃতিত্ব লাভ কৰিছিল। অসমৰ সকলো শ্ৰেণীৰ মহিলা এই কাৰ্য্যত জড়িত হৈ পৰিছিল৷ অসমীয়া মহিলাই বিদেশী বস্ত্ৰ বৰ্জন কৰি নিজ হাজে বোৱা বস্ত্ৰ পৰিধান কৰিছিল। মহাত্মা গান্ধীৰ আন এটা গুৰুত্বপূৰ্ণ আঁচনি কানি আৰু মাদক দ্রব্য মিবাৰণতো অসমীয়া মহিলাই অংশ গ্ৰহণ কৰিছিল। তেওঁলোকে কানি আৰু সূৰা বিক্ৰী কৰা দোকানৰ সন্মুখত পিকেটিং কৰিছিল। ৰাগীয়াল বস্তু ত্যাগ কৰিবলৈ অস্বীকাৰ কৰা সকলক সামাজিক ভাবে বর্জন কৰা হৈছিল। কানি বিৰোধী আন্দোলনত অংশ গ্ৰহণ কৰা বাবে ১৯৩২ চনৰ ১ ফেব্ৰুৱাৰীত কানি বিৰোধী কৰ্মী গোলাঘাটৰ দাৰিকীদাসী বৰুৱাক চৰকাৰে গ্ৰেপ্তাৰ কৰি ৬ মাহ কাৰাৰুদ্ধ কৰি ৰাখিছিল।

    অসমৰ মহিলাই তিলক স্বৰাজ ফান্দলৈ নগদ ধন আৰু সেৱাৰেও বৰঙণি যোগাইছিল৷ শিৱসাগৰৰ ১২ গৰাকী মহিলাই তেওঁলোকৰ সকলো অলংকাৰ এই ফান্দলৈ দান কৰিছিল। মহাত্মা গান্ধীয়ে অসমৰ সৰোজনী আখ্যা দিয়া ভানুমতী তালুকদাৰে কংগ্ৰেছৰ হকে কাম কৰিবলৈ নিজৰ স্বামী আৰু সন্তানকো ত্যাগ কৰিছিল। একেদৰে দৰং জিলাৰ চন্দ্ৰপ্ৰভা শইকীয়ানীয়েও আন্দোলনত অংশ গ্ৰহণ কৰাৰ বাবে চাকৰি ত্যাগ কৰিছিল। ১৯৩০ চনৰ আইন অমান্য আন্দোলনৰ সময়ত অসমৰ ছাত্ৰীৰ ভিতৰত আছিল পুষ্পলতা দাস, সৰলা চাক্সেনা আৰু জ্যোৎস্না মজুমদাৰ। মুক্তি সংঘত যোগদান কৰাৰ অপৰাধত পুষ্পলতা দাসক স্কুলৰ পৰা বহিস্কাৰ কৰা হৈছিল। বৃটিছৰ আইন ভংগ কৰাৰ বাবে মহাত্মা গান্ধীয়ে দাণ্ডী যাত্ৰা কৰাৰ সময়ত তেওৰ এই কাৰ্য্যসূচীৰ সময়ত অসমত বিভিন্ন সভা-সমিতি, সমদল আৰু চৰকাৰী আদেশ অমান্য কৰি মহাত্মাৰ প্ৰতি নৈতিক সমর্থন আগবঢ়াইছিল। গুৱাহাটীৰ কটন কলেজৰ সন্মুখত মহিলা স্বেচ্ছাসেৱীসকলে পিকেটিঙত অংশ গ্ৰহণ কৰিছিল৷

    ১৯২৯ চনত বহা ঐতিহাসিক লাহোৰ কংগ্ৰেছে স্বাধীনতাৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল আৰু ১৯৩০ চনৰ ২৬ জানুৱাৰীত ৰাজ্যজুৰি প্রথম স্বাধীনতা দিবস পালনৰ সিদ্ধান্ত লৈছিল। সেই আহ্বানৰ প্ৰতি সহাঁৰি জনাই গুনেশ্বৰী দেৱী, দৰবাই মেচ, মোহিনী গোহাই আৰু কিৰণবালা বৰাৰ নেতৃত্বত ৪০০ মহিলাই জিলা সদৰ নগাৱলৈ স্বাধীনতা উৎসৱ পালনৰ বাবে আগবাঢ়িছিল। এই সমদলত গাঁৱৰ মহিলা সকলেও যোগদান কৰিছিল। স্বাধীনতা পতাকা উত্তোলন কৰিবলৈ সমবেত হোৱা পুৰুষ মহিলাৰ ওপৰত বৃটিছ বাহিনীয়ে আক্রমণ কৰিছিল। শিৱসাগৰত কমলাবালা কাকতিক সমদলত অংশ গ্ৰহণ কৰাৰ অপৰাধত গ্ৰেপ্তাৰ কৰি কাৰাগাৰলৈ প্ৰেৰণ কৰিছিল৷

