The Cold War Era | শীতল যুদ্ধৰ যুগ class 12

 গোট-১

ৰাজনীতি বিজ্ঞান (খণ্ড-২)
সমসাময়িক বিশ্ব ৰাজনীতি
শীতল যুদ্ধৰ যুগ
(The Cold War Era )


*
দ্বিতীয় মহাযুদ্ধৰ পিছত পৃথিৱীত দুটা শক্তিগোষ্ঠীৰ সৃষ্টি হৈছিল। এটা শক্তিগোষ্ঠীৰ নেতৃত্ব বহন কৰিছিল কমিউনিষ্ট ৰাছিয়াই আৰু আনটো শক্তিগোষ্ঠীৰ নেতৃত্ব বহন কৰিছিল পুঁজিবাদী আমেৰিকাই। এই শক্তিগোষ্ঠী দুটাৰ মাজত চলি থকা পাৰস্পৰিক অবিশ্বাস, বিদ্বেষ আৰু প্ৰতিদ্বন্দ্বিতাকে বিশ্ব ৰাজনীতিত শীতল যুদ্ধ নামেৰে নামকৰণ কৰা হয়। শীতল যুদ্ধৰ সময়ত যুদ্ধ অথবা শান্তি কোনোটোৱেই বিৰাজ কৰা নাছিল।
*
দ্বিতীয় মহাসমৰৰ পিছতে সূচনা হোৱা শীতলযুদ্ধই বিভিন্ন সময়ত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল। বিশেষকৈ ক্লিউবাৰ মিচাইল সংকটৰ সময়ত ই অধিক প্ৰকট হৈ উঠিছিল।
*
পৃথিৱীৰ বিভিন্ন ঠাইলৈ সম্প্ৰসাৰিত হোৱা শীতল যুদ্ধৰ সামগ্ৰিক ৰূপ বিভিন্ন ঘটনাই বহন কৰিছিল।
* ‘
সামৰিক জোট বন্ধনশীতল যুদ্ধৰ সময়ৰ আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ এক উল্লেখযোগ্য বৈশিষ্ট্য আছিল।
*
শীতল যুদ্ধই পৃথিৱীৰ দুই শক্তিগোষ্ঠীৰ মাজত অস্ত্র-শস্ত্ৰৰ এক অঘোষিত প্ৰতিযোগিতাৰ সূচনা কৰিছিল।
*
শীতল যুদ্ধৰ ফলত সৃষ্টি হোৱা দ্বিকেন্দ্ৰিক ৰাষ্ট্ৰ ব্যৱস্থা (Bi-polar State System)ৰ প্ৰতি তৃতীয় বিশ্বৰ দেশসমূহে প্রত্যাহবান ৰূপে থিয় দিছিল। কাৰণ নতুনকৈ স্বাধীনতা লাভ কৰা এই ৰাষ্ট্ৰসমূহে কোনো এটা শক্তিগোষ্ঠীতে অন্তর্ভুক্ত নহৈ স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ আঁচনি গ্ৰহণ কৰিছিল যাক গোষ্ঠীনিৰপেক্ষতা বুলি কোৱা হৈছিল।
*
গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে শীতলযুদ্ধৰ ফলত সৃষ্টি হোৱা উত্তেজনা কিছু পৰিমাণে লাঘৱ কৰিছিল। কাৰণ, এই
ৰাষ্ট্ৰসমূহে সামৰিক গোষ্ঠীত নতুন ৰাষ্ট্ৰৰ অন্তৰ্ভুক্তিৰ প্ৰক্ৰিয়াটোক কিছু পৰিমাণে বাধা দিছিল। তদুপৰি, এই
দেশসমূহে তেওঁলোকৰ অৰ্থনৈতিক বিকাশৰ বাবে বিশ্ব বাণিজ্যক সংশোধন কৰি নতুন অর্থনৈতিক ব্যৱস্থাৰ দাবী
উত্থাপন কৰিছিল। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ অন্যতম এক অংশীদাৰ হিচাপে ভাবতে শীতল যুদ্ধৰ সময়ত গ্ৰহণ কৰা ভূমিকাও লেখত লবলগীয়া আছিল।

TEXTBOOK QUESTIONS
১। শীতল যুদ্ধ সম্পর্কত তলৰ কোনটো উক্তি শুদ্ধ নহয় ?
(
ক) ই আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন আৰু সিহঁতৰ মিত্ৰগোষ্ঠীৰ মাজত চলা এক প্ৰকাৰৰ প্ৰতিযোগিতা আছিল।
(
খ) ই দুই শক্তিগোষ্ঠীৰ মাজৰ এক আদৰ্শগত সংঘাত।
(
গ) ই অস্ত্ৰ-শস্ত্ৰৰ এক প্ৰতিযোগিতাৰ সূচনা কৰিছিল।
(
ঘ) আমেৰিকা আৰু ছোভিয়েট ইউনিয়ন প্রত্যক্ষ সংগ্ৰামত লিপ্ত হৈছিল।
উত্তৰ : (ঘ)
২। তলৰ কোনটো গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ লক্ষ্য নহয় ?
(
ক) নতুনকৈ স্বাধীনতা লাভকৰা দেশবোৰক স্বাধীন বৈদেশিক নীতি ৰচনাৰ সুবিধা দিয়া।
(
খ) কোনো সামৰিক গোষ্ঠীত যোগদান নকৰা।
(
গ) আন্তঃৰাষ্ট্ৰীয় বিষয়ত নিৰপেক্ষতা অৱলম্বন কৰা।
(
ঘ) গোলকীয় অর্থনৈতিক অসমতা দূৰ কৰা।
উত্তৰ : (গ)
(
ক) পোলেণ্ড (খ) ফান্স (গ) জাপান (ঘ) নাইজেৰিয়া (ঙ) দক্ষিণ কোৰিয়া (চ) শ্রীলংকা
উত্তৰঃ (ক) পোলেণ্ডছোভিয়েট নেতৃত্বাধীন শক্তিগোষ্ঠী
(
খ) ফান্সআমেৰিকা নেতৃত্বাধীন শক্তিগোষ্ঠী
(
গ) জাপানআমেৰিকা নেতৃত্বাধীন শক্তিগোষ্ঠী
(
ঘ) নাইজেৰিয়াগোষ্ঠীনিৰপেক্ষ
(
ঙ) দক্ষিণ কোৰিয়াছোভিয়েট গোষ্ঠী
(
চ) শ্রীলংকা গোষ্ঠীনিৰপেক্ষ।


শীতল যুদ্ধই একে সময়তে অস্ত্রশস্ত্ৰৰ প্ৰতিযোগিতা আৰু অস্ত্ৰশস্ত্ৰৰ নিয়ন্ত্ৰণ দুয়োটাৰে বিকাশত অৰিহনা
যোগাইছিল।কাৰণসহ ব্যাখ্যা কৰা।
উত্তৰ : শীতল যুদ্ধই অস্ত্র-শস্ত্ৰৰ প্ৰতিযোগিতা বৃদ্ধি কৰাৰ লগতে অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্ৰণটো অৰিহনা যোগাইছিল। আমি
জানো যে শীতল যুদ্ধৰ সময়ত দুয়োটা শক্তিগোষ্ঠীৰ মাজত পাৰস্পৰিক অবিশ্বাস আৰু সন্দেহ বৃদ্ধি পাইছিল। ফলত
দুয়োটা শক্তিগোষ্ঠীয়েই সম্ভাৱ্য্য যুদ্ধৰ বাবে নিজকে সাজু কৰিবৰ অৰ্থে অস্ত্রশস্ত্ৰৰে সুসজ্জিত হব বিচাৰিছিল।
প্ৰতিটো শক্তিগোষ্ঠীয়েই পাৰমাণৱিক শক্তিৰে নিজকে শক্তিশালী কৰাৰ প্ৰচেষ্টা হাতত লৈছিল। গতিকে স্বাভাৱিকতেই অস্ত্র-শস্ত্ৰৰ এক অঘোষিত প্রতিযোগিতা আৰম্ভ হৈছিল। কিন্তু লাহে লাহে দুয়োটা শক্তিগোষ্ঠীয়েই উপলব্ধি কৰিলে যে পাৰমাণৱিক যুদ্ধই দুয়োটাৰ কাৰণেই ভয়াবহ ধ্বংস মাতি আনিব পাৰে। পাৰমাণৱিক অস্ত্র-শস্ত্ৰৰ এনে ভয়াবহতা উপলব্ধি কৰিয়েই এইবাৰ দুয়োটা শক্তিগোষ্ঠীয়ে অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্ৰণৰ ক্ষেত্ৰত সহযোগিতা কৰাৰ সংকল্প লয়। এনে সহযোগিতাৰ ফলতেই Limited Test Ban Treaty আৰু Anti-Ballistic Missile treaty দুয়োপক্ষৰ মাজত স্বাক্ষৰিত হৈছিল।


বৃহৎ শক্তিসমূহে (Superpowers) কিয় সৰু ৰাষ্ট্ৰবোৰৰ লগত সামৰিক মিত্ৰতা কৰিছিল? তিনিটা কাৰণ
লিখা।
উত্তৰঃ বৃহৎ শক্তিসমূহে সৰু ৰাষ্ট্ৰবোৰৰ লগত সামৰিক মিত্ৰতা কৰাৰ মূল কাৰণ আছিল :
১। সৰু ৰাষ্ট্ৰবোৰে বৃহৎ শক্তিসমূহক খনিজাত আৰু তৈলজাত সম্পদসমূহ আহৰণত সহায় কৰিছিল।
২। বৃহৎ ৰাষ্ট্ৰবোৰক সামৰিক ঘাটি স্থাপনৰ বাবে নিজ অঞ্চলত সুবিধা দিছিল।
৩। সৰু ৰাষ্ট্ৰবোৰে নিজ ভূ-খণ্ডত থাকি বৃহৎ শক্তিক চোৰাংচোৱাগিৰি কৰাৰ সুবিধা দিছিল।


৭। শীতল যুদ্ধ ক্ষমতাৰ বাবে লগা এক সংগ্ৰামহে আছিল, ই কোনো আদর্শগত সংঘাত নাছিল।” তুমি কথাষাৰ
সমৰ্থন কৰানে? উদাহৰণসহ বুজাই লিখা।
উত্তৰঃ এই উক্তিৰ লগত আমি একমত হব নোৱাৰো। শীতল যুদ্ধ কেৱল ক্ষমতাৰ বাবে লগা এক সংগ্রামেই নাছিল।
ই দুটা বিপৰীতধৰ্মী আদৰ্শৰ মাজত হোৱা এক সংঘাত আছিল। আমেৰিকাৰ নেতৃত্বাধীন ৰাষ্ট্ৰগোষ্ঠীয়ে পুঁজিবাদী
আদর্শ গ্ৰহণ কৰাৰ বিপৰীতে ছোভিয়েট নেতৃত্বাধীন ৰাষ্ট্ৰগোষ্ঠীয়ে সাম্যবাদী আদৰ্শৰ প্রতি সমর্থন জনাইছিল।


৮। তৃতীয় বিকল্প (Third Option) হিচাপে গ্ৰহণ কৰা গোষ্ঠীনিৰপেক্ষতাই কিদৰে তৃতীয় বিশ্বৰ দেশবোৰৰ
বিকাশত সহায় কৰিছিল?
উত্তৰ : শীতল যুদ্ধই সমগ্ৰ বিশ্বখনকে দুটা পৰস্পৰ-বিৰোধী গোষ্ঠীত ভাগ কৰিছিল। এটাৰ নেতৃত্ব দিছিল আমেৰিকাই আৰু আনটোৰ নেতৃত্ব দিছিল ছোভিয়েট ৰাছিয়াই। এনে এক পৰিৱেশত গোষ্ঠীনিৰপেক্ষ আন্দোলনে নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশবোৰক কোনো এটা সামৰিক গোষ্ঠীত অন্তৰ্ভুক্ত নহৈ তৃতীয় পথৰ পৰিচয় দিছিল। প্রথম অৱস্থাত মুঠ ২৫ খন ৰাষ্ট্ৰ লৈ আৰম্ভ হোৱা এই আন্দোলনে মূলতঃ উন্নয়নশীল ৰাষ্ট্ৰাবোৰকেই সামৰি লৈছিল। উন্নয়নশীল ৰাষ্ট্ৰবোৰৰ মূল লক্ষ্য আছিল অর্থনৈতিক বিকাশ আৰু দৰিদ্ৰতা দূৰীকৰণ। যদিও এই ৰাষ্ট্ৰবোৰ বিদেশীৰ শাসনৰ মুক্ত হৈছিলকিন্তু প্ৰগতিৰ অবিহনে এনে স্বাধীনতা অর্থহীন। যদি এই ৰাষ্ট্ৰবোৰে কোনো এটা নির্দিষ্ট গোষ্ঠীত যোগদান কৰিলেহেঁতেন তেন্তে দ্বিতীয়টো গোষ্ঠীৰ পৰা কোনোধৰণৰ সাহায্য নাপালেহেঁতেন। তাৰ পৰিৱৰ্তে গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰাৰ ফলত দুয়োটা গোষ্ঠীৰ পৰাই বিত্তীয় আৰু অন্যান্য সাহায্য আদায় কৰিব পাৰিছিল। এইদৰে গোষ্ঠীনিৰপেক্ষতাই তৃতীয় বিশ্বৰ দেশবোৰক তেওঁলোকৰ অৰ্থনৈতিক কিািশত সহায় কৰিছিল।


