পৰিৱেশ প্ৰদূষণ | Poribesh Produson

পৰিৱেশ মানে কি

পাৰ্থিৱ জগতখনত আমাৰ চাৰিওফালে বিৰাজ কৰা প্ৰাকৃতিক তথা মানৱসৃষ্ট সামগ্ৰিক অৱস্থাকে পৰিৱেশ বোলা হয়। পৰিৱেশক বিজ্ঞানীসকলে প্ৰাকৃতিসকলে প্ৰাকৃতি আৰু মানৱসৃষ্ট বা কৃত্ৰিম— এই দুটা ভাগত ভাগ কৰিছে। মাটি, পানী, বায়ু, উদ্ভিদ আৰু প্ৰাণীৰ সামূহিক অৱস্থাটোৱে প্ৰাকৃতি পৰিৱেশ আৰু মানুহে নিজৰ কাৰ্যকলাপৰ দ্বাৰা দিনে-দিনে পৃথিৱীৰ বিভিন্ন পৰিৱৰ্তন ঘটাই যি কৃত্ৰিম পৰিৱেশৰ সৃষ্টি কৰিছে, তাকে মানৱসৃষ্ট পৰিৱেশ বোলা হয়। প্ৰাকৃতিক আৰু মানৱসৃষ্ট— এই দুয়োটা পৰিৱেশৰ সংমিশ্ৰণত বৰ্তমান মানৱ জাতি তথা প্ৰাণীকুল যি অৱস্থাৰ মাজত বসবাস কৰিছে, সিয়েই সামগ্ৰিকভাৱে পৰিৱেশ। এই পৰিৱেশৰ মাজত মানুহ ডাঙৰ-দীঘল হয়, শাৰীৰিক-মানসিক বিকাশ ঘটায়। মানুহে সেই পৰিৱেশৰ লগত খাপ খুৱাই জীৱন-যাপন কৰে।

পৰিৱেশ প্ৰদূষণ কেনেকৈ হয়

পৃথিৱীক আৱৰি ৰখা মাটি, পানী, বায়ু আদি সকলোৰে স্বকীয় উপাদান আছে। কেতিয়াবা বিভিন্ন কাৰণত এই উপাদানসমূহৰ স্বাভাৱিক ধৰ্ম বিনষ্ট হয়। প্ৰাকৃতিক উপাদানসমূহৰ পৰিৱৰ্তন ঘটি জীৱজগতৰ বাবে যেতিয়া ক্ষতিকাৰক হৈ পৰে, তাকে পৰিৱেশৰ প্ৰদূষণ বোলা হয়। পৰিৱেশ বিভিন্ন কাৰণত বিভিন্ন ধৰণে প্ৰদূষিত হয়। পৰিৱেশ দূষিত হোৱাকে পৰিৱেশ প্ৰদূষণ বোলে।

       কেতিয়াবা প্ৰাকৃতিক কাৰকৰ বাবেও পৰিৱেশ প্ৰদূষিত হয়। কিন্তু পৰিৱেশ প্ৰদূষণৰ ঘাই কাৰণ হৈছে মানুহ। মানুহে নিজৰ সুখ-স্বাচ্ছন্দ্যৰ বাবে বিলাস, প্ৰভুত্ব স্থাপন, ভোগ আদিৰ বাবে প্ৰকৃতিৰ উপাদানসমূহৰ যথেষ্ট ক্ষতিসাধন কৰে। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বলত বলীয়ান মানুহে বৈজ্ঞানিক সা-সুবিধাৰে জীৱন-সুবিধাৰে জীৱন-নিৰ্বাহ কৰিবলৈ গৈ প্ৰকৃতিক ধ্বংস কৰি নিজৰ জীৱনলৈ সংকট মাতি আনিছে। এনেকৈ প্ৰদূষিত হৈ থাকিলে এদিন পৃথিৱীখনৰ পৰা সমগ্ৰ জীৱকুল বিল্পুত হৈ পৰিব।

       মানুহৰ এনে দুষ্কৃতিৰ প্ৰভাৱত মাটি প্ৰদূষিত হৈছে। অধিক শস্য উৎপাদনৰ বাবে খেতিপথাৰত মিহলাৱা কীটনাশত দ্ৰব্য, ৰাসায়নিক সাৰ, উদ্যোসমহৰ পেলনীয়া দ্ৰব্য আদিয়ে মাটিৰ সাধাৰণ ধৰ্ম বিনষ্ট কৰিছে। বৰ্তমান পৃথিৱীত বহুল প্ৰচলিত প্লাষ্টিক দ্ৰব্যসমূহে জীণ নোযোৱাকৈ থাকি মাটিৰ যি ভয়ংকৰ প্ৰদূষণ কৰিছে, তাৰ তুলনা নাই।

       মাটিৰ দৰেই পানীও প্ৰদূষণৰ ফলত মানুহৰ জীৱনাশিনী হৈ উঠিছে। উদ্যোগৰ পৰা ওলোৱা জাৱৰ-জোথৰ, অপকাৰী দ্ৰব্যকে ধৰি বিভিন্ন অপদ্ৰব্য পানীত মিহলি হৈ পৰাৰ ফলত প্ৰাণীৰ প্ৰাণস্বৰূপে পানী মাৰাত্মকভাৱে দূষিত হৈ পৰিছে।

