ৰথীন্দ্ৰনাথ গোস্বামী(Rothindra Nath Goswami) ৰ বিষয়ে চমুকৈ

বিজ্ঞান সাহিত্য, কল্প বিজ্ঞান, ভ্ৰমণ কাহিনী, শিশু সাহিত্যিকে আদি কৰি বিবিধ প্ৰবন্ধেৰে অসমীয়া সাহিত্যলৈ অৱদান যোগোৱা ৰথীন্দ্ৰনাথ গোস্বামীৰ জন্ম হয় যোৰহাটত। পিতৃ সাহিত্যাচাৰ্য যতীন্দ্ৰনাথ গোস্বামী, কঠন কলেজৰ পৰা ১৯৮৭ চনত ভূতত্ত্ব বিষয়ক প্ৰথম শ্ৰেণীৰ প্ৰথম স্থানেৰে স্নাতক ডিগ্ৰী লাভ কৰে। ১৯৯২ চনত অসম প্ৰশাসনিক সেৱাৰ বিষয়া হিচাপে যোগদান কৰে যদিও পৰৱৰ্তী কালত এই পদৰ পৰা ইস্তফা দি তেল আৰু প্ৰাকৃতিক গেছ নিগমৰ ভূতত্ত্ববিদ হিচাপে যোগদান কৰে।

গোস্বামীদেৱৰ উল্লেখযোগ্য গ্ৰন্থসমূহ হ’ল, শিশু সাহিত্যঃ ‘বিদেশীবন্ধুৰ দেশত’ কিংকিনীৰ বিদ্ৰোহ, ‘Kinkin’s story’, ‘হবী’, ‘বিজ্ঞানে আনিব জোৱাৰ’, ‘অংক জংক পংক’, ‘ৰথীন মামাৰ অংকৰ মজা’, ‘Unierse and solar family’; ভ্ৰমণ কাহিনীঃ ‘মহা সমুদ্ৰৰ সিপাৰে’, ‘সমুদ্ৰিকা’, ‘মুম্বাই-সাগৰ সীমনাত ৰৈ’, ‘হৃদয় শিখৰৰ প্ৰতিধ্বনি’, ‘ঈশ্বৰৰ উপত্যকাত’; চুটিগল্প সংকলনঃ ‘সংগ্ৰাম’।

‘মহাসমুদ্ৰৰ সিপাৰে’, গ্ৰন্থৰ বাবে গোস্বামীদেৱে হেমবৰুৱা সোঁৱৰণী বঁটা লাভ কৰে।

Leave a Comment