৯। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা আছেনে? তোমাৰ উত্তৰৰ সমৰ্থনত যুক্তি দিয়া।
উত্তৰঃ শীতল যুদ্ধৰ অৱসানৰ লগে লগে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা সম্পৰ্কত প্রশ্ন উত্থাপন হবলৈ
ধৰিলে। কাৰণ, শীতল যুদ্ধৰ প্ৰতিক্ৰিয়াস্বৰূপেই এই আন্দোলনৰ জন্ম হৈছিল। এইটো ঠিক যে গোষ্ঠীনিৰপেক্ষ
আন্দোলন শীতল যুদ্ধৰ এক ফলশ্ৰুতি আছিল আৰু ই বিশ্বখনক দুটা সামৰিক গোষ্ঠীত বিভক্ত হোৱাত কিছু পৰিমাণ বাধা দিছিল। কিন্তু এইটোৱেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মূল আৰু একমাত্র লক্ষ্য আছিল। প্ৰকৃততে
গোষ্ঠীনিৰপেক্ষতাই স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ এক নীতিকহে বুজায়। গতিকে এই আন্দোলনৰ শীতল
যুদ্ধৰ সময়তো প্ৰাসংগিকতা আছিল আৰু বৰ্তমান সময়তো ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। সাম্প্রতিক
কালত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি।
১। বৰ্তমান বিশ্বত আমেৰিকাই একমাত্র বৃহৎ (Superpower) শক্তি। আমেৰিকাৰ একচেতিয়া তথা মইমতীয়া
কাৰ্যকলাপ সর্বত্র বিদ্যমান। এনে পৰিস্থিতিত গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে ঐক্যবদ্ধ আৰু সংগঠিত হৈ আমেৰিকাৰ
একাধিপত্যক প্রতিহত কৰিব পাৰিব।
২। উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক আৰু অন্যান্য দিশৰ বিকাশৰ বাবে সেইবোৰ দেশৰ মাজত
সহযোগিতাৰ প্ৰয়োজন। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে সহযোগিতাৰ সৃষ্টিৰ এক মঞ্চ হিচাপে কাম কৰিব পাৰে।
৩। বর্তমান বিশ্বত দেখা পোৱা বিভিন্ন গোলকীয় সমস্যা যেনেসন্ত্রাসবাদ, মানৱ অধিকাৰ উলংঘন, পৰিৱেশ প্ৰদূষণ, জন বিস্ফোৰণ ইত্যাদি সমস্যাসমূহ এখন দেশে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে গোলকীয় প্রচেষ্টাৰ (global effort) দৰকাৰ। এই ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিব পাৰে।
ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে।

অতি চম উত্তৰৰ আদৰ্শ প্রশ্ন : (১ নম্বৰৰ)

শীতল যুদ্ধই কি বুজায়?

উত্তৰ : কোনো ধৰণৰ অস্ত্ৰ প্ৰয়োগ নকৰাকৈ, যেতিয়া বিভিন্ন শক্তিগোষ্ঠীৰ মাজত অর্থনৈতিক, সামৰিক বা কূটনৈতিক সহায় তথা সামৰিক হস্তক্ষেপ বা চুক্তি সম্পাদন আদিৰ দ্বাৰা মতভেদৰ সৃষ্টি হয়, সেই অৱস্থাকে শীতল যুদ্ধ বুলি কোৱা হয়। দ্বিতীয় বিশ্ব যুদ্ধৰ পিছত আমেৰিকা আৰু ছোভিয়েট নেতৃত্বাধীন দুই শক্তিগোষ্ঠীৰ মাজত শীতল যুদ্ধ চলিছিল।

উত্তৰ : ১৯৪৫ চনৰ পিছত অৰ্থাৎ দ্বিতীয় বিশ্ব যুদ্ধৰ পিছৰ সময়ছোৱাতে শীতল যুদ্ধৰ আৰম্ভণি হৈছিল।

T NATO-ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ : North Atlantic Treaty Organisation [NATO] অর্থাৎ উত্তৰ আটলান্টিক চুক্তি সংগঠন।

। বাৰৰ্শ্ব চুক্তি কি?

উত্তৰ : ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত পোলেণ্ড, পূর্ব জার্মানী, হাংগেৰী আৰু চেকশ্লোভাকিয়াকে ধৰি ৮ খন ৰাষ্ট্ৰ লগ

হৈ NATO-ক প্ৰত্যাহ্বান জনাবলৈ যি সামৰিক চুক্তি সম্পাদন কৰা হয় সেয়ে হWarsaw চুক্তি।

শীতল যুদ্ধ কেতিয়া আৰম্ভ হৈছিল?

। বাৰ্শ্ব চুক্তিৰ প্ৰধান কাৰ্য কি আছিল?

উত্তৰ : Warsaw চুক্তিৰ মুখ্য উদ্দেশ্য আছিল NATO শক্তিক প্ৰতিৰোধ কৰা।

 

৬। বাক্যটো শুদ্ধকৈ কৰা

মার্কিন যুক্তৰাষ্ট্ৰ সমাজবাদী আদৰ্শৰ প্ৰতি দায়বদ্ধ আছিল।

উত্তৰ : আমেৰিকা যুক্তিৰাষ্ট্ৰই পুঁজিবাদী আদৰ্শক অনুসৰণ কৰিছিল।

৭। খালী ঠাই পূৰ কৰা

দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তি আছিল _______ ৰ আৰম্ভণি।

উত্তৰ : দ্বিতীয় বিশ্বযুদ্ধ অন্ত পৰাৰ লগে লগে শীতল যুদ্ধৰ আৰম্ভ হয়।

৮। শীতল যুদ্ধৰ কালছোৱা উল্লেখ কৰা।

উত্তৰ ঃ ১৯৪৫ চনৰ পৰা ১৯৯১ চনলৈ।

না হয় নে নহয় লিখা।

শীতল যুদ্ধ মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়ন আৰু তেওঁলোকৰ মিত্র বাহিনীৰ মাজৰ এক প্ৰতিযোগিতা।

উত্তৰ : হয়।

২০। NIEO ৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ : New International Economic Order.

১১। CENTO বুলিলে কি বুজা?

উত্তৰঃ চেণ্টো হল এছিয়াৰ এটা চুক্তি সংগঠন। ইয়াৰ সম্পূৰ্ণ নাম হCentral Treaty Organisation.

১২। ৰোধকৰণবুলিলে কি বুজা?

উত্তৰ : প্রতিহত কৰা বা নিৰুৎসাহিত কৰা।

১৩। LOCS কি?

উত্তৰ : Line of Control

১৪1 NAMৰ সম্পূৰ্ণ ৰূপটো লিখা।

উত্তৰ: Non-Aligned Movement

১৫। কিউবাৰ সংকট কি আছিল?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰই ছোভিয়েট ৰাছিয়াক কিউবালৈ পাৰমাণৱিক ক্ষেপণাস্ত্ৰ কঢ়িয়াই নিয়াত বাধা দিয়াৰ

ফলস্বৰূপে যি মতানৈক্য সৃষ্টি হৈছিল তাকে কিউবা সংকট বোলে।

১৬ UNETAD কি?

উত্তর : United Nations Conference or Trade and Development

১৭ । দুটা মহাশক্তিৰ নাম লিখা।

উত্তৰ ঃ দুই মহাশক্তি হল পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া।

১৮। NAM ৰ উদ্দেশ্য পৃথকীকৰণ নে?

উত্তৰ : NAM ৰ উদ্দেশ্য পৃথকীকৰণ নহয়। NAM ৰ উদ্দেশ্য হ, স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু

শান্তিপূর্ণভাৱে সহাৱস্থান কৰা।

১৯। কোন বছৰত মার্কিন যুক্তৰাষ্ট্ৰই জাপানৰ মহানগৰ নাগাছাকি আৰু হিৰোছিমাত দুটা আণবিক বোমা নিক্ষেপ

কৰিছিল?

উত্তৰ : ১৯৪৫ চনত।

২০LDCs কি?

উত্তৰ : LDCৰ সম্পূৰ্ণ ৰূপ হLeast Developed Countries.


চমু উত্তৰৰ আদৰ্শ প্রশ্নঃ (২ নম্বৰৰ)

১। দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তি আৰু বিৰোধী শক্তি বুলিলে কি বুজা?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্স আছিল দ্বিতীয় বিশ্বযুদ্ধৰ মিত্ৰ শক্তিগোষ্ঠী। আনহাতে, জার্মানী, ইটালী আৰু জাপান আছিল কেন্দ্রীয় শক্তি।

২। দ্বিতীয় বিশ্বযুদ্ধৰ পৰিসমাপ্তি কিদৰে ঘটিছিল?

উত্তৰ : ১৯৪৫ চনত আমেৰিকা যুক্তৰাষ্ট্ৰই জাপানৰ হিৰোচিমা আৰু নাগাচাকি নামৰ দুখন ঠাইত আণৱিক বোমা

নিক্ষেপ কৰাৰ পাছতে জাপানে আত্মসমর্পন কৰিবলৈ বাধ্য হয়। তাৰ লগে লগে দ্বিতীয় বিশ্বযুদ্ধৰো অন্ত পৰে।

৩। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত মূৰ দাঙি উঠা দুই মহাশক্তিৰ নাম লিখা?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত উত্থান হোৱা দুই মহাশক্তি হল পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া।

৪। দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত আণবিক বোমা নিক্ষেপ কৰা ঠাই দুখনৰ নাম লিখা।

উত্তৰঃ জাপানৰ হিৰোছিমা আৰু নাগাচাকি নামৰ দুখন চহৰত আণৱিক বোমা নিক্ষেপ কৰা হৈছিল।

৫। দুই মহাশক্তিক সৰু সৰু সহযোগীৰ প্ৰয়োজন কিয় হৈছিল ?

উত্তৰ : বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰবোৰক সৰু মিত্ৰ ৰাষ্ট্ৰসমূহৰ প্ৰয়োজন হোৱাৰ অন্যতম মূল কাৰণ হল :

(ক) সৰু মিত্ৰ ৰাষ্ট্ৰসমূহৰ পৰা বৃহৎ শক্তিসম্পন্ন ৰাষ্ট্ৰসমূহে নিজৰ অস্ত্ৰ আৰু সৈন্য বাহিনীক ব্যৱহাৰ কৰিব পাৰে।

(খ) খাৰুৱা তেল আৰু খনিজ সম্পদত চহকী সক ৰাষ্ট্ৰবোৰে এই সম্পদবোৰেৰে বৃহৎ ৰাষ্ট্ৰক সহায় কৰিব পাৰে।

৬। পশ্চিমীয়া মিত্র শক্তি আৰু প্ৰাচ্যৰ মিত্র শক্তি মানে কি?

উত্তৰ : পাশ্চাত্য ইউৰোপৰ সকলো ৰাষ্ট্ৰই আমেৰিকাৰ জোটত যোগদান কৰাৰ বাবে এই ৰাষ্ট্ৰবোৰক পশ্চিমীয়া জোঁট আৰু প্ৰাচ্য ইউৰোপৰ ৰাষ্ট্ৰসমূহক প্ৰাচ্য জোঁট ৰাষ্ট্ৰ বোলে।

) দুই মহাশক্তিৰ দ্বাৰা স্বাক্ষৰিত অস্ত্ৰ নিয়ন্ত্ৰণৰ চুক্তি দুখনৰ নাম লিখা।

উত্তৰ : (ক) পৰিকল্পিত অস্ত্র সংবৰণ চুক্তি অথবা সীমিতভাৱে আণৱিক অস্ত্ৰৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি (Limited

Test Ban Treaty)এই চুক্তিখন ছোভিয়েট বাছিয়াৰ ৰাষ্ট্ৰপতি মিখাইল গর্বাচেভ আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি

জর্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল।

(খ) পৰিকল্পিত অস্ত্ৰ সংবৰণ চুক্তি অথবা আণৱিক অস্ত্ৰৰ সম্প্ৰসাৰণ ৰোধকাৰী চুক্তি (Nuclear Non-Proliferation Treaty)এই চুক্তিখন ছোভিয়েট ৰাছিয়াৰ ৰাষ্ট্ৰপতি বৰিছ ইয়েল্টছিন আৰু আমেৰিকাৰ ৰাষ্ট্ৰপতি জৰ্জ বুশ্ব (জ্যেষ্ঠ)ৰ মাজত সম্পাদিত হৈছিল।

৮। প্ৰথমখন গোষ্ঠী নিৰপেক্ষ শীৰ্ষ সন্মিলন কত অনুষ্ঠিত হৈছিল?

উত্তৰ : প্রথম গোষ্ঠী নিৰপেক্ষ সন্মিলন বেলগ্ৰেডত ১৯৬১ চনৰ ১ৰ পৰা ৬ ছেপ্টেম্বৰলৈকে অনুষ্ঠিত হৈছিল।

৯। NATO ৰাষ্ট্ৰসমূহৰ ঘোষণাপত্র কি?

উত্তৰ ঃ নাটোৰ সদস্য ৰাষ্ট্ৰসমূহে এইদৰে অংগীকাৰৱদ্ধ হৈছিল যে তেওঁলোকৰ কোনো সদস্যক আন ৰাষ্ট্ৰ বা

ৰাষ্ট্ৰগোষ্ঠীয়ে আক্ৰমণ কৰিলে তেওঁলোকে সামূহিকভাবে পাৰস্পৰিক প্ৰতিৰক্ষা আগবঢ়াব।

১০। NIEO মাথোঁ এটা ধাৰণাই আছিলনে, যি কেতিয়াও শৃংখলা নহয় ?