       বায়ু, জীৱ তথা উদ্ভিদৰ বাবে অতি লাগতিয়াল। পলকৰ বাবে বায়ুহীন হ’লেই জীৱকুল থাকিব নোৱাৰিব। কিন্তু আজি সেই বায়ু প্ৰদূষিত হৈ জীৱকুলৰ বাবে মাৰাত্মক হৈ পৰিছে। বৰ্তমান নগৰে-চহৰে গঢ়ি উঠা বিভিন্ন উদ্যোগ, মটৰগাড়ী আদিৰ পৰা নিৰ্গত ধোঁৱা-কাৰ্বন মন’ক্সাইড, নাইট্ৰ’জেন অক্সাইড আদিৰ বায়ুমণ্ডল ভৰি পৰিছে। প্ৰদূষিত মানুহ নিত্য-নতুন বেমাৰত আক্ৰান্ত হৈছিল। বায়ুমণ্ডলৰ অজ’ন স্তৰ বিঘ্নিত হৈছে। ফলত অতি বেঙুনীয়া ৰশ্মি বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ সম্ভাৱনাৰ সৃষ্টি হৈছে। অতি সাম্প্ৰতিক কালত গোলকীয় উত্তাপ বৃদ্ধি হৈছে আৰু হিমস্তৰ গলাৰ ফলত সাগৰ-মহাসাগৰৰ জলস্তৰ ইমানেই বৃদ্ধি হৈছে যে আৰু কিছু বছৰৰ পাছত সমগ্ৰ পৃথিৱীত ভয়াৱহ বানপানীৰ সৃষ্টি হৈছে পৃথিৱীক ধ্বংসস্তূপত পৰিণত কৰাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

       শব্দ প্ৰদূষণ ভয়ানকভাৱে বৃদ্ধি হৈছে। পাৰমাণৱিক শক্তিকেন্দ্ৰ, মানুহৰ সন্ত্ৰাসবাদী কাৰ্যকলাপেও প্ৰদূষণ বৃদ্ধি কৰিছে। ১৯৮৬ চনৰ চাৰ্ন’বিল শক্তিকেন্দ্ৰৰ দুৰ্ঘটনা, ১৯৮৪ চনৰ ভূপালত বিষাক্ত গেছ নিঃসৰণৰ ঘটনা আদিৰ দৰে ঘটনাসমূহে প্ৰদূষণৰ ভয়াৱহতাৰ প্ৰতিচ্ছবি আমাৰ সন্মুখত দাঙি ধৰে।

পৰিৱেশ প্ৰদূষণ ৰোধ কৰাৰ উপায়

প্ৰাকৃতিকভাৱে ঘটা প্ৰদূষণ মানুহৰ আয়ত্তৰ বাহিৰত আৰু এনে প্ৰদূষণে মানুহক বিশেষ ক্ষতি নকৰে। কিন্তু মানুহৰ দ্বাৰা ঘটা প্ৰদূষণ কেৱল মানুহেহে ৰোধ কৰিব পাৰে। যি সুখে মৃত্যু হাতবাউলি মাতে, তেনে সুখ ভোগ নকৰাকৈ থকা শ্ৰেয়। সেয়েহে য’তে ত’তে উদ্যোগ স্থাপন কৰা, অত্যধিক যান-বাহন ব্যৱহাৰ কৰা, বসতি স্থাপন কৰি হাবি-বন তহিলং কৰা, অতিমাত্ৰা কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰা, প্লাষ্টিক আদি অপদ্ৰব্য ব্যৱহাৰ কৰিবলৈ মানুহে এৰিব লাগে।

       পৰিৱেশ সংৰক্ষণৰ বাবে অধিক বৃক্ষৰোপণ কৰিব লাগে। বিজ্ঞানীসকলে প্ৰদূষণমুক্ত-কৌশল উদ্ভাৱনৰ উপায় চিন্তা কৰা উচিত। জনসাধাৰণৰ মাজত সজাগতা সৃষ্টি কৰিবলৈ চৰকাৰ আৰু আন আন অনুষ্ঠানে কাৰ্যপন্থা গ্ৰহণ কৰিব লাগে। বৰ্তমান বায়ু, পানী, মাটি আদিৰ প্ৰদূষণ ৰোধৰ বাবে চৰকাৰীভাৱে আইন-প্ৰণয়ন কৰা হৈছে। সেই আইনসমূহ কাৰ্যকৰী হোৱাত সকলোৱে সহায় কৰিব লাগে।

       প্ৰদূষণৰ সমস্যা এক ভয়াৱহ সমস্যা। আজিতে ইয়াক ৰোধ কৰিব নোৱাৰিলে মানৱ জাতি অস্তিত্বহীন হৈ পৰিব। সেয়েহে সকলো মানুহেই সজাগ হৈ পৰিৱেশক ৰক্ষা কৰিবলৈ প্ৰতিজ্ঞা গ্ৰহণ কৰা উচিত।

Leave a Comment