দেৱকান্ত বৰুৱা | Debakanta Baruah

অসমীয়া ৰোমাণ্টিক যুগৰ অন্তিম স্তৰৰ শ্ৰেষ্ঠ কবি দেৱকান্ত বৰুৱাৰ জন্ম হয় ১৯১৪ চনত ডিব্ৰুগড়ত। তেওঁৰ পিতৃ নীলকান্ত বৰুৱা নগাঁৱৰ খৰঙি বৰুৱাৰ বংশৰ। দেৱকান্ত বৰুৱাই নগাঁও চৰকাৰী হাইস্কুলৰপৰা মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় ১৯৩১ চনত। তেওঁ কাশী বিশ্ববিদ্যালয়ৰপৰা বি.এ. আৰু এল. এল. বি. পৰীক্ষাত উত্তীৰ্ণ হয়। ১৯৩০ চনত আইন অমান্য আন্দোলনত যোগদান কৰি ছমাহ বৰুৱাই কাৰাবাস খাটে। পিছত ৰাজনীতিত প্ৰৱেশ কৰি তেওঁ লোকসভালৈ নিৰ্বাচিত হয়। ১৯৬২-৬৭ চনত অসমৰ শিক্ষামন্ত্ৰী হিচাপে তেওঁ কাৰ্যনিৰ্বাহ কৰে। লগতে ১৯৭০ চনত বিহাৰৰ ৰাজ্যপাল আৰু ১৯৭২ চনত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰে।

ৰাজনীতিবিদৰ উপৰি বৰুৱা এজন কবি আৰু ভাল সাংবাদিক আছিল। তেওঁৰ একমাত্ৰ কবিতা পুথি ‘সাগৰ দেখিছা’ ১৯৪৮ চনত প্ৰকাশিত হয়। তেওঁৰ সৰহভাগ কবিতা প্ৰেমমূলক। ইংৰাজ কবি ব্ৰাউনিংৰ দৰে নাটকীয়া ভঙ্গীত কবিতা লিখি তেওঁ অসমীয়া কবিতাৰ ৰচনা ৰীতিত যুগান্তৰ আনে।

‘মোৰ দেশ মানুহৰ দেশ’ কবিতাটোৰ মাজেদি কবিৰ স্বদেশ প্ৰেমৰ ভাব প্ৰকাশ পাইছে।

১৯৯৬ চনত এইগৰাকী কবিৰ মৃত্যু হয়।

Leave a Comment