উত্তৰঃ নৱ্য অর্থনৈতিক শৃংখলা এটা মাত্ৰ ধাৰণাই নহয়, ই এক বাস্তৱ শৃংখলা।

১১। ৰোধকৰণৰ যুক্তি বুলিলে কি বুজা?

উত্তৰ : ৰোধকৰণৰ যুক্তি মতে মহাশক্তিধৰ ৰাষ্ট্ৰসমূহৰ পাৰমাণৱিক মাৰণাস্ত্ৰই যুদ্ধক নিৰুৎসাহিত কৰে।

১২। শীতল যুদ্ধৰ আৰম্ভণিৰ মূল কাৰণটো লিখা।

উত্তৰ : শীতল যুদ্ধৰ আৰম্ভ হোৱাৰ মূল কাৰণ হল বিশ্বত আমেৰিকাৰ নেতৃত্বত পুঁজিবাদী অর্থ ব্যৱস্থা আৰু ছোভিয়েট ৰাছিয়াৰ নেতৃত্বত সমাজবাদী ব্যৱস্থা সম্প্ৰসাৰণৰ মাজত চলা প্রতিদ্বন্দ্বিতা। দুয়োখন দেশৰ মাজত এই মনোভাবৰ আৰম্ভণি আমেৰিকাৰ দ্বাৰা জাপানৰ নিক্ষেপ কৰা এটম বোমাৰ পৰা আৰম্ভ হৈছিল।

১৩। মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰবোৰ কিয় সহায়ক হৈছিল ?

উত্তৰ : ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহত প্ৰচুৰ পৰিমাণে প্রধান প্রাকৃতিক সম্পদ যেনে, তেল আৰু খনি পোৱা গৈছিল। ভূক্ষেত্র

বিশেষকৈ যৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্ৰ-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে সেইসমূহৰো সুবিধা লাভ

কৰিবলৈ সক্ষম হৈছিল। তদুপৰি অৱস্থানৰ ক্ষেত্ৰত বৃহৎ ৰাষ্ট্ৰসমূহে পৰস্পৰৰ ওপৰত গুপ্তচৰী কৰিবলৈ সুবিধা

পোৱাৰ বাবেই মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহৰ সহায়ক হৈছিল।

১৪। মিত্র শক্তি আৰু বিৰোধী শক্তি কি ?

উত্তৰ : আমেৰিকা যুক্তৰাষ্ট্ৰ, ছোভিয়েট ৰাছিয়া, ইংলেণ্ড আৰু ফ্ৰান্স এইসমূহ শক্তিগোষ্ঠীৰ ৰাষ্ট্ৰক মিত্ৰগোষ্ঠী বুলি কোৱা হয়। আনহাতে, জার্মানী, ইটালী আৰু জাপান এই মহাশক্তি গোষ্ঠীৰ বিৰোধী শক্তি বুলি কোৱা হয়।

১৫। কমিউনিষ্ট পৰিমণ্ডলৰ তিনিখন দেশৰ নাম লিখা।

উত্তৰ : ছোভিয়েট ৰাছিয়া, হাংগেৰী আৰু পোলেণ্ড।

১৬গোষ্ঠী নিৰপেক্ষতা এক নেতিবাচক নীতি নেকি?

উত্তৰ : ঋণাত্মক নীতিকে নেতিবাচক নীতি বুলি কোৱা নাযায়৷

১৭। দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছত ঔপনিবেশিকতাৰ পৰা মুক্ত হোৱা যিকোনো চাৰিখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰ : ভাৰত, ইণ্ডোনেছিয়া, ইজিপ্ত আৰু শ্ৰীলংকা।

৮। ২০তম NATO শীর্ষ সন্মিলন কেতিয়া আৰু কত অনুষ্ঠিত হৈছিল?

উত্তৰ : ২০১২ চনত আমেৰিকাৰ চিকাগো চহৰত বিংশতম NATO সন্মিলন অনুষ্ঠিত হৈছিল।

১৯। ছোভিয়েট পৰিমণ্ডলত যোগদান কৰা দেশসমূহৰ নাম লিখা।

উত্তৰঃ পোলেণ্ড, হাংগেৰী, জার্মানী, বুলগেৰীয়া, আলবেনিয়া, চেকো শ্লোভেকিয়া।

 

চমু উত্তৰৰ আদৰ্শ প্রশ্নঃ (৪ নম্বৰৰ)

১। শীতল যুদ্ধ কিয় এক শীতলযুদ্ধ হৈ আছিল আৰু উত্তপ্তযুদ্ধ হোৱাগৈ নাছিল?

উত্তৰ : শীতল যুদ্ধই কোনো ধৰণৰ প্ৰকৃত যুদ্ধৰ অৱস্থিতি বা পৰিস্থিতিক নুবুজায় অথবা ই যুদ্ধ বা শান্তি দুয়োটা

কোনোটো ধাৰণাকো নুবুজায়। এনে ধাৰণাই এনে কিছুমান পৰিস্থিতি আৰু পৰিৱেশৰ সৃষ্টি কৰে যত প্ৰকৃত যুদ্ধৰ

সৃষ্টি নহলেও ই যুদ্ধৰ বাবে যাৱতীয় সকলো প্ৰস্তুতি তৈয়াৰ কৰি সজাগ হৈ থাকে। পৰস্পৰবিৰোধী দুই

মহাশক্তিগোষ্ঠী দেশ আমেৰিকা আৰু ছোভিয়েট ৰাছিয়াৰ মাজত আছিল অবিশ্বাস আৰু প্ৰতিদ্বন্দ্বিতাৰ মনোভাৱ ৷

তেওঁলোকে যুদ্ধৰ দ্বাৰা মুখামুখি সংঘৰ্ষত লিপ্ত হব বিচৰা নাছিল। কিয়নো দুয়োখন দেশেই আণৱিক শক্তিৰ ক্ষেত্ৰত

সমান শক্তিশালী হোৱাৰ উপৰি এনে যুদ্ধৰ ফলত দুয়োখন দেশৰে যথেষ্ট পৰিমাণে ক্ষতি হোৱাৰ সম্ভাৱনাই আছিল

অধিক। সেয়ে তেওঁলোকে এই সশস্ত্ৰ সংঘৰ্ষৰ আশ্ৰয় নলৈ শীতলহিচাপেই থাকিল আৰু ই কোনোদিনে গৰম লৈ পৰিৱৰ্তিত নহল।

২। তুমি ভাবানে যে দুই মহাশক্তিয়ে নেতৃত্ব দিয়া মিত্র শক্তি ব্যবস্থাই সমগ্র বিশ্বকে দুটা শিবিৰত ভাগ কৰিছিল?

তোমাৰ উত্তৰৰ যুক্তিযুক্ততা প্রতিপন্ন কৰা।

উত্তৰঃ দুই বৃহৎ শক্তিগোষ্ঠীৰ নেতৃত্বত প্রতিষ্ঠিত মিত্র ব্যবস্থাই সমগ্র বিশ্বখনকে দুটা গোষ্ঠীত ভাগ কৰিছিল বুলি ক নোৱাৰি। কিন্তু শীতল যুদ্ধ আৰু পৰৱৰ্তী আঞ্চলিক চুক্তিসমূহৰ ফলত সমগ্ৰ বিশ্বখনক দুই পৰস্পৰবিৰোধী গোটত বিভক্ত কৰিছিল যদিও গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ আৰম্ভণিয়ে তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহক এই আঞ্চলিক চুক্তিসমূহত যোগদান কৰাৰ পৰা বিৰত ৰখাত সুবিধা কৰি দিছিল আৰু এই ক্ষেত্ৰত বিশেষকৈ তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ বাবে বিকল্প পথৰ সন্ধান দিছিল।

৩। সৰু সৰু দেশবোৰে দুই মহাশক্তিক কিদৰে সহায় কৰিছিল?

উত্তৰঃ সৰু সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিগোষ্ঠীৰ ৰাষ্ট্ৰসমূহক বিভিন্ন প্ৰকাৰে সহায় আগবঢ়াইছিল ঃ

(ক) সৰু ৰাষ্ট্ৰসমূহত থকা বিভিন্ন প্রাকৃতিক সম্পদ যেনে, খাৰুৱা তেল, খনিজ পদার্থ আদিয়ে বৃহৎ ৰাষ্ট্ৰসমূহক সহায় কৰিব পাৰে।

(খ) সৰু ৰাষ্ট্ৰসমূহৰ লগত বৃহৎ ৰাষ্ট্ৰসমূহে বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি তাত সামৰিক ঘাটি স্থাপন কৰি তেওঁলোকৰ

অস্ত্র-শস্ত্ৰ আৰু সৈন্য বাহিনীক সঞ্চালনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে।

(গ) সৰু ৰাষ্ট্ৰবোৰৰ ওপৰত ভিত্তি কৰি বৃহৎ ৰাষ্ট্ৰসমূহে পৰস্পৰৰ ওপৰত চোৰাংচোৱাগিৰি তথা গুপ্তচৰ গঠন কৰিব পাৰে।

(ঘ) সৰু ৰাষ্ট্ৰসমূহৰ সন্মিলিত অর্থনৈতিক সমৰ্থনত বৃহৎ শক্তিবোৰে সামৰিক ব্যয় বৃদ্ধি কৰিব পাৰে৷

৪। শীতল যুদ্ধৰ সময়ত NAMৰ ভূমিকা আলোচনা কৰা।

উত্তৰ ঃ শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠীনিৰপেক্ষ আন্দোলনে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত এক গুৰুত্বপূর্ণ ভূমিকা গ্রহণ

কৰে : (ক) গোষ্ঠীনিৰপেক্ষ আন্দোলনে ঔপনিবেশিকতাবাদ, বর্ণ-বৈষম্য আদিৰ ঘোৰ বিৰোধিতা কৰিছিল। যাৰ ফলত

ৰাষ্ট্ৰসমূহৰ স্বাধীনতাৰ পথ প্ৰশস্ত হৈ পৰিছিল।

(খ) গোষ্ঠীনিৰপেক্ষ আন্দোলনে শীতল যুদ্ধৰ দৰে সংঘৰ্ষকো অৱসান ঘটোৱাত অৰিহনা যোগাইছিল।

(গ) আন্তঃৰাষ্ট্ৰীয় শান্তি প্রতিষ্ঠা আৰু নিৰাপত্তা ৰক্ষাৰ ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে গুৰুত্বপূর্ণ ভূমিকা গ্রহণ

কৰিছিল।

৫। তুমি ভাবানে যে আদৰ্শগত পাৰ্থক্যই শীতল যুদ্ধৰ সৃষ্টিত অৰিহণা যোগাইছিল?

উত্তৰ ঃ হয়, ভাবো। এই ক্ষেত্ৰত আদর্শগত প্রভেদে শীতল যুদ্ধৰ জন্ম দিছিল বুলি কব পাৰি। কাৰণ পৰস্পৰবিৰোধী

আদৰ্শৰ ফলশ্রুতিতে শীতল যুদ্ধৰ জন্ম হৈছিল। বৃহৎ শক্তিগোষ্ঠী ছোভিয়েট ৰাছিয়া আৰু এই দেশৰ অনুগামী

ৰাষ্ট্ৰসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আনহাতে আমেৰিকা আৰু ইয়াৰ অনুগামী ৰাষ্ট্ৰসমূহে পুঁজিবাদী আদৰ্শত

বিশ্বাস ৰাখিছিল। ইয়াৰ উপৰি সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখিয়ে ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি

অৱলম্বন কৰিছিল আনহাতে, পুঁজিবাদীৰ ওপৰত বিশ্বাসী আমেৰিকাই এনে নীতিৰ বিৰোধিতা কৰিছিল। ঠিক

একেদৰে সাম্যবাদী দেশসমূহৰ ক্ষেত্ৰত শ্রমিক শ্ৰেণীৰ হাতত ক্ষমতা প্রদান নীতিৰ পোষকতাৰ বিপৰীতে পুঁজিবাদী

গোটে এই নীতিক গণতন্ত্ৰৰ বিৰোধী বুলি আখ্যা দিছিল। এতিয়া দেখা গল যে দুই পৰস্পৰবিৰোধী আদৰ্শগত

প্রভেদেই যে শীতল যুদ্ধ সৃষ্টিৰ অন্যতম কাৰণ এই কথা স্পষ্ট হৈ পৰিছে।

 

৫। NAMৰ অৱস্থিতিত ভাৰতৰ ভূমিকা নিৰ্ণয় কৰা।

উত্তৰঃ শীতল যুদ্ধৰ সময়ছোৱাত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ প্ৰতি ভাৰতৰ প্ৰতিক্ৰিয়া

আছিল দুই ধৰণৰ। প্ৰথম ই দুটা শক্তিগোষ্ঠীর প্রভাৱৰ পৰা আঁতৰি থকাৰ বাবে বিশেষভাৱে যত্নপৰ আছিল।

দ্বিতীয়তে, উপনিৱেশবাদৰ পৰা নতুনকৈ স্বাধীনতা লাভ কৰা ৰাষ্ট্ৰবিলাকে বৃহৎ শক্তিগোষ্ঠীত যোগদান কৰিলে

ভাৰতবৰ্ষই তাৰ প্ৰতিবাদ কৰিছিল। ভাৰতবৰ্ষই পূৰ্ণ পৰ্যায়ৰ যুদ্ধ সংঘটিত নহধৰ বাবে দুয়োটা শক্তিগোষ্ঠীৰ মাজত

বৈষম্য আঁতৰাবলৈ চেষ্টা কৰিছিল। শীতল যুদ্ধৰ সংঘাতৰ তীব্রতা কমাবলৈ বিশ্ব ৰাজনীতিত বিভিন্ন বিষয়ত সক্রিয়

অংশগ্ৰহণ কৰাটোহে পছন্দ কৰিছিল।

৭। বেলগ্রেড শীর্ষ সম্মিলনৰ তাৎপৰ্য বিশ্লেষণ কৰা।

উত্তৰ : ১৯৬১ চনত বেলগ্রেড সম্মিলন অনুষ্ঠিত হৈছিল। গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ প্ৰথমখন সম্মিলন ইয়াতেই

অনুষ্ঠিত কৰা হৈছিল। সন্মিলনখনত গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ নীতি আৰু লক্ষ্যক আগত ৰাখি বহল ব্যাখ্যা দাঙি

ধৰা হৈছিল।

৮। NATOৰ সদস্য ৰাষ্ট্ৰবোৰ কি কি?

