হৰেকৃষ্ণ ডেকাৰ বিষয়ে চমকৈ | Harekrishna Deka

হৰেকৃষ্ণ ডেকাৰ জন্ম ১৯৪৩ চনত। ল’ৰালি কাল তিনিচুকীয়াত কটায়। তাৰ পৰাই ১৯৫৯ চনত মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হৈ কটন কলেজত পঢ়িবলৈ লয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰপৰা ১৯৬৫ চনত ইংৰাজী বিষয়ত এম.এ. পাচ কৰে। গুৱাহাটীৰ কমাৰ্চ কলেজত অধ্যাপনাৰে চাকৰি জীৱন আৰম্ভ কৰা ডেকাদেৱে পাছত ভাৰতীয় প্ৰশাসনিক সেৱাত যোগদান কৰি আৰক্ষী সঞ্চালক হিচাপে অৱসৰ লয়।

হৰেকৃষ্ণ ডেকা “The Sentinel” কাকত আৰু “গৰিয়সী” আলোচনীৰো সম্পাদ আছিল। তেখেতে ‘ৰাতিৰ শোভাযাত্ৰা’, ‘আন এজন’, ’Sea-Scare’ আদি কবিতাৰ পুথি; ‘গল্প আৰু কল্প’, ‘মধুসূদনৰ দলং’, ‘মৃত্যুদণ্ড’ আদি গল্পৰ পুথি ৰচনা কৰিছিল। তেখেতৰ একমাত্ৰ উপন্যাস হ’ল ‘আগন্তুক’। ইয়াৰ বাহিৰেও তেখেতে কেইবাখনো পুথি অসমীয়া ভাষালৈ অনুবাদ কৰিছে।

তেখেতে ১৯৮৭ চনত সাহিত্য অ’কাডেমী বঁটা, ১৯৯৬ চনত ‘কথা বঁটা’ আৰু ২০১০ চনত ‘আসাম ভেলী লিটাৰেৰী বঁটা’ লাভ কৰে।

Leave a Comment