    ১৯৪২ চনৰ ৭-৮ আগষ্টত কংগ্ৰেছৰ বোম্বে অধিবেশনত ভাৰত ত্যাগ প্ৰস্তাৱ গ্ৰহণ কৰা হৈছিল৷ ভাৰত ত্যাগ আন্দোলনত অসমৰ মহিলাই অংশ গ্ৰহণ কৰিছিল৷ অসমৰ বিভিন্ন ঠাইত মহিলাৰ বাবে সত্যাগ্রহী প্রশিক্ষণ কেন্দ্ৰ মুকলি কৰা হৈছিল। অসমৰ গাঁৱলীয়া অঞ্চলত ছাত্ৰ-ছাত্ৰীয়ে স্কুল বৰ্জন কৰি গোপনে আন্দোলনত যোগদান কৰিছিল। তেওঁলোকে বৃটিছৰ বিৰুদ্ধে মৃত্যু বাহিনীও গঠন কৰিছিল৷ তেওঁলোকে গান্ধীজীৰ কৰিম বা মৰিমধ্বনিৰ তত্ত্ব বুজি পাইছিল। পুষ্পলতা দাসৰ নেতৃত্বত ২০ চেপ্তেম্বৰত গহপুৰ, ঢেকীয়াজুলী, বিহালী আৰু চটিয়াত জাতীয় পতাকা উত্তোলনৰ কাৰ্য্যসূচী লোৱা হৈছিল। পুলিচে সমদল কৰি আগবঢ়া পুৰুষ-মহিলাৰ ওপৰত গুলীবৰ্ষণ কৰিছিল৷ গহপুৰ থানাত পতাকা উত্তোলন কৰিবলৈ আগবাঢ়ি যোৱা সমদলৰ ওপৰত পুলিচে গুলীবৰ্ষণ কৰাত কলকলতা বৰুৱা, কমুলি দেৱী ঠাইতে নিহত হৈছিল। নগাওত ভোগেশ্বৰী ফুকননী পুলিচৰ অত্যাচাৰৰ বলি হৈছিল। ১৯৪২ চনৰ ১৫ অক্টোবৰত টিয়কৰ ৮০ জন মহিলাই নেতৃত্ববিহীন ভাবে পুলিচ চকী আক্রমণ কৰিবলৈ চেষ্টা চলাইছিল। বৰপেটা জিলাৰ মহিলাসকলেও পাটাছাৰকুছি থানা আক্রমণ কৰি পুলিচ বিষয়াক আঘাট কৰিছিল। বহুতো অসমীয়া মহিলাই গান্ধীজীৰ অহিংসা আন্দোলনৰ প্ৰতি হতাশগ্রস্থ হৈ গোপন আৰু সন্ত্রাসবাদী কাৰ্য্যকলাপত লিপ্ত হৈছিল। শিৱসাগৰত আইকন ভূঞাই আমগুৰী হাইস্কুল জ্বলাই দিয়াৰ নেতৃত্ব বহন কৰিছিল। তেওঁ বহুতো গোপন সভা আহ্বান কৰি ডেকা সকলক চৰকাৰী অফিচ-কাৰ্য্যালয় বা আন সম্পত্তি ধ্বংস কৰিবলৈ প্ৰৰোচিত কৰিছিল৷ নগাওত জয়মতী শ‍ইকীয়াই বিপ্লৱী বাহিনীৰ সৈতে যোগাযোগ কৰি বেবেজীয়া পথৰ দলং জ্বলোৱাত জড়িত হৈছিল। সেই জিলাৰ পিতৰাণী শইকীয়া আৰু দগতি বৰা গুপ্ত বাহিনীৰ কৰ্মী আছিল। গুণৱতী দেৱী আৰু দক্ষদা দেৱীয়ে তেওঁলোকৰ স্বামীৰ গুপ্ত বাহিনীত সহায় কৰিছিল৷ এনেদৰে অসমৰ মহিলাই স্বাধীনতা আন্দোলনৰ সকলো কাৰ্য্যসূচীতে অংশ গ্ৰহণ কৰি ভাৰতে স্বাধীনতা লাভ কৰাত বৰঙণি যোগাইছিল।

 

ৎসঃ ভাৰতৰ ইতিহাস(১৮৫৮-১৯৪৭)


Leave a Comment