উত্তৰ : NATOৰ সদস্য ৰাষ্ট্ৰবোৰ ভিতৰত আছিল ক্রমে বেলজিয়াম, কানাডা, ডেনমার্ক, ফ্রান্স, আইচলেণ্ড, ইটালী,

লুক্সেমবার্গ, নেদাৰলেণ্ড, নৰৱে‘, পর্তুগাল, ইংলেণ্ড আৰু আমেৰিকা।

৯। মিত্র শক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণ কি?

উত্তৰ : মিত্রশক্তি ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহৰ ভিতৰত দেশৰ লগত সহযোগিতা কৰিহে ভৱিষ্যত নিৰাপত্তাৰ বিষয়ত নিশ্চিত হব পাৰি। পশ্চিমীয়া দেশসমূহক স্বাধীনতাৰ পৃষ্ঠপোষক আৰু ছোভিয়েট ৰাছিয়াক স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে ধাৰণা কৰা হৈছিল। এফালে আমেৰিকাই সাম্যবাদী আন্দোলনক মষিমূৰ কৰা নীতিৰ প্ৰতি সমর্থন জনাইছিল।

১০। ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্রহণেৰে দুই বিশ্বশক্তিক কোনে গঢ় দিছিল?

উত্তৰ : দুই বিশ্বশক্তিক ৰাষ্ট্ৰীয় আৰু দায়িত্বশীল দৃষ্টিভংগী গ্ৰহণৰ দ্বাৰা শীতল যুদ্ধৰ সৃষ্টিয়ে বিশেষকৈ সহায় কৰিছিল বুলি ভবা যায়। কাৰণ আদর্শগত পার্থক্য হৈছে শীতল যুদ্ধ আৰম্ভ হোৱাৰ অন্যতম প্রধান কাৰণ। ছোভিয়েট ৰাছিয়া আৰু ইয়াৰ অনুগামী ৰাষ্ট্ৰসমূহে সাম্যবাদ নীতি অনুসৰণ কৰিছিল আৰু আমেৰিকা আৰু ইয়াৰ নেতৃত্বাধীন ৰাষ্ট্ৰসমূহ পুঁজিবাদী আদৰ্শৰ ওপৰত বৰ্তি আছিল। আনহাতে, সাম্যবাদী আদৰ্শৰ ওপৰত বিশ্বাস ৰাখি ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কৰণ কৰা নীতি অৱলম্বন কৰিছিল। যাৰ ফলত এই নীতিক আমেৰিকাই বিৰোধিতা কৰিছিল। ইয়াৰ বিপৰীতে সাম্যবাদী ৰাষ্ট্ৰসমূহে শ্রমিক শ্ৰেণীৰ হাতত ক্ষমতা প্রদান নীতিৰ পোষকতা কৰিছিল। কিন্তু ইয়াৰ  বিপৰীতে পুঁজিবাদী গোটে গণতন্ত্র বিৰোধী আখ্যা দিছিল।

১১। ১৯৬২ চনত ছোভিয়েট ৰাছিয়াই কিউবাত পাৰমাণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰাৰ কাৰণ কি আছিল?

উত্তৰ : ১৯৬১ চনত ছোভিয়েট ৰাছিয়াই আশংকা প্ৰকাশ কৰিছিল যে পুঁজিবাদী শক্তি আমেৰিকাই কিউবা আক্রমণ

কৰিব। কাৰণ কিউবা আছিল ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ। সেই সময়ত ফিডেল কাষ্ট্রো কিউবা সাম্যবাদী ৰাষ্ট্ৰৰ

ৰাষ্ট্ৰপতি আছিল। এখন সাম্যবাদী ৰাষ্ট্ৰৰ সমৰ্থিত ৰাষ্ট্ৰ হিচাপে কিউবাক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব ৰাছিয়াই পালন

কৰিবলৈ চেষ্টা কৰিছিল। যাৰ ফলত কিউবাত ৰাছিয়াই সামৰিক ভেটি সুদৃঢ় কৰি গঢ়ি তুলিবলৈ ১৯৬২ চনত

আণৱিক ক্ষেপণাস্ত্র স্থাপন কৰিছিল। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে সামৰিক বাহিনী সষ্টম

কৰি তুলিছিল যাৰ ফলত কিউবাক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰই আণৱিক যুদ্ধৰ সূত্ৰপাত কৰিবলৈ চেষ্টা চলাইছিল।


১২। কি ভিত্তিত ভাৰতৰ গোষ্ঠী নিৰপেক্ষতার নীতিক সমালোচনা কৰা হৈছিল?

উত্তৰ : ভাৰতবৰ্ষত গোষ্ঠী নিৰপেক্ষতাৰ নীতিক কঠোর সমালোচনা করা হৈছিল। আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষতাৰ নামত সবল ভূমিকা পালন কৰিবলৈ সক্ষম হোৱা নাছিল। নিষ্ক্রিয় ভূমিকা গ্রহণৰে ভাৰতবৰ্ষই গোষ্ঠী নিৰপেক্ষ নীতি গ্ৰহণ কৰিছিল যদিও ই আছিল এক অমূলক। কারণ ভারতে গোষ্ঠী নিৰপেক্ষতাৰ ভিত্তিত সুবিধাবাদী নীতি গ্রহণ কৰা বুলিও সমালোচনাৰ সম্মুখীন হব লগা হৈছিল।

১৩। শীতল যুদ্ধৰ সৃষ্টিৰ যিকোনো চাৰিটা কাৰণ লিখা।

উত্তৰ: (ক) আমেৰিকাত কমিউনিষ্টৰ কার্যকলাপ বৃদ্ধি

(খ) শান্তি চুক্তি সংক্রান্ত মত পার্থক্য

(গ) ছোভিয়েট ৰাছিয়াৰ সীমিত সাহায্য প্রদান

(ঘ) আণবিক বোমা প্রস্তুতৰ ক্ষেত্ৰত গোপনীয়তা

১৪। মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহ লিখা।

উত্তৰঃ মিত্ৰতা ব্যৱস্থাৰ আদৰ্শগত কাৰণসমূহৰ ভিতৰত আদৰ্শৰ মিল থকা দেশৰ লগত সহযোগিতা কৰিহে ভৱিষ্যত নিৰাপত্তা বিষয়ত নিশ্চিত হব লাগে। যি সময়ত পশ্চিমীয়া দেশসমূহৰ স্বাধীনতাৰ পৃষ্ঠপোষক ৰূপে চিহ্নিত কৰা আৰু ছোভিয়েট ৰাছিয়াক স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক বুলি বিবেচনা কৰা। ইয়াৰ উপৰি আমেৰিকাই সাম্যবাদী আন্দোলনক সমুলঞ্চে ধ্বংস কৰাৰ পক্ষপাতিত্বমূলক নীতি গ্ৰহণ কৰিছিল। তদুপৰি গ্ৰীচৰ পৰা ভিয়েটনামলৈ সকলোবোৰ ৰাষ্ট্ৰতেই এই নীতিৰ জৰিয়তে কার্যকৰী কৰা হৈছিল।

১৫। দুই মহাশক্তিক কিহে সহযোগী কৰিছিল?

উত্তৰঃ সাম্যবাদী ৰাষ্ট্ৰ ছোভিয়েট ৰাছিয়া আৰু পুঁজিবাদী ৰাষ্ট্ৰ আমেৰিকাৰ মাজত দেখা দিয়া আদর্শগত পাৰ্থক্যৰ ফলত দেশ দুখনৰ মাজত যুদ্ধৰ দৰে বিভীষিকাই দেখা দিছিল। সেয়ে ৰাছিয়াই সাম্যবাদী আদৰ্শত বিশ্বাস ৰাখিয়েই ৰাছিয়াত উদ্যোগসমূহ ৰাষ্ট্ৰীয়কণ কৰা নীতি অৱলম্বন কৰিছিল। কিন্তু পুঁজিবাদী আদৰ্শৰ ওপৰত বিশ্বাসী আমেৰিকাই ইয়াৰ বিৰোধিতা কৰিছিল। কিন্তু এই ক্ষেত্ৰত ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহত থকা প্ৰচুৰ পৰিমাণৰ প্ৰাকৃতিক সম্পদ বিশেষকৈ তৈলজাত আৰু খনিজাত সম্পাদ পোৱা গৈছিল। ভূক্ষেত্র বিশেষকৈ যৰ পৰা বৃহৎ শক্তিসমূহে নিজৰ অস্ত্র-শস্ত্ৰ আৰু সেনা সঞ্চালন কৰিব পাৰে সেইসমূহৰো সুবিধা লাভ কৰিবলৈ সক্ষম হৈছিল। তদুপৰি অৱস্থানৰ ক্ষেত্ৰত বৃহৎ ৰাষ্ট্ৰসমূহে পৰস্পৰৰ ওপৰত গুপ্তচৰী কৰিবলৈ সুবিধা পোৱাৰ বাবেই মহাশক্তিসমূহৰ বাবে ক্ষুদ্ৰ ৰাষ্ট্ৰসমূহৰ সহায়ক হৈছিল। গতিকে দেখা যায় যে এই সমূহে দুই মহাশক্তিক সহযোগিতা আগবঢ়োৱাত বহুতো অৰিহনা যোগাইছিল।

১৬। NAMৰ সাফল্য সন্দৰ্ভত এটা টোকা লিখা।

উত্তৰঃ বিশ্বত গোষ্ঠী নিৰপেক্ষ আন্দোলনে নিৰপেক্ষতাৰ নীতি অৱলম্বন কৰাৰ পৰিৱৰ্তে সক্ৰিয়তাৰে শান্তিপূৰ্ণ আৰু

নিৰাপদ বিশ্ব ৰাজনীতি গঢ়ি তোলাত এক গুৰুত্বপূর্ণ ভূমিকা পালন কৰিছিল। এই নিৰপেক্ষ আন্দোলনে মহাশক্তিৰ

কবলৰ পৰা নিজকে মুক্ত কৰি স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতিৰ ওপৰত গুৰুত্ব দিছিল। এই ক্ষেত্ৰত গোষ্ঠী নিৰপেক্ষ নীতিৰ জৰিয়তে এখন ৰাষ্ট্ৰ বিশ্ব ৰাজনীতিৰ পৰা সম্পূর্ণ আঁতৰি থকা কথাক নুবুজায়। কিয়নো ই এক সক্ৰিয় আৰু গঠনমূলক নীতি যত স্বাধীনতা খর্ব হয় আৰু আক্রমণে দেখা দিয়ে তেতিয়াই গোষ্ঠী নিৰপেক্ষতাই সক্রিয় ভূমিকা গ্ৰহণ কৰিবলৈ সক্ষম হয়।

১৮। কিউবাৰ ক্ষেপনাস্ত্র সংকট কি আছিল?

উত্তৰঃ ১৯৬১ চনত ছোভিয়েট ৰাছিয়াই আশংকা প্ৰকাশ কৰিছিল যে পুঁজিবাদী শক্তি আমেৰিকাই কিউবা আক্রমণ  কৰিব। কাৰণ কিউবা আছিল ছোভিয়েট ৰাছিয়াৰ মিত্ৰ ৰাষ্ট্ৰ। সেই সময়ত ফিডেল কাষ্ট্রো কিউবা সাম্যবাদী ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল। এখন সাম্যবাদী ৰাষ্ট্ৰৰ সমৰ্থিত ৰাষ্ট্ৰ হিচাপে কিউবাক ৰক্ষণাবেক্ষণ দিয়াৰ দায়িত্ব ৰাছিয়াই পালন। কৰিবলৈ চেষ্টা কৰিছিল। যাৰ ফলত কিউবাত ৰাছিয়াই সামৰিক ভেটি সুদৃঢ় কৰি গঢ়ি তুলিবলৈ ১৯৬২ চনত আণৱিক ক্ষেপণাস্ত্ৰ স্থাপন কৰিছিল। কিন্তু ইয়াৰ পৰিপ্ৰেক্ষিতত আমেৰিকাই ৰাছিয়াৰ বিৰুদ্ধে সামৰিক বাহিনী সষ্টম কৰি তুলিছিল যাৰ ফলত কিউবাক কেন্দ্ৰ কৰি দুয়োখন ৰাষ্ট্ৰই আণবিক যুদ্ধৰ সূত্ৰপাত কৰিবলৈ চেষ্টা চলাইছিল।

 

দীঘলীয়া উত্তৰৰ আদৰ্শ প্রশ্ন (৬ নম্বৰৰ)

১। কিউবাৰ ক্ষেপণাস্ত্ৰ সংকটৰ বিষয়ে এটা টোকা লিখা। ইয়াৰ তাৎপর্য কি?

