অসমৰ প্ৰথমগৰাকী Mechanical Engineer বন্দিতা ফুকনৰ জন্ম ১৯৪৮ চনত। অসম গেছ কোম্পানীত চাকৰি কৰে। পাছে দুবছৰকাল USA ত ও চাকৰি কৰিছিল।
ফুকনে শিশু উপন্যাস লিখিকা হিচাপে সাহিত্যিক জীৱন আৰম্ভ কৰে। ত্ৰিশখনতকৈয়ো অধিক শিশু উপন্যাস এতিয়ালৈকে প্ৰকাশ পাইছে। ‘জয়মতী’ ইংৰাজী ভাষাত ৰচিত তেখেতৰ এখন ধেমেলীয়া পুথি। উত্তৰ-পূৱ ভাৰতৰ তেখেত প্ৰথম গৰাকী কল্পবিজ্ঞান সাহিত্য লিখিকা। ফুকনে লিখা এলানি কল্পবিজ্ঞান সাহিত্যৰ এখন ভাষালৈ অনূদিত হোৱাৰ উপৰি কেইবাখনো ইংৰাজী যন্ত্ৰ-পাতি আৰু তাৰ আহিলা, গাড়ী বিষয়ক আদি পুথিও তেখেতে লিখিছিল।
অসম প্ৰকাশন পৰিষদৰপৰা তেখেতৰ ‘জুমি, ৰিমা আৰু সিহঁত’, নামৰ পুথিখনৰ বাবে বঁটা লাভ কৰাৰ উপৰিও অসম লিখিকা সন্থা আৰু ডিব্ৰুগড় জিলা সাহিত্য পৰিষদৰপৰা শিশু উপন্যাস দুখনৰ বাবে বঁটা লাভ কৰে। ২০১১ চনত তেখেতে শিশু সাহিত্যৰ বাবে ‘সাহিত্য অকাডেমী’ আৰু অসম চৰকাৰৰপৰা ‘সাহিত্য বঁটা’ লাভ কৰে।