আব্দুল ছাত্তাৰৰ বিষয়ে চমুকৈ

আব্দুল ছাত্তাৰ(১৯২২-১৯৮৭) দেৱৰ তিতাবৰত জন্ম হৈছিল। চিন্তাগধূৰ লিখনিয়ে অসমীয়া সাহিত্য জগতত নিজকে প্ৰতিষ্ঠা কৰিছিল। ছাত্তাৰে লিখা কৃষ্ণকান্ত সন্দিকৈৰ জীৱনী, প্ৰসংগ কোষ, সংমিশ্ৰণত অসমীয়া সংস্কৃতি, দৃষ্টি আৰু সৃষ্টি, উদ্ধৃতি সহচৰ আদি প্ৰতিখন পুথিয়েই উন্নত মানসম্পন্ন। আফগানিস্থানলৈ শিক্ষকতা কৰিবলৈ গৈ সেই ঠাইৰ লগত পুৰণি কালৰপৰাই ভাৰতৰ যি সম্পৰ্ক, পৰস্পৰৰ মাজত থকা মৰম-স্নেহৰ কথা সুন্দৰকৈ বৰ্ণাই লিখিছিল। তেওঁ অসম সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক আছিল। ১৯৮৭ চনত এইজনা সাহিত্যকৰ অকাল মৃত্যুৱে অসমীয়া সাহিত্য জগতৰ অপূৰণীয় ক্ষতি সাধন কৰিলে।

বিভিন্ন ভাষা-গোষ্ঠীৰ, কলা-সংস্কৃতিৰ, ৰীতি-নীতি আদিৰ সংমিশ্ৰণত গঢ়ি উঠা অসমীয়া জাতিটো সাম্প্ৰতিক কালত ভাঙোনমুখী হৈ পৰিছে। একতাৰ এনাজৰীৰে সকলোকে বান্ধি ভাতৃত্ববোধ জাগ্ৰত কৰাত সহায় কৰাৰ বাবে বৰ্তমান সময়ত এই পাঠটোৰ প্ৰয়োজন আছে।

Leave a Comment