উত্তৰঃ ১৯৬১ চনত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজত কিউবাক লৈ এক উদ্বিগ্নতাৰ সৃষ্টি হৈছিল। সামব্যাদী ৰাষ্ট্ৰ ৰাছিয়াই আশংকা কৰা মতে মিত্ৰৰাষ্ট্ৰ কিউবাক আমেৰিকাই যিকোনো মুহূৰ্ততে আক্ৰমণ কৰি ৰাষ্ট্ৰখনৰ ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোক অপসাৰণ কৰি কিউবাক দখল কৰি লব পাৰে। ফলত কিউবাক ৰক্ষা কৰিবৰ বাবেই ৰাছিয়াই কিউবালৈ মিছাইল তথা আণৱিক ক্ষেপণাস্ত্ৰ প্ৰেৰণ কৰি তাত ঘাটি স্থাপন কৰিছিল। এই ক্ষেত্ৰত আমেৰিকাই আপত্তি জনোৱাৰ উপৰি কিউবা অভিমুখী ছোভিয়েট ৰাছিয়াৰ যিকোনো জাহাজক আক্রমণ কৰিবলৈ সামৰিক বাহিনীক নিৰ্দেশ দিছিল। যাৰ ফলত ছোভিয়েট ৰাছিয়া আৰু আমেৰিকা দুয়ো ৰাষ্ট্ৰৰ মাজত যুদ্ধৰ সম্ভাৱনা

প্ৰকট হৈ পৰিছিল। এনে পৰিস্থিতিত সৃষ্টি হোৱা দুয়োখন ৰাষ্ট্ৰৰ দ্বন্দ্বক কিউবাৰ মিছাইল সংকট বুলি জনা যায়। যাৰ ফলত সমগ্ৰ বিশ্বই পাৰমাণৱিক যুদ্ধৰ আশংকাত শংকিত হৈ পৰিছিল। শেষত ছোভিয়েট ৰাছিয়াই কিউবা এৰি

দিয়াতহে এই সম্ভাৱনাময় যুদ্ধৰ পৰা কথমপি ৰক্ষা পৰে।

২। গোষ্ঠী নিৰপেক্ষতা একাকীত্ববাদ নে নির্লিপ্ততা? তুমি কি ভাবা আৰু কিয়?

উত্তৰঃ গোষ্ঠীনিৰপেক্ষ নীতিয়ে স্বাধীন বৈদেশিক নীতি গ্ৰহণ কৰা আৰু শান্তিপূর্ণভাৱে সহাৱস্থান কৰা অৱস্থাকে সূচায়। ই আন্তর্জাতিক সম্পর্ক আৰু দুটা বিপৰীত বৃহৎ শক্তিগোষ্ঠীৰ গোটৰ লগত সমানে গুৰুত্ব বজাই ৰাখে। এই

গোষ্ঠীনিৰপেক্ষ নীতি শান্তি আৰু যুদ্ধ তথা দুয়োটা পৰিস্থিতিৰে কাৰ্যকৰী সমাধান সূত্ৰত সহমত। শীতল যুদ্ধৰ সময়ছোৱাত এই নিৰপেক্ষ নীতিয়ে স্বাধীনভাৱে দেশীয় আৰু বৈদেশিক নীতিৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল। ই কোনোদিনে বিশ্ব ৰাজনীতিৰ পৰা সম্পূৰ্ণ আঁতৰি অকলশৰীয়া তথা নিৰপেক্ষ নীতি অৱলম্বন কৰাক নুবুজায়। ইয়াৰ মূল উদ্দেশ্যই হল সক্ৰিয় আৰু সংগঠনমূলক নীতি গ্ৰহণ কৰি শান্তিপূর্ণভাৱে কোনো জটিল পৰিস্থিতিক নিয়ন্ত্ৰণলৈ অনা।

3. শীতল যুদ্ধৰ যুগত NAMৰ নেতা হিচাপে ভাৰতৰ ভূমিকা সম্পর্কে আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ নেতা হিচাপে শীতল যুদ্ধৰ কালছোৱাত অন্য এক গুৰুত্বপূর্ণ ভূমিকা গ্ৰহণ কৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতবৰ্ষই পৰস্পৰবিৰোধী দুটা শক্তি গোটৰ পৰা যিমানদূৰ পাৰি আঁতৰি থাকিবলৈ চেষ্টা কৰিছিল। সকলো আন্তর্জাতিক সমস্যাৰ শান্তিপূর্ণ সমাধানৰ ওপৰত জোৰ দিছিল। এই ক্ষেত্ৰত ভাৰতবৰ্ষই যিকোনো সামৰিক চুক্তিত যোগদানৰ কৰাৰ সম্ভাৱনাৰ পৰা বিৰত ৰাখিছিল। ভাৰতবৰ্ষই যুদ্ধ সংঘটিত নহবৰ বাবে দুয়োটা শক্তিগোষ্ঠীৰ মাজৰ বৈষম্য দূৰ কৰিবলৈ চেষ্টা কৰিছিল। এনেদৰে ভাৰতবৰ্ষই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ পোষকতা কৰি আন তৃতীয় বিশ্বৰ ৰাষ্ট্ৰসমূহৰ লগত নিজৰ সকলো শক্তি সঞ্চয় কৰিবলৈ সক্ষম হৈছিল আৰু আন্দোলনৰ নেতা হিচাপে আন্তর্জাতিক ক্ষেত্ৰত এক বিশেষ স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।

৪। তুমি ভাবা নেকি যে শীতল যুদ্ধৰ পিছত NAMএ নিজৰ প্ৰাসংগিকতা হেৰুৱাই পেলাইছে? তোমাৰ উত্তৰৰ যুক্তিযুক্ততা নির্ণয় কৰা।

উত্তৰ : শীতল যুদ্ধৰ অৱসানৰ লগে লগে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা সম্পৰ্কত প্রশ্ন উত্থাপন হবলৈ ধৰিলে৷ কাৰণ, শীতল যুদ্ধৰ প্ৰতিক্ৰিয়াস্বৰূপেই এই আন্দোলনৰ জন্ম হৈছিল। এইটো ঠিক যে গোষ্ঠীনিৰপেক্ষ আন্দোলন শীতল যুদ্ধৰ এক ফলশ্ৰুতি আছিল আৰু ই বিশ্বখনক দুটা সামৰিক গোষ্ঠীত বিভক্ত হোৱাত কিছু পৰিমাণ বাধা দিছিল। কিন্তু এইটোৱেই গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ মূল আৰু একমাত্র লক্ষ্য আছিল। প্ৰকৃততে গোষ্ঠীনিৰপেক্ষতাই স্বাধীনভাৱে বৈদেশিক নীতি ৰচনাৰ এক নীতিকহে বুজায়। গতিকে এই আন্দোলনৰ শীতল যুদ্ধৰ সময়তো প্ৰাসংগিকতা আছিল আৰু বৰ্তমান সময়তো ইয়াৰ প্ৰাসংগিকতা নুই কৰিব নোৱাৰি। সাম্প্রতিক কালত গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰাসংগিকতা তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি।

১। বৰ্তমান বিশ্বত আমেৰিকাই একমাত্র বৃহৎ (Superpower) শক্তি। আমেৰিকাৰ একচেতিয়া তথা মইমতীয়া

কার্যকলাপ সর্বত্র বিদ্যমান। এনে পৰিস্থিতিত গোষ্ঠীনিৰপেক্ষ ৰাষ্ট্ৰসমূহে ঐক্যৱদ্ধ আৰু সংগঠিত হৈ আমেৰিকাৰ একাধিপত্যক প্রতিহত কৰিব পাৰিব।

২। উন্নয়নশীল আৰু অনুন্নত ৰাষ্ট্ৰবোৰৰ অৰ্থনৈতিক আৰু অন্যান্য দিশৰ বিকাশৰ বাবে সেইবোৰ দেশৰ

মাজত সহযোগিতাৰ প্ৰয়োজন। গোষ্ঠীনিৰপেক্ষ আন্দোলনে এনে সহযোগিতাৰ সৃষ্টিৰ এক মঞ্চ হিচাপে কাম কৰিব পাৰে।

৩। বর্তমান বিশ্বত দেখা পোৱা বিভিন্ন গোলকীয় সমস্যা যেনেসন্ত্রাসবাদ, মানৱ অধিকাৰ উলংঘন, পৰিৱেশ প্ৰদূষণ, জন, বিস্ফোৰণ ইত্যাদি সমস্যাসমূহ এখন দেশে অকলে সমাধান কৰিব নোৱাৰে। তাৰ বাবে গোলকীয় প্ৰচেষ্টাৰ (global effort) দৰকাৰ। এই ক্ষেত্ৰত গোষ্ঠীনিৰপেক্ষ আন্দোলনে সহায় কৰিব পাৰে। ওপৰৰ আলোচনাৰ পৰা এটা কথা স্পষ্ট যে গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ এতিয়াও প্ৰাসংগিকতা আছে।

৫। ধৰা হল শীতল যুদ্ধ হোৱাই নাছিল আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পিছত কেইবাটাও প্রধান শক্তি থাকি গল। তেনে পৰিস্থিতিত ভাৰতৰ বিদেশ নীতি কিদৰে প্ৰভাৱিত হলহেঁতেন? যিকোনো তিনিটা দিশ বা অঞ্চল চিনাক্ত কৰা আৰু পার্থক্য নিৰূপণ কৰা।

উত্তৰ এইটো সৰ্বজনবিদিত যে, শীতল যুদ্ধ বা পৃথিৱীত সৃষ্টি হোৱা দুই মহাশক্তিৰ মাজত আৰম্ভ হোৱা প্ৰতিদ্বন্দ্বিতাই ভাৰতৰ বৈদেশিক নীতিত প্ৰভাৱ বিস্তাৰ কৰিছিল। যদি শীতল যুদ্ধ সংঘটিত নহলহেতেন এই দুই মহাশক্তিৰ উপৰিও অন্য ভালেমান প্রধান শক্তিৰ সৃষ্টি হলহেতেন, ফলত ভাৰতৰ বৈদেশিক নীতিলৈ স্বাভাৱিকতে পৰিবৰ্তন আহিলহেতেন।তেনে পৰিস্থিতিত ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত পৰা প্ৰভাৱ এনেধৰণৰ হলহেতেন

১। আন আন দেশৰ লগত সম্পৰ্কঃ অন্য ৰাষ্ট্ৰৰ লগত সম্পৰ্ক গঢ়াৰ ক্ষেত্ৰত শীতল যুদ্ধৰ সময়ত যিধৰণৰ নীতি গ্ৰহণ কৰা হৈছিল তালৈ পৰিবৰ্তন আহিলহেতেন।

২। কাশ্মীৰ সমস্যাঃ শীতল যুদ্ধৰ সময়ত কাশ্মীৰৰ সমস্যাটো অধিক জটিল হোৱা দেখা গৈছিল। আমেৰিকাৰ সমৰ্থনপুষ্ট পাকিস্তানে ভাৰতৰ লগত এই বিষয়ত সংঘাতত লিপ্তও হৈছিল। যদি শীতল যুদ্ধ নাথাকিলহেতেন তেন্তে কাশ্মীৰ সমস্যাটোৱে ইমান জটিল ৰূপ ধাৰণ নকৰিলহেতেন।

৩। গোষ্ঠী নিৰপেক্ষ নীতিঃ গোষ্ঠীনিৰপেক্ষতা শীতল যুদ্ধৰ এক পৰিণতি আছিল। শীতল যুদ্ধই পৃথিৱীৰ ৰাষ্ট্ৰসমূহক দুটা পৰস্পৰ বিৰোধী শিৱিৰত ভাগ কৰাৰ যি প্ৰক্ৰিয়া আৰম্ভ কৰিছিল, তাক বাধা দিয়াৰ উদ্দেশ্যে ভাৰতৰ লগত নতুনকৈ স্বাধীনতা লাভ কৰা তৃতীয় বিশ্বৰ দেশকেইখন লগ হৈ গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ জন্ম দিছিল। গতিকে শীতল যুদ্ধ নথকা হেতেন গোষ্ঠী নিৰপেক্ষ আন্দোলন গঢ়ি উঠাৰ সম্ভাৱনা একেবাৰে নিঃশেষ লহেতেন।

