শ্ৰীধৰ কন্দলি মহাপুৰুষ শংকৰদেৱৰ পাছক সময়ৰ কবি। এওঁৰ কাব্যত বৈষ্ণন ধৰ্মৰ প্ৰভাৱ সুস্পষ্ট। কন্দলীয়ে ‘কাণখোৱা’ আৰু ‘ঘুনুচা কীৰ্ত্তন’ নামৰ দুখন কাব্য ৰচনা কৰে। কাণখোৱা পুথিখন নিচুকনি গীতৰ আৰ্হিত ৰচনা কৰা। ইয়াত বিষ্ণুৰ অৱতাৰৰ লীলা মাহাত্ম্য সহজ সৰল আৰু প্ৰাঞ্জল—ভাষাত বৰ্ণনা কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ ঈশ্বৰত্ব আৰু মানৱ-শিশুত্বভাৱ কবিয়ে সুন্দৰভাৱে ফুটাই তুলিছে। পুথিখন দুটা অংশত ভাগ কৰিব পাৰি। প্ৰথম অংশত কাণখোৱাৰ কথা শুনি ভয়ত টোপনি যোৱা আৰু দ্বিতীয় অংশত ৰাতিপুৱা টোপনিৰপৰা মাকে জগাবলৈ যোৱাত তেওঁ অভিমানত মাকক নানা কথা কোৱা।