ড৹ কুলেন্দু পাঠক(Kulendu Pathak)ৰ বিষয়ে চমুকৈ

ড৹ কুলেন্দু পাঠকে স্কুলীয়া শিক্ষা জন্মস্থান নগৰবোৰ লাভ কৰিছিল। ১৯৬৫ চনত কঠন কলেজৰ পদাৰ্থ বিজ্ঞান বিভাগত অধ্যাপক হিচাপে যোগদান কৰে। নিউক্লিয় মৌলিক কণিকা বিজ্ঞান সম্পৰ্কীয় গৱেষণাৰ বাবে তেওঁ ইংলেণ্ডৰ বাৰ্মিংহাম বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ কৰে।

বিজ্ঞানৰ অগ্ৰগতি, বিজ্ঞান শিক্ষা, বিজ্ঞান আৰু সমাজ ইতিহাস, পাৰিবেশিক সমস্যা আদিৰ বিষয়ে ড৹ পাঠকে বিভিন্ন আলোচনীত বহুতো জনপ্ৰিয়, তথ্যপূৰ্ণ আৰু তত্ত্বগধূৰ প্ৰবন্ধ লিখিছে। পাঠ্যপুথিৰ উপৰি বিজ্ঞান বিষয়ক কেইবাখনো গ্ৰন্থ তেওঁ লিখিছে। অসম বিজ্ঞান সমিতিয়ে প্ৰকাশ কৰা তেওঁৰ ‘বিজ্ঞান আৰু সভ্যতা’ (প্ৰথম আৰু দ্বিতীয় খণ্ড), অসমীয়া বিজ্ঞান সাহিত্য আদি, উল্লেখযোগ্য গ্ৰন্থ।

ড৹ পাঠকে অসম চৰকাৰৰ অনুৰোধক্ৰমে অসম বিজ্ঞান, প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ মুৰব্বীও হৈছিল। কঠন কলেজৰ পদাৰ্থবিজ্ঞানৰ পদাৰ্থবিজ্ঞানৰ অধ্যাপক আৰু মুৰব্বী হিচাপে কাম কৰি তেওঁ অৱসৰ গ্ৰহণ কৰে। ২০০২ চনত তেওঁ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য্য হয় আৰু ২০০৭ চনত অৱসৰ লয়।

Leave a Comment