৬। যুদ্ধোত্তৰ কালত NAMৰ নতুন ভূমিকা চমুকৈ আলোচনা বিশ্লেষণ কৰা।

উত্তৰ : গোষ্ঠী নিৰপেক্ষ আন্দোলনে যুদ্ধোত্তৰ কালত বিশেষ ভূমিকা গ্ৰহণ কৰিছিল। প্ৰথমতে, এই ক্ষেত্ৰত ই লক্ষ্য কৰা যায়। এনে মহাশক্তিই তৃতীয় বিশ্বৰ দেশসমূহৰ স্বাধীনতাত যাতে কোনো ধৰণৰ হস্তক্ষেপ কৰিব নোৱাৰে তাৰ বাবে এক সামুহিত প্ৰতিৰোধ শক্তি হিচাপে গোষ্ঠী নিৰপেক্ষ আন্দোলনে এক সামুহিক প্ৰতিৰোধ শক্তি হিচাপে কাম কৰিবলৈ সক্ষম হয়। দ্বিতীয়তে, যুদ্ধোত্তৰ কালত গঢ়ি উঠা আন্তর্জাতিক অগণতান্ত্রিক ব্যবস্থাক ৰোধ কৰিবৰ বাবে গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ দৰে এক সামুহিত মঞ্চৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি। তৃতীয়তে, শীতল যুদ্ধৰ সমাপ্তিৰ অন্তত তৃতীয় বিশ্বৰ দেশসমূহত দেখা দিয়া দীর্ঘদিনীয়া সমস্যা বিশেষকৈ দাৰিদ্ৰতা, বৈষম্যতা আদিৰ সমাধানৰ ক্ষেত্ৰত বিশেষ অৰিহনা যোগাবলৈ এই গোষ্ঠী নিৰপেক্ষ আন্দোলনৰ ভূমিকা উল্লেখযোগ্য।

৭। পাৰমাণৱিক নিৰঞ্জীকৰণ চুক্তি সম্পৰ্কে এটা টোকা লিখা।

উত্তৰ : শীতল যুদ্ধৰ সময়ছোৱাত দুয়োখন শক্তিগোষ্ঠীৰ মাজত দেখা দিয়া অবিশ্বাস আৰু উত্তেজনাৰ ফলত সামৰিক শক্তি বৃদ্ধিৰ প্ৰতিযোগিতা আৰম্ভ হৈছিল। যাৰ ফলত আণবিক শক্তি উৎপাদনৰ ক্ষেত্ৰত প্ৰচুৰ পৰিমাণে ধনৰ প্রয়োজন হৈছিল। ফলত ৰাষ্ট্ৰ উন্নয়নৰ ক্ষেত্ৰত আগবাঢ়িব পৰা নাছিল। লগে লগে যুদ্ধৰ প্ৰভাৱো ক্ৰমাৎ কমি আহিছিল৷ তদুপৰি দুয়ো শক্তিগোষ্ঠীৰ মাজত হোৱা বুজাবুজিৰ প্ৰভাৱেও অস্ত্র-গতিৰ সীমিতকৰণ আৰু স্থায়ী শাস্তি প্ৰতিষ্ঠাৰ বিষয়ত এক মতত উপনীত হবলৈ বাধ্য হৈছিল। কৃষি, যাতায়াত, সাংস্কৃতিক দল বিনিময় আদি বিভিন্ন বিষয়ত দুয়ো শক্তিগোষ্ঠীৰ মাজত ভালেমান চুক্তি স্বাক্ষৰ গ্ৰহণ কৰা হৈছিল। আণবিক শক্তিৰ পৰিহাৰ কৰাৰ মূলতে দুয়ো শক্তিগোষ্ঠীৰ মাজত হোৱা স্থায়ী শান্তি আৰু বুজাবুজিৰ অন্যতম কাৰণ।

৮। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক শৃংখলা সংগঠনৰ (NIEO) আঁৰৰ বাস্তৱতা কি আছিল?

উত্তৰঃ নৱ্য অর্থনীতিৰ শৃংখলাৰ জড়িয়তে উন্নত আৰু অনুন্নত ৰাষ্ট্ৰসমূহৰ মাজত পাৰ্থক্য হ্ৰাস কৰিবলৈ বিচৰা হৈছিল।নৱ্য অৰ্থনীতিৰ শৃংখলাই বিশ্বত সম উন্নয়ন আৰু সুষম বিকাশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। উন্নয়নশীল দেশসমূহৰ প্ৰবল দাবীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হোৱা নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ লক্ষ্য কেইটা হল ক্ৰমে : ধনী-দুখীয়া সকলো দেশৰ মাজত বিশ্বৰ অৰ্থনৈতিক সম্পদৰ উচিত আৰু ন্যায়সংগত বিতৰণৰ জৰিয়তে ধনী-দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা। অর্থনৈতিক নিৰাপত্তাহীনতাত ভোগা লোকসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সংস্কাৰৰ লগতে আন্তৰাষ্ট্ৰীয় মুদ্ৰাৰ সংস্কাৰ সাধন কৰা। উন্নয়নশীল দেশসমূহৰ অৰ্থনৈতিক উন্নয়নৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ

৯। গোলকীয় বাণিজ্য পদ্ধতিৰ সংস্কাৰ সম্পৰ্কীয় ONCTAC প্রতিবেদনখন কি আছিল?

উত্তৰঃ গোলকীয় বাণিজ্য পদ্ধতি সংস্কাৰ সম্পৰ্কীয় প্রতিবেদনত কেইটামান দিশৰ ওপৰত গুৰুত্ব প্ৰদান কৰা হৈছিল। সেই সমূহৰ ভিতৰত প্ৰথমতে, উন্নত পশ্চিমীয়া দেশবোৰ শোষণ কৰি থকা প্ৰাকৃতিক সম্পদসমূহ অনুন্নত

দেশবিলাকৰ নিজৰ অধীনলৈ অনা হব। দ্বিতীয়তে, অনুন্নত দেশসমূহে পশ্চিমীয়া বজাৰত নিজৰ উৎপাদিত সামগ্ৰীসমূহ বিক্ৰী কৰিব পাৰিব। তৃতীয়তে, পশ্চিমীয়া দেশৰ পৰা আমদানিকৃত প্ৰযুক্তিৰ খৰচ কমিব। চতুৰ্থতে, আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক অনুষ্ঠানসমূহত অনুন্নত দেশবোৰৰ গুৰুত্ব বৃদ্ধি কৰা হব।

১০। শীতল যুদ্ধৰ সময়ত মার্কিন যুক্তৰাষ্ট্ৰ আৰু ছোভিয়েট ইউনিয়নৰ প্ৰতি ভাৰতৰ বৈদেশিক নীতি কি আছিল?

ভাৰতৰ স্বাৰ্থত এই নীতিয়ে সহায় কৰিছিলনে?

উত্তৰঃ ভাৰতে শীতল যুদ্ধৰ সময়ত দুই তৰপীয়া নীতি অৱলম্বন কৰিছিল। প্ৰথমতে মিত্র শক্তিৰ পৰা দূৰত্ব বজাই ৰখা। দ্বিতীয়তে নতুনকৈ উপনিৱেশিকতাবাদৰ পৰা মুক্তি পোৱা দেশবোৰে এই মিত্র শক্তিত যোগ দিয়াৰ বিৰোধিতা কৰিছিল। এই ক্ষেত্ৰত দেখা যায় ভাৰতৰ নীতি নকাৰাত্মক বা নিষ্ক্রিয় দুয়োটাৰ কোনোটোৱেই নাছিল। তদুপৰি ভাৰতে শীতল যুদ্ধক নৰম কৰিবলৈ বিশ্ব ঘটনাক্রমত সক্রিয় অংশগ্ৰহণ কৰাৰ পোষকতা কৰিছিল। শীতল যুদ্ধৰ সময়ছোৱাত ভাৰতে আমেৰিকা আৰু ৰাছিয়াৰ নেতৃত্ব দিয়া মিত্ৰগোষ্ঠীৰ অংশ নোহোৱা আঞ্চলিক আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনসমূহক সক্ৰিয় কৰিবলৈ চেষ্টা কৰিছিল। কিন্তু এই বৈদেশিক নীতিয়ে ভাৰতক কিছু পৰিমাণে সহায় নকৰাকৈ থকা নাছিল। বিশেষকৈ গোষ্ঠী নিৰপেক্ষ ভাৰতে আন্তঃৰাষ্ট্ৰীয় সিদ্ধান্ত আৰু পক্ষ লব লাগিছিল যাৰ দ্বাৰা বৃহৎ শক্তিসমূহ আৰু তাৰ মিত্ৰপক্ষৰ স্বাৰ্থ পূৰণ হোৱাতকৈ ইয়াৰ নিজৰ স্বাৰ্থ পূৰণ হৈছিল। দ্বিতীয়তে ভাৰতে এটা বিশ্বশক্তিৰ বিপক্ষে আনটো বিশ্বশক্তিৰ ভাৰসাম্যতা বজাই ৰাখিব পাৰিছিল। যাৰ ফলত সময়ত দুয়োটা বিশ্বশক্তিৰ লগত তাল মিলাই চলি যাবলৈ ভাৰত সক্ষম হৈছিল। যাৰ বাবে দুয়োটা বিশ্বশক্তিয়ে ভাৰতক সহায় কৰা বা আক্রমণ কৰাৰ ক্ষেত্ৰত আশংকাৰ সম্ভাৱনা নাছিল।

১১। এই মহা শক্তিৰ সৰু সৰু ৰাষ্ট্ৰসমূহৰ সৈতে কিয় সামৰিক সহযোগিতা আছিল? তিনিটা কাৰণ দর্শোৱা।

উত্তৰ সৰু সৰু ৰাষ্ট্ৰসমূহে বৃহৎ শক্তিগোষ্ঠীৰ ৰাষ্ট্ৰসমূহক বিভিন্ন প্ৰকাৰে সহায় কৰিছিল। এই ক্ষেত্ৰত বিশেষকৈ সামৰিক সহযোগিতা আছিল অধিক সক্রিয়। কিয়নো সৰু ৰাষ্ট্ৰসমূহৰ লগত বৃহৎ ৰাষ্ট্ৰসমূহে বন্ধুত্বৰ সম্পৰ্ক স্থাপন কৰি তাত সামৰিক ঘাটি স্থাপন কৰি তেওঁলোকৰ অস্ত্ৰ-শস্ত্ৰ আৰু সৈন্য বাহিনীক সঞ্চালনা কৰাত সুবিধা হৈছিল। যাৰ ফলত সামৰিক ঘাটিসমূহ স্থাপনে তেওঁলোকৰ বহিঃৰাষ্ট্ৰৰ আক্ৰমণৰ পৰা ৰক্ষাৰ ক্ষেত্ৰত বহু পৰিমাণে সহায়ক হৈছিল৷ এনেদৰে সৰু ৰাষ্ট্ৰসমূহৰ লগত সহযোগিতাৰ বৃদ্ধিৰ মূলতে সৰু ৰাষ্ট্ৰসমূহত থকা বিভিন্ন প্রাকৃতিক সম্পদ যেনে, খাৰুৱা তেল, খনিজ পদাৰ্থ আদি থকাৰ বাবে সেইসমূহে যাতে সহায় কৰিব পাৰে তাৰ প্ৰতি বৃহৎ ৰাষ্ট্ৰসমূহে আগতীয়াকৈ জানিছিল। দ্বিতীয়তে, সৰু ৰাষ্ট্ৰসমূহত সামৰিক ঘাটি স্থাপন কৰি তেওঁলোকৰ অস্ত্র-শস্ত্ৰ আৰু সৈন্য বাহিনীক সঞ্চালনা কৰিবলৈ ব্যৱহাৰ কৰিব পাৰে। তৃতীয়তে, সৰু ৰাষ্ট্ৰবোৰত বৃহৎ ৰাষ্ট্ৰসমূহে পৰস্পৰৰ ওপৰত চোৰাংচোৱাগ্লিৰি তথা গুপ্তচৰ গঠন কৰিব পাৰে।

। শীতল যুদ্ধই অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্ৰণৰ লগতে অস্ত্ৰশস্ত্ৰৰ প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল। এই দুয়োটাৰে কাৰণবোৰ কি আছিল?

উত্তৰ শীতল যুদ্ধই দুই মহাশক্তিৰ ৰাষ্ট্ৰ দুখনৰ মাজত অবিশ্বাস আৰু উত্তেজনাৰ বৃদ্ধি কৰিছিল। যাৰ ফলত সামৰিক শক্তিৰ বৃদ্ধিৰ জৰিয়তে দেশ দুখনৰ মাজত প্ৰতিযোগিতাৰ সৃষ্টি কৰিছিল। আণৱিক অস্ত্ৰৰ উৎপাদনৰ বাবে ধনৰ খৰচৰ পৰিমাণ বৃদ্ধি কৰিছিল। যাৰ ফলত দুয়োখন দেশতে দেশৰ উন্ননয়মূলক কামত পিছ পৰি ৰৈছিল। এনে হোৱাৰ ফলতে শীতল যুদ্ধই দেশ দুখনৰ মাজত বিশেষকৈ অস্ত্র-শস্ত্ৰৰ নিয়ন্ত্ৰণত গুৰুত্ব প্ৰদান কৰি অস্ত্র-শস্ত্ৰ উৎপাদনৰ নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয়। দ্বিতীয়তে দেশ দুখনৰ মাজত হোৱা বুজাবুজিয়েও বিশেষ অৰিহনা যোগাইছিল। দুয়োখন দেশৰ মাজত হোৱা শীর্ষ সন্মিলনত বিভিন্ন বিষয়ত সহযোগিতা সৃষ্টি কৰাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল।

১। USSR ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ Union of Soviet Socialist Republic.

২। কোনজন ছোভিয়েট নেতাই কিউবাক ছোভিয়েটৰ এক ঘাটিলৈ (Base) ৰূপান্তৰিত কৰাৰ সিদ্ধান্ত লৈছিল?

