হেম বৰুৱা(১৯১৫-১৯৭৭)ৰ জন্ম হয় তেজপুৰত। ১৯৩২ চনত তেজপুৰত চৰকাৰী হাইস্কুলৰপৰা প্ৰবেশিকা, ১৯৩৪ চনত কটন কলেজৰপৰা আই এ আৰু ১৯৩৬ চনত বি এ পাছ কৰি ১৯৩৮ চনত কলিকতা বিশ্ববিদ্যালয়ৰপৰা এম এ পাছ কৰে। ১৯৪০ চনত যোৰহাট কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা বৰুৱাদেৱে ১৯৪৪ চনত গুৱাহাটীৰ ভোলা বৰুৱা কলেজৰ অধ্যক্ষ হয়। সাম্প্ৰতিক কবিতাৰ পথ প্ৰদৰ্শক বৰুৱা দেৱৰ ৰচনাসমূহ হ’লঃ বালিচন্দা(কবিতা পুথি), আধুনি সাহিত্য, এই গাঁও এই গীত, মেকং নৈ দেখিলোঁ, ইজৰাইল, স্মৃতিৰ পাপৰি, সাগৰ দেখিছা, সানমিহলি, ৰঙা কৰবিৰ ফুল, কিউপিড় আৰু চাইকী, কন্নকী, The Red River and Blue Hill ইত্যাতি। ইয়াৰ উপৰিও তেওঁ জনতা আৰু পছোৱা কাকতৰ সম্পাদনা কৰিছিল। ১৯৭২ চনত ধুবুৰিত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ অধিৱেশনৰ তেওঁ সভাপতি আছিল।
FAQ
হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম
হেম বৰুৱাৰ দুখন কবিতা পুথিৰ নাম ‘বালিচন্দা’ (১৯৬২) আৰু ‘মন ময়ূৰী’ (১৯৬৭)।
হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম লিখা
হেম বৰুৱাই সম্পাদনা কৰা অসমীয়া আলোচনীখনৰ নাম পাচোৱা।
মেকং নৈ দেখিলো pdf
মেকং নৈ দেখিলো pdf ডাউনলোড