নীলমণি ফুকনৰ চমু পৰিচয়

নীলমণি ফুকন(১৮৮০-১৯৭৮)

নীলমণি ফুকন(Nilmoni Phukan)ৰ জন্ম ডিব্ৰুগড়ত। পিতৃ লম্বোদৰ ফুকন। ককাক ঘনশ্যাম খাৰঘৰীয়া ফুকনে কল্কি পুৰাণ অসমীয়ালৈ অনুবাদ কৰিছিল। স্কুলীয়া শিক্ষা ডিব্ৰুগড়ৰপৰাই সাং কৰি কোচবিহাৰ কলেজৰপৰা বি.এ. পৰীক্ষা পাছ কৰে। তেখেত ডিব্ৰুগড়ৰ পৰা প্ৰকাশিত ‘আলোচনী’, যোৰহাটৰ পৰা প্ৰকাশ পোৱা, ‘সাদিনীয়া বাতৰি’ কাকত আৰু ‘দৈনিক বাতৰি’ৰ সম্পাদক আছিল। ডিব্ৰুগড়ৰ জৰ্জস্কুলৰ শিক্ষকতাৰে চাকৰি জীৱন আৰম্ভ কৰে। তেখেত একাধাৰে, কবি, সাহিত্যিক আৰু সুবক্তা আছিল।

ফুকনে সাহিত্যক্ষেত্ৰত ভাটি বয়সহে নামে। তেখেত এজন বলিষ্ঠ গল্পলিখক, আৰু ৰহস্য-সন্ধানী কবি আছিল। ভাষাৰ ওজস্বিতা ফুকনৰ গদ্যৰ-বিশেষত্ব। ‘জ্যোতিকনা’, ‘মানসী’, ‘গুটিমালি’, সন্ধানী, ‘শতধাৰা’, আদি তেখেতৰ উল্লেখযোগ্য কবিতা পুথি আৰু গদ্যপুথি হ’ল ‘সাহিত্য-কলা’, ‘চিন্তামণি’। ‘সাহিত্যই জীৱনৰ অমিয়া’ নামৰ পাঠটি তেখেতৰ ‘সাহিত্য-কলা’ নামৰ পুথিখনৰপৰা তুলি দিয়া হৈছে। ইয়াৰ মাজেৰে লেখকে সৌন্দৰ্য পিপাসু দৃষ্টিৰে সাহিত্যক চাবলৈ চেষ্টা কৰা দেখা যায়।

Leave a Comment