উত্তৰ: নিকিটা খুছেভ (Nikita Khrushev)

কিউবাৰ মিছাইল সংকটৰ সময়ত আমেৰিকাৰ ৰাষ্ট্ৰপতি কোন আছিল?

উত্তৰ : জন এফ কেনেডি।

৪। শীতল যুদ্ধৰ পৰা আঁতৰি থাকিবৰ বাবে ভাৰতে কেনেকুৱা নীতি গ্ৰহণ কৰিছিল?

উত্তৰ : গোষ্ঠীনিৰপেক্ষতাৰ নীতি।

৫। আমেৰিকাই জাপানৰ কোন দুখন ঠাইত এটমবোমা নিক্ষেপ কৰিছিল?

উত্তৰ : হিৰচিমা আৰু নাগাচাকি।

৬। ১৯৫০-৫৩ চনত দুই শক্তিগোষ্ঠী কত প্ৰত্যক্ষ সংগ্ৰামত লিপ্ত হোৱাৰ উপক্ৰম হৈছিল?

উত্তৰ : কোৰিয়া।

৭। NATO ৰ মুঠ সদস্য সংখ্যা কিমান আছিল?

উত্তৰ : ১২ খন।

৮। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ কোনখন সন্মিলন ভাৰতত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ১৯৮৩ চনত সপ্তম গোষ্ঠীনিৰপেক্ষ সন্মিলন নতুন দিল্লীত অনুষ্ঠিত হৈছিল।

৯। CTBT ৰ সম্পূৰ্ণ ৰূপ কি?

উত্তৰ : Comprehensive Test Ban Treaty.

১০। কিমান চনত Warsaw Pact স্বাক্ষৰিত হৈছিল?

উত্তৰ : ১৯৫৫ চনত।

১১। শীতল যুদ্ধ শব্দটো প্রথমে কোনে প্রয়োগ কৰিছিল?

উত্তৰঃ বাৰ্ণাৰ্ড বাৰুছে।

১২। শীতল যুদ্ধৰ এটা কাৰণ উল্লেখ কৰা।

উত্তৰ : আদৰ্শগত প্রভেদ।

১৩। আমেৰিকা নেতৃত্বাধীন শক্তিগোষ্ঠী কোনটো আদৰ্শৰ প্ৰতি অনুৰক্ত আছিল?

উত্তৰ : পুঁজিবাদ (Capitalism)

৪। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰথম সন্মিলন কত অনুষ্ঠিত হৈছিল?

উত্তৰঃ ইণ্ডোনেছিয়াৰ বান্দুং (Bandung) চহৰত।

১৫। মিখাইল গবাৰ্চেভ কোন আছিল?

উত্তৰ : ছোভিয়েট ৰাছিয়াৰ প্ৰাক্তন ৰাষ্ট্ৰপতি।

১৬। শীতলযুদ্ধ শব্দটো প্রথমে কোনে ব্যৱহাৰ কৰিছিল?

উত্তৰ : বার্নার্ড বাৰুচ নামৰ আমেৰিকাৰ এজন ৰাষ্ট্ৰনেতাই।

 

(গ) অতি চমু প্রশ্ন আৰু উত্তৰ : (নম্বৰ – ২)

১। শীতল যুদ্ধ বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় বিশ্বযুদ্ধৰ পিছত পৃথিৱীত আবিৰ্ভাৱ হোৱা আমেৰিকা আৰু ছোভিয়েট নেতৃত্বাধীন দুই শক্তিগোষ্ঠীৰ মাজত চলি থকা পাৰস্পৰিক অবিশ্বাস-বিদ্বেষ আৰু প্ৰতিদ্বন্দ্বিতাকেই আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শীতল যুদ্ধ নামেৰে

নামকৰণ কৰা হয়।

২। আমেৰিকা নেতৃত্বাধীন গোষ্ঠী বা Western Bloc ত অন্তর্ভুক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ বৃটেইন, ফ্রান্স ।

৩। ছোভিয়েট গোষ্ঠী বা Eastern Bloc ত অন্তর্ভুক্ত দুখন ৰাষ্ট্ৰৰ নাম লিখা।

উত্তৰঃ পোলেও, পূর্ব জার্মানী।

NATO ৰ সদস্য ৰাষ্ট্ৰসমূহৰ নাম লিখা।

উত্তৰ : NATO মুঠ ১২খন সদস্যৰাষ্ট্ৰ আছিল। সেইবোৰ হআমেৰিকা, ব্রিটেইন, ফ্রান্স, কানাডা, নৰৱে‘,

ডেনমার্ক, বেলজিয়াম, তুর্কী, গ্ৰীচ, আয়াৰলেণ্ড, আইচলেণ্ড আৰু লাক্সেমবার্গ।

৫। WARSAW Pact বুলিলে কি বুজা?

উত্তৰ : আমেৰিকাই গঠন কৰা NATO শক্তিক প্রতিহত কৰিবৰ বাবে ১৯৫৫ চনত ছোভিয়েট ইউনিয়নে WARSAW Pact নামেৰে এক সামৰিক গোষ্ঠীৰ সৃষ্টি কৰিছিল। ইয়াৰ সদস্য ৰাষ্ট্ৰসমূহ আছিল ছোভিয়েট ইউনিয়ন, পোলেণ্ড, পূব জার্মানী, হাংগেৰী, চেকোশ্লাভিয়া ইত্যাদি ।

৬। CENTO বুলি কলে কি বুজা?

উত্তৰঃ CENTO ৰ সম্পূৰ্ণ ৰূপ হৈছে Central Treaty Organisation. ১৯৫৫ চনত আমেৰিকা, পাকিস্থান, ইৰান, ইৰাক আৰু তুর্কীৰ মাজত হোৱা ই এক সামৰিক মিত্ৰতা চুক্তি৷

৭। SEATO কি?

উত্তৰঃ SEATO ৰ সম্পূৰ্ণ ৰূপ হৈছে South East Asia Treaty Organisation১৯৫৪ চনত আমেৰিকা, ব্রিটেন, ফ্রান্স, অষ্ট্রেলিয়া, পাকিস্থান, নিউজিলেণ্ড ফিলিপাইনচ আৰু থাইলেণ্ডৰ মাজত সম্পাদিত ই এক সামৰিক মিত্ৰতা চুক্তি।

৮। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ প্ৰতিষ্ঠাৰ লগত জড়িত দুজন ব্যক্তিৰ নাম লিখা।

উত্তৰ : (১) জৱাহৰলাল নেহেৰু (২) ডঃ সুকার্ণো

৯। দ্বিতীয় মহাযুদ্ধ কাৰ কাৰ মাজত সংঘটিত হৈছিল?

উত্তৰ : আমেৰিকা, ছোভিয়েট ইউনিয়ন, ব্রিটেইন আৰু ফ্ৰান্স নেতৃত্বাধীন মিত্রশক্তি (Allied Force) আৰু জাৰ্মানী, ইটালী আৰু জাপান, নেতৃত্বাধীন কেন্দ্রীয় শক্তি (Axis Powers) ৰ মাজত দ্বিতীয় মহাযুদ্ধ সংঘটিত হৈছিল।

১০। শীতল যুদ্ধৰ দুটা কাৰণ উল্লেখ কৰা।

উত্তৰঃ (১) পাৰস্পৰিক বিদ্বেষ আৰু অবিশ্বাস। (২) আদর্শগত প্রভেদ।

১। গোষ্ঠীনিৰপেক্ষতা বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত পৃথিৱীত সৃষ্টি হোৱা দুই শক্তিগোষ্ঠীৰ লগত বন্ধুত্বপূর্ণ সম্পৰ্ক ৰক্ষা কৰি স্বাধীন বৈদেশিক নীতি গ্ৰহণৰ যি সিদ্ধান্ত তৃতীয় বিশ্বৰ দেশসমূহে গ্ৰহণ কৰিছিল তাকে গোষ্ঠীনিৰপেক্ষতা বোলা হয়।

১২শীতল যুদ্ধ বুলি কলে কি বুজা?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত পৃথিৱীত আৱিৰ্ভাৱ হোৱা দুই শক্তিগোষ্ঠীৰ মাজৰ উত্তেজনাপূর্ণ সম্পর্ককে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিত শীতল যুদ্ধ নামেৰে জনা যায়।

১৩। দ্বিতীয় মহাযুদ্ধৰ পিছত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ উদ্ভৱ হোৱা শক্তিশালী ৰাষ্ট্ৰ দুখনৰ নাম লিখা।

উত্তৰঃ ১। আমেৰিকা যুক্তৰাষ্ট্ৰ ২। ছোভিয়েট ইউনিয়ন।

১৪। কিউবাৰ সংকট বুলি কলে কি বুজা?

উত্তৰঃ কিউবাত ক্ষেপণাস্ত্ৰৰ ঘাটি স্থাপনক লৈ আমেৰিকা আৰু ৰাছিয়াৰ মাজত ১৯৬২ চনত সংঘটিত সংঘাতকে কিউবাৰ সংকট (Cuban Crisis) আখ্যা দিয়া হয়।

১৫। নতুন শীতল যুদ্ধ বুলিলে কি বুজা?

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আৰম্ভ হোৱা শীতল যুদ্ধ ১৯৬০-৭০ দশকত কিছু পৰিমাণে প্রশমিত হৈছিল যদিও ১৯৭৯ চনত ছোভিয়েট ইউনিয়নে আফগানিস্থানত কৰা হস্তক্ষেপৰ ফলত ১৯৭৯ চনৰ পৰা ১৯৮৫ চনলৈ এই সময়ছোৱাত দুয়ো শক্তিগোষ্ঠীৰ মাজত নতুনকৈ সংঘাত আৰু উত্তেজনাই প্রবলভাৱে গা কৰি উঠে। এই সময়ছোৱাকেই নতুন শীতল যুদ্ধ বুলি কোৱা হয়।

 

দীঘল প্রশ্ন আৰু উত্তৰ

১। শীতল যুদ্ধৰ তিনিটা ভিত্তি উল্লেখ কৰা।

উত্তৰ : শীতল যুদ্ধ কেইটামান ধাৰণা বা ভিত্তিৰ ওপৰত প্ৰতিষ্ঠিত আছিল। তেনে তিনিটা ভিত্তি হ

(১) পশ্চিমীয়া দেশসমূহে ধাৰণা কৰিছিল যে ৰাছিয়াৰ শক্তি বৃদ্ধিয়ে বিশ্বশান্তি প্রতিষ্ঠাত বাধাৰ সৃষ্টি কৰিব ৷ সেয়ে সেই দেশবোৰে অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰৰে নিজকে শক্তিশালী কৰিব বিচাৰিছিল৷ আনহাতে, ৰাছিয়াইয়ো পশ্চিমীয়া দেশবোৰে শক্তি বৃদ্ধিৰ চুক্তিৰ আঁচনি গ্ৰহণ কৰা দেখি নিজ দেশৰ সামৰিক শক্তি বৃদ্ধি কৰাত গুৰুত্ব আৰোপ কৰিছিল।

(২) দুয়োটা গোষ্ঠীয়ে বিশ্বাস কৰিছিল যে আদৰ্শৰ মিল থকা দেশৰ লগত সহযোগিতা কৰিহে ভৱিষ্যত নিৰাপত্তাৰ বিষয়ত নিশ্চিত হব পাৰি।

(৩) পশ্চিমীয়া দেশবোৰে নিজকে স্বাধীনতাৰ পৃষ্ঠপোষক আৰু সাম্যবাদী দেশবোৰৰ স্বেচ্ছাচাৰী শাসনৰ পৃষ্ঠপোষক হিচাপে বিবেচনা কৰিছিল।

৷ গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উৎপত্তিৰ তিনিটা কাৰণ লিখা।

উত্তৰ : গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ উৎপত্তিত অৰিহনা যোগোৱা তিনিটা উপাদান হ

১। এছিয়া আৰু আফ্ৰিকাৰ অৰ্থনৈতিক অৱস্থা : নতুনকৈ স্বাধীনতা লাভ কৰা এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰ অর্থনৈতিক ক্ষেত্ৰত যথেষ্ট পিছপৰা আছিল। গতিকে তেওঁলোকৰ অৰ্থনৈতিক উন্নয়নৰ বাবে প্ৰয়োজন হোৱা বৈদেশিক সাহায্য লাভৰ আশাত দুয়োটা শক্তিগোষ্ঠীৰ লগত সদ্ভাৱ বজাই ৰখাৰ নীতি গ্ৰহণ কৰিছিল।

২। জাতীয়তাবাদ : দ্বিতীয় মহাযুদ্ধৰ পিছত স্বাধীনতা লাভ কৰা দেশবোৰৰ মাজত প্ৰবল জাতীয় চেতনা গঢ়ি উঠিছিল। সেই দেশবোৰ যাতে পুনৰ বিদেশী শাসনৰ তললৈ যাব নালাগে সেই উদ্দেশ্যে কোনো শক্তিগোষ্ঠীৰ লগত সংযুক্ত নোহোৱাকৈ নিজাকৈ বৈদেশিক নীতি ৰচনা কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাৰ ফলতেই গোষ্ঠীনিৰপেক্ষতাৰ জন্ম হৈছিল।

৩। উপনিৱেশ বিৰোধী নীতি : উপনিৱেশবাদৰ তিক্ততা উপলব্ধি কৰি তৃতীয় বিশ্বৰ দেশবোৰে উপনিৱেশিক দেশবোৰৰ পৰা আঁতৰত থকা নীতি গ্ৰহণ কৰিছিল। কোনো শক্তি গোষ্ঠীৰ লগত জড়িত নাথাকি স্বাধীনভাৱে বৈদেশিক নীতি গ্ৰহণ কৰিলেহে সেইটো সম্ভৱ হব পাৰে। সেয়ে কোনো শক্তিগোষ্ঠীৰ লগত সামৰিক মিত্ৰতা কৰাৰ নীতি পৰিহাৰ কৰাৰ ফলতেই গোষ্ঠীনিৰপেক্ষতাৰ জন্ম হৈছিল।

৩। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ চাৰিটা লক্ষ্য উল্লেখ কৰা।

উত্তৰঃ উন্নয়নশীল দেশসমূহৰ প্ৰবল দাবীত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত গৃহীত হোৱা নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ চাৰিটা লক্ষ্য হল

১। ধনী-দুখীয়া সকলো দেশৰ মাজত বিশ্বৰ অৰ্থনৈতিক সম্পদৰ উচিত আৰু ন্যায়সংগত বিতৰণৰ জৰিয়তে ধনী-দুখীয়াৰ মাজত ব্যৱধান হ্ৰাস কৰা।

২। অর্থনৈতিক নিৰাপত্তাহীনতাত ভোগা লোকসকলৰ জীৱন-ধাৰণৰ মানদণ্ড উন্নত কৰা।

৩। আন্তঃৰাষ্ট্ৰীয় ব্যৱসায়-বাণিজ্যৰ সংস্কাৰৰ লগতে আন্তঃৰাষ্ট্ৰীয় মুদ্ৰাৰ সংস্কাৰ সাধন কৰা।

৪। উন্নয়নশীল দেশসমূহৰ অর্থনৈতিক উন্নয়নৰ কাৰণে আন্তঃৰাষ্ট্ৰীয় প্ৰযুক্তিবিদ্যাৰ হস্তান্তৰৰ নীতিত গুৰুত্ব দিয়া।

গোষ্ঠীনিৰপেক্ষতাৰ চাৰিটা বৈশিষ্ট্য লিখা।

উত্তৰ : গোষ্ঠীনিৰপেক্ষতাৰ চাৰিটা বৈশিষ্ট্য হল

১। সামৰিক আৰু নিৰাপত্তাজনিত মিত্ৰতা চুক্তিৰ বিৰোধিতাঃ গোষ্ঠীনিৰপেক্ষ দেশসমূহে বৃহৎ শক্তিৰ লগত সকলো ধৰণৰ সামৰিক, ৰাজনৈতিক, মিত্ৰতা চুক্তিৰ আঁতৰত থকাৰ সপক্ষে যুক্তি আগবঢ়াইছিল।

২। স্বাধীন বৈদেশিক নীতিঃ গোষ্ঠী নিৰপেক্ষ দেশসমূহে কাৰো দ্বাৰা প্ৰভাবিত নোহোৱাকৈ স্বাধীনভাৱে বৈদেশিক

নীতি ৰচনাৰ সিদ্ধান্ত লৈছিল।

৩। ঔপনিৱেশিকতাবাদ বিৰোধিতাঃ গোষ্ঠীনিৰপেক্ষতাই ঔপনিৱেশিকতাবাদৰ বিৰোধিতা কৰাৰ লগতে এছিয়া আৰু আফ্ৰিকাৰ দেশসমূহক উপনিৱেশিক শাসনৰ পৰা মুক্ত কৰিব বিচাৰে।

৪। আন্তঃৰাষ্ট্ৰীয় বিৰোধৰ শান্তিপূর্ণ সমাধান: সামৰিক দৃষ্টিভংগী পৰিহাৰ কৰি গোষ্ঠীনিৰপেক্ষ দেশসমূহে আজ্ঞৰাষ্ট্ৰীয় সমস্যাৰ শান্তিপূর্ণ সমাধান বিচাৰে।

৫। নতুন আন্তঃৰাষ্ট্ৰীয় অর্থনৈতিক ব্যৱস্থাৰ লক্ষ্যসাধনৰ চাৰিটা উপায় লিখা।

উত্তৰ: নতুন আন্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ লক্ষ্যসমূহ পূৰণৰ বাবে কেইটামান উপায় (Means) অৱলম্বন কৰিব বিচৰা হৈছিল। সেইবোৰৰ ভিতৰত তলত উল্লেখিত চাৰিটা অন্যতম আছিল।

১। বৈদেশিক বাণিজ্যঃ আমদানি-প্তানিৰ যোগেদি উন্নয়নশীল ৰাষ্ট্ৰসমূহক বৈদেশিক বাণিজ্যত জড়িত কৰি সেইবোৰ দেশৰ অৰ্থনৈতিক উন্নয়ন ত্ববান্বিত কৰিব বিচৰা হৈছিল।

২। উদ্যোগীকৰণ: অনুন্নত দেশসমূহত ঔদ্যোগিকীকৰণ এক অনুকূল পৰিৱেশ সৃষ্টি কৰি সেইবোৰ দেশত অৰ্থনৈতিক বিকাশ সাধনৰ কথা ভবা হৈছিল।

৩। অর্থনৈতিক সাহায্য: উন্নয়নৰ কাৰণে প্ৰয়োজনীয় সাহায্য অনুন্নত দেশবোৰলৈ আগবঢ়োৱাৰ ব্যৱস্থা কৰা হৈছিল যাতে সেইবোৰ দেশ প্ৰগতিৰ পথত আগবাঢ়ি যাব পাৰে।

৪। আঞ্চলিক সহযোগিতাঃ নতুন অর্থনৈতিক নীতিৰ লক্ষ্য সাধনৰ অন্য এটা উপায় আছিল বিভিন্ন অঞ্চলৰ দেশসমূহৰ মাজত আঞ্চলিক সহযোগিতা।

৬। শীতল যুদ্ধৰ পাঁচটা কাৰণ ব্যাখ্যা কৰা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত বিশ্বত দুই মহাশক্তিৰ মাজত আৰম্ভ হোৱা শীতল যুদ্ধৰ বহুতো কাৰণ আছিল। তাৰে

কেইটামান কাৰণ আলোচনা কৰা হল।

১। দ্বি-পক্ষীয় ৰাজনীতিঃ দ্বিতীয় মহাসমৰৰ পিছত পৃথিৱীত দুটা বৃহৎ শক্তিৰ আৱিৰ্ভাৱ হৈছিলআমেৰিকা যুক্তৰাষ্ট্ৰ

আৰু ছোভিয়েট ইউনিয়ন। যদিও এই দুই শক্তিয়ে দ্বিতীয় মহাসমৰত একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিল, যুদ্ধৰ পিছত এই দেশ দুখনৰ মাজত তীব্ৰ মতভেদৰ সৃষ্টি হৈছিল। যাৰ ফলত শীতল যুদ্ধৰ আৰম্ভ হোৱা বুলি কব পাৰি।

২। পাৰস্পৰিক সন্দেহ আৰু অবিশ্বাসঃ ৰাছিয়া আৰু আমেৰিকাৰ মাজত পাৰস্পৰিক সন্দেহ আৰু অবিশ্বাসৰ ভাবেও শীতল যুদ্ধৰ উৎপত্তিৰ কাৰণ হিচাপে দেখা দিছিল।

৩। আদর্শগত পার্থক্যঃ আমেৰিকা আৰু ৰাছিয়াৰ মাজত আদৰ্শগত পার্থক্য আছিল। আমেৰিকাই পুঁজিবাদী আদর্শ গ্রহণ কৰাৰ বিপৰীতে ৰাছিয়া সাম্যবাদী আদৰ্শৰ প্ৰতি অনুৰক্ত আছিল। গতিকে এনে আদর্শগত পার্থক্যইয়ো শীতল যুদ্ধৰ সৃষ্টিত অৰিহনা যোগাইছিল।

৪। পূর্ব ইউৰোপত কমিউনিষ্ট আদর্শ সম্প্ৰসাৰণঃ পূর্ব ইউৰোপৰ কিছুমান দেশলৈ কমিউনিষ্ট আদর্শ সম্প্ৰসাৰিত হোৱা ঘটনাত আমেৰিকা উত্তেজিত তথা শংকিত হৈ সাম্যবাদৰ সম্প্ৰসাৰণক বাধা দিয়াৰ প্ৰচেষ্টা হাতত লৈছিল। আমেৰিকাৰ এনে কাৰ্যই ৰাছিয়াৰ লগত সংঘাত বৃদ্ধিত উদ্‌গনি যোগাইছিল।

৫। এটম বোমাৰ গোপনীয়তা : এটম বোমা সম্পৰ্কত আমেৰিকাই গ্ৰহণ কৰা গোপনীয়তায়ো শীতল যুদ্ধৰ সৃষ্টিত

অৰিহনা যোগাইছিল। দ্বিতীয় মহাসমৰত ৰাছিয়া আৰু আমেৰিকাই একেলগে যুদ্ধত অৱতীৰ্ণ হৈছিল যদিও জাপানত

এটম বোমা পেলোৱাৰ কথাটো আমেৰিকাই ৰাছিয়াৰ পৰা গোপনে ৰাখিছিল। ইয়াৰ ফলত আমেৰিকাৰ প্ৰতি ৰাছিয়াৰ সন্দেহ বাঢ়ি গৈছিল আৰু ৰাছিয়ায়ো সতৰ্কতা অৱলম্বন কৰিব লগা হৈছিল।

শীতল যুদ্ধৰ প্ৰভাৱ সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত আন্তঃৰাষ্ট্ৰীয় ৰাজনীতি সূচনা হোৱা শীতল যুদ্ধ সুদূৰপ্ৰসাৰী আছিল। ইয়াৰ প্ৰভাৱ তলত দিয়া দিশকেইটাৰ যোগেদি অনুধাৱন কৰিব পাৰি

১। শীতল যুদ্ধৰ ফলতেই NATO, SEATO, WARSAW PACT আদিৰ নিচিনা সামৰিক চুক্তি স্বাক্ষৰিত হৈছিল।

২। শীতল যুদ্ধৰ ফলতেই দুয়োটা শক্তিগোষ্ঠীৰ মাজত অস্ত্ৰ-শস্ত্ৰৰ প্ৰতিযোগিতা বৃদ্ধি পাইছিল।

৩। আদর্শবাদীসকলে কল্পনা কৰা বিশ্বৰাষ্ট্ৰৰ ধাৰণাটো শীতল যুদ্ধই অকাৰ্যকৰী কৰি তুলিছিল।

৪। গোষ্ঠীনিৰপেক্ষ আন্দোলনৰ জন্ম শীতল যুদ্ধৰ এক প্ৰভাৱ আছিল বুলি কব পাৰি।

৫। অর্থনৈতিক উন্নয়নতো শীতল যুদ্ধই নেতিবাচক প্ৰভাৱ পেলোৱা দেখা গৈছিল।

৮। শীতল যুদ্ধৰ অৱনতি (Decline) ৰ কাৰণসমূহ আলোচনা কৰা।

উত্তৰঃ দ্বিতীয় মহাযুদ্ধৰ পিছত সূচনা হোৱা শীতল যুদ্ধই বিভিন্ন সময়ত গুৰুতৰ ৰূপ ধাৰণ কৰিছিল যদিও পিছলৈ

ই শাম কটা পৰিলক্ষিত হয়। ইয়াৰ মূল কাৰণসমূহ আছিল

১। দুয়োটা শক্তিগোষ্ঠীয়েই ক্রমান্বয়ে বৈদেশিক নীতি গ্ৰহণৰ ক্ষেত্ৰত নমনীয় স্থিতি গ্ৰহণৰ ফলত শীতল যুদ্ধৰ অৱসান ঘটিছিল।

২। আণৱিক অস্ত্ৰ-শস্ত্ৰৰ ভয়াৱহতা সম্পর্কে দুয়োটা শক্তি গোষ্ঠীয়েই উপলব্ধি কৰিবলৈ ধৰাৰ ফলতো শীতল যুদ্ধৰ অৱনতি ঘটিছিল।

৩। কমিউনিষ্ট দেশসমূহৰ মাজত সৃষ্টি হোৱা মতভেদেও শীতল যুদ্ধৰ অৱসানত অৰিহনা যোগাইছিল।

৪। দুয়োটা শক্তিগোষ্ঠীৰ মাজত সৃষ্টি হোৱা বুজাবুজিয়েও শীতল যুদ্ধৰ প্ৰভাৱ নাইকিয়া কৰাত বৰঙনি যোগাইছিল।

৫। শীতল যুদ্ধৰ প্ৰভাৱ নাইকিয়া কৰাত বিশ্ব জনমতৰ ভূমিকাও কম নহয়। বিশ্ব জনমতৰ হেঁচাতেই দুয়োখন দেশেই নিৰস্ত্ৰীকৰণৰ ওপৰত গুৰুত্ব দিব লগা হৈছিল।

 এইদৰে বিভিন্ন কাৰণত ক্ৰমান্বয়ে শীতল যুদ্ধৰ অৱনতি ঘটিবলৈ ধৰিলে। ১৯৯১ চনত ছোভিয়েট ইউনিয়ন খণ্ড-বিখণ্ড হোৱাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ৰাজনীতিৰ পৰা শীতল যুদ্ধ একেবাৰে নিঃশেষ হৈ গৈছিল।

1 thought on “The Cold War Era | শীতল যুদ্ধৰ যুগ class 12”

Leave a Comment